ৱিকিমিডিয়া কমন্স
From Wikipedia, the free encyclopedia
ৱিকিমিডিয়া কমন্স বা ৱিকিকমন্স (ইংৰাজী: Wikimedia Commons বা চমুকৈ Commons) নামেৰেও পৰিচিত। কমন্স এটা চিত্ৰ, শব্দ বা সংগীত আৰু অন্যান্য মাল্টিমিডিয়া ফাইলৰ এটা উন্মুক্ত ভঁৰাল[1]। এইটো ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ৱিকিপিডিয়াৰ দৰেই আৰু এটা প্ৰকল্প, কিন্তু ই ৱিকিপিডিয়াৰ লগতে আনবোৰ সহযোগী প্ৰকল্প যেনে ৱিকি বুকছ, ৱিকি চৰ্ছ, ৱিকি নিউজ আদিৰ ৱিকিপ্ৰকল্পৰ অন্তৰ্গত সকলো ভাষাৰ সম্পদ ভঁৰাল হিচাপে কাম কৰে[2]।
ক্ষিপ্ৰ তথ্য ৱিকিমিডিয়া কমন্স Wikimedia Commons, ইউ আৰ এল ...
ৱিকিমিডিয়া কমন্স Wikimedia Commons | |
---|---|
soft2i | |
ইউ আৰ এল | commons.wikimedia.org |
বাণিজ্যক | No |
প্ৰকাৰ | Media repository |
পঞ্জীয়ন | ঐচ্ছিক (কিন্তু ফাইল আপলোড কৰিবৰ বাবে প্ৰয়োজনীয়) |
ভাষা | es-us |
বিষয়বস্তু অনুজ্ঞাপত্ৰ | মুক্ত |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা | ৱিকিমিডিয়া সম্প্ৰদায় |
মুকলি | ৭ ছেপ্তেম্বৰ, ২০০৪ |
এলেক্সা স্থান | 175 (September 2012[update]) |
বৰ্তমান স্থিতি | সক্ৰিয় |
বন্ধ কৰক
এই ভঁৰালত ২ কোটি ৭০ লাখতকৈও অধিক মিডিয়া ফাইল আছে।[3] ২০১৩ চনৰ জুলাইৰ তথ্য অনুসৰি কমন্সত সেই সময়লৈকে হোৱা সম্পাদনাৰ সংখ্যা ১০০,০০০,০০০।[4]