ৱিকি নিউজ
From Wikipedia, the free encyclopedia
ৱিকি নিউজ বা ৱিকি সংবাদ (ইংৰাজী: Wikinews) হৈছে ৱিকিৰ মুক্ত সংবাদৰ উৎস আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ভগ্নীপ্ৰকল্প। এই ছাইটটো সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলোৰ সহযোগত পৰিচালিত হয়। ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেলছ-এ ৱিকি নিউজ আৰু ৱিকিপিডিয়াৰ বিষয়ে কৈছে যে, "on Wikinews, each story is to be written as a news story as opposed to an encyclopedia article."[2] ৱিকি নিউজৰ নিৰপেক্ষ নীতিসমূহে ইয়াক অন্যান্য সংবাদ মাধ্যম সমূহৰ পৰা পৃথক কৰিছে[3]। ৱিকি নিউজত মূল সংবাদ আৰু সাক্ষাৎকাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। ই ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আন আন ভগ্নীপ্ৰকল্প সমূহৰ পৰা ৱিকি নিউজক পৃথক কৰিছে।[4] Thelwall et al.ৰ মতে, বিভিন্ন উল্লেখযোগ্য খবৰ পৰিৱেশন কৰি ৱিকি নিউজ সফল হৈছে। হাৰিকেন কাট্ৰিনা আৰু ভাৰ্জিনিয়া টেক শ্বুটিঙৰ দৰে সংবাদো ইয়াত যুগুত কৰা হৈছে।[5]
ক্ষিপ্ৰ তথ্য ৱিকি নিউজ, ইউ আৰ এল ...
ৱিকি নিউজ | |
---|---|
soft2i | |
ইউ আৰ এল | wikinews.org |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ৱিকি বাতৰি |
পঞ্জীয়ন | ঐচ্ছিক |
ভাষা | বহুভাষী es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা | ৱিকিপিডিয়া সমাজ |
অৱস্থান | Miami, ফ্ল'ৰিডা |
মুকলি | ৮ নৱেম্বৰ, ২০০৪ |
এলেক্সা স্থান | 56,458 (January 2019[update])[1] |
বন্ধ কৰক