From Wikipedia, the free encyclopedia
হীৰা (ইংৰাজী: Diamond) বা হীৰক হল এবিধ অতি মূল্যবান ৰত্ন। গহনা তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। বৰ্ণহীন এক ৰত্ন। ই বিশুদ্ধ উপাদান কাৰ্বনৰ পৰা সৃষ্টি হয়। প্ৰকৃততে হীৰা কাৰ্বনৰ এক বিশেষ ৰূপ মাত্ৰ। পৃথিৱীত প্ৰতি বছৰ প্ৰায় ২৬০০০ কে.জি. খনিজ হীৰা উত্তোলিত হয় যাৰ মূল্য প্ৰায় ৯ বিলিয়ন ডলাৰ। কথিত আছে, হীৰক সৰ্বপ্ৰথম ভাৰতবৰ্ষত মূল্যবান ৰত্ন হিচাপে খনিৰ পৰা উত্তোলন আৰু ব্যৱহাৰ কৰা আৰম্ভ হয়। হীৰা ভাৰতবৰ্ষৰ মানুহৰ বাবে কমপক্ষে ৩ৰ পৰা ৬ হাজাৰ বছৰ ধৰি পৰিচিত বুলি অনুমান কৰা হয়। মানুহৰ জ্ঞাত সকলো প্ৰাকৃতিক পদাৰ্থতকৈ হীৰা অনেক গুনে বেছি কঠিন আৰু ই অতি উচ্চতম তাপমাত্ৰাটো কাৰ্যক্ষম হৈ থাকে। হীৰাক আদৰ্শ হিচাপে লৈ তৈয়াৰ কৰা খনিজৰ কাঠিন্য মাপ কৰাৰ মোহ স্কেলৰ ১-১০ একক মতে হীৰাৰ কাঠিন্য হৈছে ১০। ভূ-অভ্যন্তৰৰ প্ৰায় ১৪০ৰ পৰা ১৯০ কি.মি. তলত পৃথিৱীৰ কেন্দ্ৰ আৰু পৃথিৱীৰ আৱৰণৰ মাজত প্ৰচণ্ড তাপ আৰু চাপৰ কাৰণে হীৰা গঠিন হবলৈ প্ৰায় ১ৰ পৰা ৩.৩ বিলিয়ন বছৰ সময় লাগে বুলি বৈজ্ঞানিকসকলে ধাৰণা কৰে। গৱেষকৰ মতে, সকলো হীৰা পৃথিৱীতেই তৈয়াৰী হোৱা নাই; পৃথিৱীত পৃথিৱীৰ বাহিৰত সৃষ্টি হোৱা অনেক হীৰা পোৱা গৈছে।
হীৰা | |
---|---|
চক্ৰাকাৰে কটা হীৰাৰ কেইটামান উজ্জ্বল খণ্ডিত অংশ | |
সাধাৰণ | |
শ্ৰেণী | বিশুদ্ধৰূপত প্ৰাপ্ত |
সংকেত (repeating unit) |
C |
স্ফটিক প্ৰণালী | পৃষ্ঠতল কেন্দ্ৰিক ঘনক |
চিনাক্তকৰণ | |
আণৱিক ভৰ | ১২.০১ গ্ৰাম/মোল |
Color | সাধাৰণত আদৰ্শ হীৰা হালধীয়া, বাদামী আৰু ধূসৰ বা বৰ্ণহীন হয়। তদুপৰি নীলা, সেউজীয়া, ক’লা, অৰ্ধ-স্বচ্ছ বগা, গুলপীয়া, বেঙুনীয়া, কমলা, ৰক্তাভ আৰু ৰঙা বৰ্ণৰ হীৰাও পোৱা যায়। |
স্ফটিক স্বভাৱ | অষ্টভুজাকাৰ |
বিভাজন | ১১১ |
মহ্ছ স্কেল কঠিনতা | ১০ (প্ৰকৃতিত প্ৰাপ্ত পদাৰ্থৰ ভিতৰত সকলোতকৈ বেছি) |
প্ৰৱণতা | বৰ্ণহীন |
Specific gravity | ৩.৫– ০.০১/+০.০১ |
ঘনত্ব | ৩.৫ - ৩.৫৩ গ্ৰাম/ঘন ছে.মি. |
Optical properties | এক প্ৰতিসৰী |
Refractive index | ২.৪১৮ (৫০০ নেনো-মিটাৰ) |
Dispersion | ০.০৪৪ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.