সমান্তৰাল চলচ্চিত্ৰ
From Wikipedia, the free encyclopedia
সমান্তৰাল চলচ্চিত্ৰ (ইংৰাজী: Parallel cinema) হৈছে ভাৰতীয় চলচ্চিত্ৰত আৰম্ভ হোৱা একপ্ৰকাৰৰ চলচ্চিত্ৰ বিপ্লৱ। ১৯৫০ চনত পশ্চিমবংগত আৰম্ভ হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰাটোক মূলঃসূঁতিৰ ব্যৱসায়িক ভাৰতীয় চলচ্চিত্ৰৰ এক বিকল্প বুলিও ক'ব পাৰি। ফৰাচী নৱ ঢৌ আৰু জাপানীজ নৱ ঢৌৰ ঠিক আগে আগে সৃষ্টি হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰণাটো মূলতঃ ইটালিয়ান নিঅ'ৰিয়েলিজ্মৰ পৰা অনুপ্ৰাণিত হৈছিল। সমান্তৰাল চলচ্চিত্ৰক ১৯৬০ চনত আৰম্ভ হোৱা ভাৰতীয় নৱ ঢৌৰ এক অগ্ৰদূত বুলিও কোৱা হয়। প্ৰথমে বঙালী চলচ্চিত্ৰৰে আৰম্ভ হোৱা এই ধাৰা পাছলৈ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ আৰু বাংলাদেশী চলচ্চিত্ৰ উদ্যোগলৈ বিয়পি পৰিছিল। সত্যজিৎ ৰায়, মৃণাল সেন, ঋত্বিক ঘটক, তপন সিংহা আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতাই এই সমান্তৰাল চলচ্চিত্ৰসমূহৰ গুৰি ধৰিছিল।
অতি গুৰুতৰ বিষয়বস্তু, বাস্তৱবাদ তথা স্বাভাৱিকতা আৰু কোনো এটা সময়ৰ আৰ্থসামাজিক, ৰাজনৈতিক পৰিৱৰ্তনৰ ওপৰত চকু দি প্ৰতীকি উপাদানেৰে এই চলচ্চিত্ৰসমূহ নিৰ্মাণ কৰা হয়। মূলঃসূঁতিৰ ভাৰতীয় চলচ্চিত্ৰত প্ৰচলিত নৃত্য-গীতৰ ধাৰণাটোও এই সমান্তৰাল চলচ্চিত্ৰসমূহত উলাই কৰা হয়।