মাধৱদেৱ
অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংগঠক, কবি, নাট্যকাৰ / From Wikipedia, the free encyclopedia
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল।[1] মাধৱদেৱৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আস্থা আছিল আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।[1]
ক্ষিপ্ৰ তথ্য মাধৱদেৱ, জন্ম ...
মাধৱদেৱ | |
---|---|
জন্ম | ১৪৮৯ চন নাৰায়ণপুৰ, লখিমপুৰ, অসম |
মৃত্যু | ১৫৯৬ চন কোচবিহাৰ |
অন্য নাম | বঢ়াৰ পো |
উল্লেখযোগ্য কৰ্ম | বৰগীত, ভক্তি ৰত্নাৱলী, নামঘোষা |
ধৰ্ম | মহাপুৰুষীয়া ধৰ্ম |
বন্ধ কৰক