শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড আছিল, বাংলাদেশৰ তেতিয়াৰ ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানক পৰিয়ালসহ কৰা হত্যাকাণ্ড। ১৯৭৫ চনত ১৫ আগষ্টৰ পুৱাতে বাংলাদেশ সেনাবাহিনীৰ এদল বিপথগামী সদস্যই সামৰিক অভ্যুত্থান সংগঠিত কৰে আৰু শেখ মুজিবুৰ ৰহমানক তেওঁৰ ধানমণ্ডি-৩২ ৰ বাসভৱনত হত্যা কৰে। তাৰ পিছত ১৫ আগষ্ট ১৯৭৫ পৰা ৬ নৱেম্বৰ ১৯৭৫ চনলৈকে খন্দকাৰ মোস্তাক আহমেদে অঘোষিতভাৱে বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।[1] শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ডৰ দ্বাৰা বাংলাদেশৰ অসামৰিক প্ৰশাসনকেন্দ্ৰিক ৰাজনীতিত প্ৰথমবাৰৰ বাবে সামৰিক ক্ষমতাৰ প্ৰত্যক্ষ হস্তক্ষেপ ঘটে।[2] এই হত্যাকাণ্ডটো বাংলাদেশৰ আদৰ্শৰ পট-পৰিৱৰ্তন হিচাপে বিবেচিত। লৰেন্স লিফশুলৎজে এই হত্যাকাণ্ডৰ সমাগ্ৰিক ঘটনাৱলীক মাৰ্কিন-পাকিস্তানপন্থী আৰু ভাৰত-ছোভিয়েতপন্থী দুই অক্ষশক্তিৰ কৰ্তৃত্ব প্ৰতিষ্ঠাৰ স্নায়ুযুদ্ধৰ সহিংস বহিৰ্প্ৰকাশ হিচাপে আখ্যায়িত কৰিছে।[3] বৰ্তমান ১৫ আগষ্টৰ দিনটো বাংলাদেশৰ ‘জাতীয় শোক দিৱস’ হিচাপে পালন কৰা হয়।[4]

পটভূমি

১৯৭০ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত শ্বেখ মুজিবৰ দল আৱামী লীগে (পূৰ্বতে আৱামী মুছলিম লীগ নামেৰে জনাজাত) পাকিস্তানী ৰাষ্ট্ৰীয় বিধানসভাৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰে। দলে ১৬২ খন সাধাৰণ আসনৰ ভিতৰত ১৬০ খন আৰু পূব পাকিস্তানৰ ৭ খন মহিলাৰ আসনৰ আটাইকেইখনতে তেওঁলোকে জয়লাভ কৰে,[5] যিবোৰ আসন পিছলৈ পশ্চিম পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত বাংলাদেশলৈ পৰিণত হয়। পাকিস্তানৰ সামৰিক চৰকাৰে ক্ষমতা হস্তান্তৰ কৰাত পলম কৰাৰ পাছতো মাৰ্চ মাহৰ ভিতৰত মুজিবৰ বাসগৃহ পূৱ পাকিস্তানৰ বাস্তৱিক চৰকাৰৰ মুৰব্বী হৈ পৰিছিল। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ আৰম্ভণিতে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰাৰ ঠিক পিছতেই ২৫ মাৰ্চৰ মাজনিশা পাকিস্তানী সৈন্যই তেওঁক গৃহবন্দী কৰি ৰাখে।[6][7][8] সেই বছৰৰ ১০ এপ্ৰিলত বাংলাদেশী বিদ্ৰোহীৰ অস্থায়ী চৰকাৰ, যাক জনপ্ৰিয়ভাৱে মুজিবনগৰ চৰকাৰ বুলি জনা যায়, মুজিবক বাংলাদেশী সশস্ত্ৰ বাহিনীৰ মুৰব্বী নেতা হিচাপে লৈ প্ৰতিষ্ঠা কৰা হয়।[9] ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানী বাহিনীৰ পৰাজয়ৰ পিছত ১৯৭১ চনৰ ২২ ডিচেম্বৰত পাকিস্তানত বন্দী শ্বেখ মুজিবুৰ ৰহমানক লণ্ডনৰ পৰা মুকলি কৰি দিয়া হয়, য’ৰ পৰা তেওঁ ভাৰতলৈ উৰা মাৰিছিল, আৰু তাৰ পিছত বাংলাদেশলৈ গৈছিল। বাংলাদেশে স্বাধীনতা লাভ কৰাৰ পিছৰ তিনি বছৰ তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে চৰকাৰৰ নেতৃত্ব দিছিল।[9]

বাঁওপন্থীৰ বিদ্ৰোহ

১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈকে বাওঁপন্থী বিদ্ৰোহক এই হত্যাকাণ্ডৰ কাৰণে হোৱা পৰিস্থিতিৰ সৃষ্টিৰ বাবে বহুলভাৱে দায়ী বুলি ধৰা হয়।[10][11][12] ১৯৭২ চনত বাংলাদেশ আৱামী লীগৰ ছাত্ৰ শাখা “বাংলাদেশ ছাত্ৰ লীগ’’ৰ বিভাজন হৈ “জাতীয় সমাজতান্ত্ৰিক দল’’(JSD) নামৰ এটা বাওঁপন্থী গোট প্ৰতিষ্ঠা কৰা হয়।[13] কৰ্ণেল আবু তাহেৰ আৰু ৰাজনীতিবিদ হাছানুল হক ইনুৰ নেতৃত্বত নিজৰ সশস্ত্ৰ শাখা সেনাবাহিনীৰ জৰিয়তে জেএছডিয়ে চৰকাৰৰ সমৰ্থক, আৱামী লীগৰ সদস্য আৰু আৰক্ষীৰ ওপৰত ৰাজনৈতিক হত্যাকাণ্ড আৰম্ভ কৰে।[14][15] তেওঁলোকৰ এই অভিযানে দেশৰ আইন-শৃংখলা বিভাজনত অৰিহণা যোগাইছিল[14] আৰু মুজিবুৰ হত্যাৰ পথ প্ৰশস্ত কৰিছিল।[16] পিছত হাছানুল হুক ইনুৱে শ্বেখ হাছিনাৰ দ্বিতীয় আৰু তৃতীয় মন্ত্ৰীসভাৰ অধীনত তথ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।

ষড়যন্ত্ৰকাৰীসকল

মেজৰ চৈয়দ ফাৰুক ৰহমান; খাণ্ডাকেৰ আব্দুৰ ৰছিদ; শ্বৰিফুল হক ডালিম; মহিউদ্দিন আহমেদ; আৰু ৰাছেদ চৌধুৰীৰ লগতে এ.কে.এম. মহিউদ্দিন আহমেদ, বাজলুল হুদা, আৰু এছ.এইচ.এম.বি নূৰ চৌধুৰী(বাংলাদেশৰ সেনাবাহিনীৰ তিনিজন মেজৰ) আদিয়ে চৰকাৰখন ওফোৰাই নিজাকৈ সামৰিক চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰিছিল। তেওঁলোকে পূৰ্বে বিৰোধী বাংলাদেশ কৃষক শ্ৰমিক আৱামী লীগৰ অংশ আছিল আৰু চৰকাৰক ভাৰতৰ অত্যধিক নিৰ্ভৰশীল আৰু বাংলাদেশৰ সামৰিক বাহিনীৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰিছিল।[17] এন্থনী মাস্কাৰেনহাছৰ মতে, ফাৰুকে মেজৰ জিয়াউৰ ৰহমানক পৰোক্ষভাৱে এই পৰিকল্পনাত অংশগ্ৰহণৰ প্ৰস্তাৱ দিছিল আৰু তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও জিয়াই চতুৰতাৰে বিষয়টো এৰাই চলিছিল। ফাৰুকৰ মতে, জিয়াৰ এই ইংগিতৰ অৰ্থ আছিল: “মই এজন জ্যেষ্ঠ বিষয়া। মই এনে কামত জড়িত হ'ব নোৱাৰোঁ। যদি আপোনালোক কনিষ্ঠ বিষয়াসকলে কৰিব বিচাৰে তেন্তে আগবাঢ়ি যাওক। ’’[18][19] অৱশ্যে হত্যাকাৰী লেফটেনেণ্ট কৰ্ণেল খাণ্ডেকৰ আব্দুৰ ৰছিদৰ পত্নী আৰু অভিযুক্ত জোবাইদা ৰছিদে তেওঁৰ জবানবন্দীত কয় যে,"সেনাৰ বাহিৰেও ৰক্ষী বাহিনী গঠন কৰি অধিক সা-সুবিধা প্ৰদান কৰাৰ বাবে সেনা বিষয়াসকলৰ মাজত সমালোচিত হৈছিল।" এইবোৰ কথা ফাৰুকৰ পৰা শুনিছোঁ। মেজৰ ফাৰুক সৰুৰে পৰা জেনেৰেল জিয়াৰ সৈতে যোগাযোগত আছে। তেওঁ আছিল জিয়াৰ আগৰেই চিনাকি। এদিন ৰাতি মেজৰ ফাৰুক জিয়াৰ ঘৰৰ পৰা উভতি আহি মোৰ স্বামীক ক’লে যে, চৰকাৰ সলনি হ’লে জিয়াই ৰাষ্ট্ৰপতি হ’ব বিচাৰে। জিয়াই কয়, "মোৰ ওচৰলৈ অহাটো মোৰ সফলতা। যদি ব্যৰ্থ হোৱা তেন্তে মোক জড়িত নকৰিবা। শ্বেখ মুজিবুৰক জীয়াই ৰাখি চৰকাৰ সলনি কৰাটো সম্ভৱ নহয়।" [20] মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম খলিলুৰ ৰহমানে (তেতিয়াৰ বিডিআৰৰ সঞ্চালক) সাক্ষ্য দিছিল, "জেনেৰেল জিয়াৰ সংখ্যাৰ ভিত্তিত জেনেৰেল ছাফিউল্লাক ছিনিয়ৰ হোৱাৰ পিছতো সেনা প্ৰধান হিচাপে নিযুক্তি নোপোৱাৰ বাবে কিছুমান সেনা বিষয়া বিভাজিত হৈ পৰিল।" শুনিছোঁ যে, জেনেৰেল জিয়াই সেনাবাহিনীৰ পৰা অৱসৰ ল’ব আৰু তেওঁক ৰাষ্ট্ৰদূত হিচাপে বিদেশলৈ পঠিওৱা হ’ব।” কেবিনেটৰ শপত খোৱাৰ পিছত এটা সময়ত মেজৰ ৰছিদে মোক তেওঁৰ পত্নীৰ লগত চিনাকি কৰাই দিলে। মই মেজৰ ৰছিদক অলপ গৌৰৱান্বিত যেন দেখিলোঁ, তেওঁ ক’লে "তেওঁ মোৰ পত্নী। আমি যি কৰিছোঁ তাৰ মাষ্টাৰমাইণ্ড মোৰ পত্নী।" [20] হত্যাকাৰীসকলে বিফলতাৰ সম্ভাৱ্য কাৰণসমূহ বিবেচনা কৰিলে আৰু মুজিবুৰ হত্যাৰ পিছত আহিবলগীয়া সময়ৰ বাবে তেওঁলোকে মুজিবুৰৰ আৱামী লীগৰ এজন শুভাকাংক্ষী আৰু ইচ্ছা কৰিলে সময়মতে আঁতৰাই পেলাব পৰা ব্যক্তিক ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়, যাতে সম্ভাৱ্য ভাৰতীয় হস্তক্ষেপ, আৱামী লীগৰ প্ৰতিশোধমূলক সশস্ত্ৰ বিৰোধিতা, আৱামী লীগ বিৰোধীৰ সম্ভাৱ্য স্বেচ্ছাচাৰীতা বৃদ্ধি পোৱা আৰু পৰিস্থিতি সাময়িকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায়। কিছু সময়ৰ অনুসন্ধানৰ অন্তত মুজিবৰ চৰকাৰৰ আৱামী লীগৰ কেবিনেট মন্ত্ৰী খাণ্ডাকাৰ মোস্তাক আহমেদে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সন্মত হয়। সাংবাদিক লৰেন্স লিফশ্বাল্টজে অৱশ্যে এই ষড়যন্ত্ৰৰ এখন বিকল্প ছবি অংকন কৰিছে, য’ত মোস্তাক আৰু আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা (চিআইএ) জড়িত হৈ আছে। তেওঁ দাবী কৰিছিল যে "ঢাকাৰ চিআইএ ষ্টেচনৰ মুৰব্বী ফিলিপ চেৰী জাতীয় পিতৃ—বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক হত্যা কৰাত সক্ৰিয়ভাৱে জড়িত আছিল।" তেওঁৰ দাবীসমূহ অৱশ্যে এজন বেনামী ব্যৱসায়ীৰ সাক্ষ্যৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল আছিল।[21][22][23] অভিযোগ কৰা হৈছে যে, সেনাবাহিনীৰ মুৰব্বী মেজৰ জেনেৰেল কাজী মহম্মদ শ্বাফিউল্লাহ আৰু বাহিনী সঞ্চালকালয়ৰ চোৰাংচোৱা সঞ্চালক এয়াৰ ভাইচ মাৰ্শ্বাল আমিনুল ইছলাম খানে এই ষড়যন্ত্ৰৰ বিষয়ে অৱগত আছিল।[24] মেজৰ ফাৰুকে এন্থনী মাস্কাৰেনহাছক জনায় যে, তেওঁ চট্টগ্ৰামৰ এজন অন্ধ সন্ত আন্ধা হাফিজৰ নিৰ্দেশনা অনুসৰণ কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু তেওঁৰ পত্নী ফাৰিদাই তেওঁক সন্তজনৰ সৈতে যোগাযোগ কৰাত সহায় কৰিছিল। পীৰ উপাধিৰ এই সাধুজনে তেওঁক ইছলামৰ স্বাৰ্থত হত্যা কৰিবলৈ কৈছিল, ব্যক্তিগত স্বাৰ্থ পৰিত্যাগ কৰি সঠিক সময়ত হত্যাকাণ্ড সম্পন্ন কৰিবলৈ পৰামৰ্শ দিছিল।[18][25] কিন্তু পিছত আন্ধা হাফিজে সাপ্তাহিক বিচিন্তাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই দাবী অস্বীকাৰ কৰে।[26]

ঘটনা-প্ৰবাহ

১৯৭৫ চনৰ ১৫ আগষ্ট পুৱতিনিশাত ষৰযন্ত্ৰকাৰিহতে চাৰিটা ভাগত বিভক্ত হয়। সিহঁতৰ এদল আছিল মেজৰ হুদাৰ অধীনত বেঙ্গল লেন্সাৰেৰ ফাৰ্ষ্ট আৰ্মড ডিভিশন আৰু ৫৩৫ পদাতিক ডিভিশনৰ সদস্য যিহতে মুজিবুৰৰ বাসভৱনত আক্ৰমণ কৰে। বাংলাদেশৰ মুক্তিযুদ্ধৰ সময় আৰু ১৯৪৭ লৈকে ঢাকাত অবস্থানৰত আনন্দবাজাৰ পত্ৰিকাৰ সাংবাদিক সুখৰঞ্জন দাশগুপ্ত তাইৰ "মিডনাইট ম্যাসাকাৰ ইন ঢাকা" কিতাপখনত লিখে যে, মুজিব হত্যাকাণ্ডৰ প্ৰকৃত বৰ্ণনা সদায় ৰহস্যৰ আড়ালত থাকিব। সি আৰু লিখে যে মুজিবুৰ বাসভৱনত ৰক্ষাত নিয়োজিত আৰ্মি প্লাটুন সেনাবাহিনীক প্ৰতিৰোধ কৰাৰ বাবে একো প্ৰচেষ্টা কৰা নাছিল। মজিবুৰৰ পুতেক, শেখ কামালক বাসভৱনৰ নিচতলত গুলি কৰা হয়। মুজিবক পদত্যাগ কৰিবলৈ চিন্তা কৰিবলৈ কয় আক্ৰাান্তকাৰিহতে। আৰু তেতিয়া মুজিব চৰকাৰ বাহিনীৰ প্ৰধান, কাৰ্নেল জামিলক টেলিফোন কৰি সহায় বিচাৰে। জামিল ঘটনাস্থলত আহি তাত থকা সৈন্যবিলাকক সেনানিবাসত যাবলে নিৰ্দেশ দিয়াত সৈন্যদলে তাতে অজামিল আৰু মুজিবুৰক একেলগে গুলি কৰি হত্যা কৰে।

হত্যাকাণ্ডত মুজিবুৰৰ স্ত্ৰী শেখ ফজিলাতুন্নেছা মুজিব, মুজিবুৰৰ সৰু ভাই শেখ নাসেৰ, দুইজন চাকৰ, শেখ জামাল, শেখ ৰাসেল আৰু মুজিবুৰৰ দুই পুত্ৰক হত্যা কৰা হয়। সেই সময়ত শেখ হাছিনা আৰু শেখ ৰেহানা পশ্চিম জাৰ্মানিত আছিল। পিছত সিহঁতে ভাৰত চৰকাৰৰ ওচৰত আশ্ৰয় বিচাৰি ভাৰতত গুচি আহে।

দুটা সৈনিক দল মুজিবুৰৰ ভাগিন আৰু আৱামী লীগৰ প্ৰভাৱশালী নেতা শেখ নজৰুল হকক তাঁৰ অন্তঃসত্ত্বা স্ত্ৰীৰ লগত ১৩/১, ধানমণ্ডি আৰু মুজিবুৰৰ ভগ্নিপতি আৰু চৰকাৰৰ এজন মন্ত্ৰী আব্দুল ৰব সেৰনিয়াবিতক তাৰ পৰিবাৰৰ ১৩জন সদস্য লগত মিণ্টু ৰোডত হত্যা কৰে। আৱামী লগৰ চাৰিজন প্ৰতিষ্ঠাতা সদস্য, বাংলাদেশৰ প্ৰথম প্ৰধান মন্ত্ৰী তাজউদ্দীন আহমেদ, মনসুৰ আলি, সৈয়দ নজৰুল ইসলাম আৰু আহম কামৰুজ্জামানক আটক কৰা হয়। সিহঁতক তিনি মাহ পিছত ১৯৭৫ চনৰ ৩ নভেম্বৰ তাৰিখত ঢাকা কেন্দ্ৰীয় কাৰাগাৰত হত্যা কৰা হয়। বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমান আৰু তাৰ পৰিবাৰবৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ আইনী ব্যৱস্থাৰ পৰা ৰেহাই দিবলৈ বাংলাদেশত ইনডেমনিটি অধ্যাদেশ আইন প্ৰনয়ন কৰা হৈছিল। ১৯৭৫ চনৰ ২৬ চেপ্তেম্বৰ তাৰিখত তৎকালীন ৰাষ্ট্ৰপতি খন্দকাৰ মোশতাক আহমেদ ইনডেমনিটি অধ্যাদেশ জাৰি কৰে।

হত্যাকাণ্ড বিচাৰ

বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ হত্যাৰ ২১ বছৰ পিছত ১৯৬৬ চনৰ ১২ নভেম্বৰ ইনডেমনিটি আইন বাতিল কৰি আৱামী লীগ চৰকাৰ আৰু ১৯৬৬ চনৰ ২অক্টোবৰত ধানমণ্ডি থানাত বঙ্গবন্ধুৰ ব্যক্তিগত সহকাৰী আফম মহিতুল ইসলাম বঙ্গবন্ধুৰ হত্যাকাণ্ডৰ বাবে মামলা কৰে। ২০০১ চনৰ ৩০ এপ্ৰিল তাৰিখে তৃতীয় বিচাৰক মোহম্মদ ফোজলুল কৰিম ২৫ দিন শুনানিৰ পাছত ২১ জনক মৃত্যুদণ্ডাদেশ নিশ্চিত কৰে। ১৯৯৮ চনৰ ৮ নভেম্বৰৰ পৰা ২০০৯ চনৰ ২৪আগষ্ট লৈকে বাদী বিবাদীৰ আপিলৰ প্ৰেক্ষিতত চাৰি দফাত ৰায় প্ৰকাশ হয়। সৰ্বশেষ আপিল বিভাগে ২০০৯ চনৰ ৫ অক্টোবৰত পৰা একচেটিয়া ২৯ দিন শুনানি হোৱাৰ পিছত ১৯ নভেম্বৰত চূড়ান্ত ৰায় ঘোষিত হয়। এই ৰায়ৰ মাধ্যমে দীৰ্ঘ ১৩ বছৰ ধৰি চলা বঙ্গবন্ধুৰ হত্যাকাণ্ডৰ আইনী আৰু বিচাৰিক কাৰ্য শেষ হয়।

ৰায় কাৰ্যকৰ

২০১০ চনৰ ২৮ জানুৱাৰী মাহত বঙ্গবন্ধুৰ ৫জন খুনিৰ ফাঁচী হয়। সিহঁতে হল- কৰ্নেল সুলতান শাহৰিয়াৰ ৰছিদ খান, মেজৰ বজলুক হুদা, শেখ কৰ্নেল মহিউদ্দিন আহমেদ আৰু লে কৰ্নেল এ.কে.এম মহিউদ্দিন আহমেদ। ইয়াৰ উপৰিও ১২ জনৰ মাজত ৬জন বিদেশত পলাই গৈছে। সিহঁতৰ আটাইবিলাক হল-খন্দকাৰ আব্দুল ৰশিদ, লে কৰ্নেল শৰিফুল হক ডালিম, লে কৰ্নেল এ.এম ৰাশেদ চৌধুৰী, ৰিসালদাৰ মোসলেস উদ্দিন, লে কৰ্নেল এস.এইচ নূৰ চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্নেল আব্দুল মাজেদ।

তথ্য সূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.