From Wikipedia, the free encyclopedia
লোকাচাৰ (ইংৰাজী: Ritual) হৈছে অনুমান, শব্দ, কাৰ্য্য অথবা পূজনীয় বস্তুৰ সৈতে জড়িত কিছুমান কাৰ্য্যকলাপৰ শৃংখল।[1][2] ধৰ্মীয় সম্প্ৰদায়কে ধৰি কোনো সম্প্ৰদায়ৰ পৰম্পৰাৰ দ্বাৰা লোকাচাৰ নিৰ্ধাৰণ কৰা হয়। লোকাচাৰৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই যদিও আনুষ্ঠানিকতাবাদ, পৰম্পৰাবাদ, অপৰিৱৰ্তনশীলতা, শাসন-শাসন, পবিত্ৰ প্ৰতীকবাদ আৰু পৰিৱেশনৰ যোগেদি লোকাচাৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰা হয়।[3]
পৃথিৱীৰ সকলো জ্ঞাত মানৱ সমাজৰ এটা বৈশিষ্ট্য হৈছে লোকাচাৰ।[4] লোকাচাৰৰ ভিতৰত কেৱল সংগঠিত ধৰ্ম আৰু ইষ্টদেৱতাৰ পূজা-অৰ্চনাই নহয়, সমাজত প্ৰচলিত বিভিন্ন আচাৰ-অনুষ্ঠান, প্ৰায়শ্চিত্ত আৰু শুদ্ধিকৰণ, উৎসৰ্গা অনুষ্ঠান, ৰাজ অভিষেক, বিবাহ, অন্ত্যেষ্টিক্ৰিয়া আদিও অন্তৰ্ভুক্ত। আনকি কৰমৰ্দন কৰা, হাতযোৰ কৰি “নমস্কাৰ” দিয়াৰ দৰে সাধাৰণ কাৰ্য্যকো লোকাচাৰ বুলি ক'ব পাৰি।
মনোবিজ্ঞানত কেতিয়াবা কোনো ব্যক্তিয়ে উদ্বেগ নিষ্ক্ৰিয় বা প্ৰতিৰোধ কৰিবলৈ পদ্ধতিগতভাৱে ব্যৱহাৰ কৰা পুনৰাবৃত্তিমূলক আচৰণৰ বাবে কাৰিকৰী অৰ্থত লোকাচাৰ শব্দটো ব্যৱহাৰ কৰা হয়
লোকাচাৰৰ ইংৰাজী প্ৰতিশব্দ “ritual”। ইংৰাজী শব্দ “ritual” লেটিন “ritualis” শব্দৰ পৰা উদ্ভৱ হৈছে, ইয়াৰ অৰ্থ হৈছে “যি আচাৰৰ সৈতে সম্পৰ্কিত”।[5] ৰোমান আইনগত আৰু ধৰ্মীয় ব্যৱহাৰ মতে, ritus আছিল কোনো কাম কৰাৰ প্ৰমাণিত উপায় (mos), বা “সঠিক কৰ্মক্ষমতা, প্ৰথা”।[6] “Ritus”ৰ মূল ধাৰণাটি বৈদিক ধৰ্ম সংস্কৃত ṛtá (“দৃশ্যমান আদেশ”)ৰ সৈতে সম্পৰ্কিত হ’ব পাৰে, যাৰ অৰ্থ হৈছে “স্বাভাবিকভাবে বৈধ আৰু নিয়মিত ক্ৰম, আৰু তাৰ মহাজাগতিক, জাগতিক, মানৱ আৰু আচাৰ অনুষ্ঠানৰ সঠিক, প্ৰাকৃতিক আৰু সত্য কাঠামো”।[7] "লোকাচাৰ" শব্দটি প্ৰথম ১৫৭০ চনত ইংৰাজীত লিপিবদ্ধ হৈছিল আৰু ১৬০০ দশকত “ধৰ্মীয় সেৱা প্ৰদানৰ নিৰ্ধাৰিত আদেশ” বা বিশেষকৈ এই বিধানসমূহ লিপিবদ্ধ কৰা কিতাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল।[8]
লোকাচাৰৰ অন্তৰ্গত কাম-কাজৰ কোনো সীমা নাই। অতীত আৰু বৰ্তমানৰ সমাজৰ বিভিন্ন লোকাচাৰসমূহৰ ভিতৰত সাধাৰণতে বিশেষ অঙ্গিভঙ্গি আৰু শব্দ, নিৰ্দিষ্ট গ্ৰন্থৰ আবৃত্তি, বিশেষ সংগীত, গীত বা নৃত্য, শোভাযাত্ৰা, বিশেষ সাজপাৰৰ ব্যৱহাৰ, বিশেষ খাদ্য, পানীয় বা ঔষধ সেৱন ইত্যাদি বিভিন্ন বিষয় লোকাচাৰৰ অন্তৰ্ভুক্ত।[9][10][11]
কেথেৰিন বেলৰ যুক্তিমতে আনুষ্ঠানিকতা, পৰম্পৰাবাদ, বিবাহ, শাসন, পবিত্ৰ প্ৰতীক আৰু পৰিৱেশন লোকাচাৰৰ বৈশিষ্ট্য হ'ব পাৰে।[12]
লোকাচাৰে সীমিত আৰু কঠিনভাৱে সংগঠিত অভিব্যক্তিৰ গোট ব্যৱহাৰ কৰে যাক নৃতত্ত্ববিদসকলে “সংৰক্ষিত নিয়ম” বুলি কয়। মৰিছ ব্লচে যুক্তি আগবঢ়ায় যে অনুষ্ঠানে অংশগ্ৰহণকাৰীসকলক স্বৰধ্বনি, বাক্য গঠন, শব্দভাণ্ডাৰ, উচ্চস্বৰ আৰু ক্ৰমৰ স্থিৰতাত সীমিত আনুষ্ঠানিক বক্তৃতা শৈলী ব্যৱহাৰ কৰিবলৈ বাধ্য কৰে। এই শৈলী গ্ৰহণ কৰাৰ ফলত লোকাচাৰৰ নেতাসকলৰ বক্তব্য বিষয়বস্তুতকৈ অধিক শৈলীগত হৈ পৰে। যিহেতু এই আনুষ্ঠানিক বক্তব্যই ক'ব পৰা কথাখিনি সীমিত কৰি ৰাখে, সেয়েহে ই “যিকোনো প্ৰকাশ্য প্ৰত্যাহ্বানৰ ক্ষেত্ৰত গ্ৰহণযোগ্যতা, অনুসৰণ বা অন্ততঃ সহনশীলতা”ক প্ৰাধান্য দিয়ে। ব্লচে যুক্তি আগবঢ়ায় যে এই ধৰণৰ লোকাচাৰৰ যোগাযোগে বিদ্ৰোহক অসম্ভৱ কৰি তোলে আৰু বিপ্লৱক একমাত্ৰ সম্ভৱপৰ বিকল্প কৰি তোলে। লোকাচাৰে সামাজিক স্তৰ আৰু কৰ্তৃত্বৰ পৰম্পৰাগত ৰূপক সমৰ্থন কৰে, আৰু প্ৰত্যাহ্বানৰ পৰা কৰ্তৃত্বৰ ভিত্তিত যিবোৰ ধাৰণা আছে সেইবোৰ বজাই ৰাখে।[13]
লোকাচাৰে পৰম্পৰাক ধৰি ৰাখিবলৈ যত্ন কৰে আৰু সাধাৰণতে ঐতিহাসিক দৃষ্টান্ত, ধৰ্মীয় ৰীতি-নীতি বা অনুষ্ঠানৰ সঠিক পুনৰাবৃত্তি অব্যাহত থকাত গুৰুত্ব দিয়ে। পৰম্পৰাবাদ যিহেতু আনুষ্ঠানিক নহ’বও পাৰে সেয়ে আনুষ্ঠানিকতাবাদৰ পৰা পৃথক যদিও ই ঐতিহাসিক ধাৰা ব্যাহত হ’বলৈ নিদিয়ে। উদাহৰণ স্বৰূপে আমেৰিকাৰ “থেংকচগিভিং ডিনাৰ”, যিটো হয়তো আনুষ্ঠানিক নহ’বও পাৰে, তথাপিও আমেৰিকাৰ আৰম্ভণিৰ পিউৰিটান বসতিৰ কোনো এটা পৰিঘটনাৰ ওপৰত আধাৰিত বুলি ক’ব পাৰি। ইতিহাসবিদ এৰিক হবছবাম আৰু টেৰেন্স ৰেঞ্জাৰৰ মতে বহু লোকাচাৰক “উদ্ভাৱনী পৰম্পৰা” বুলিব পাৰি, যেনে ব্ৰিটিছ ৰাজতন্ত্ৰৰ কিছুমান লোকাচাৰে “হাজাৰ বছৰীয়া পৰম্পৰা”ক অনুসৰণ কৰে যিবোৰ প্ৰকৃততে মধ্যযুগীয় পৰম্পৰা আছিল আৰু মাজতে বন্ধ কৰি দিয়া হৈছিল কিন্তু এইবোৰৰ প্ৰকৃত ৰূপৰ উৎপত্তি ঊনবিংশ শতিকাৰ শেষৰ ফালে নাইবা ইয়াৰ কিছু আগতেই পুনৰ সজীৱ হৈ উঠিছিল। গতিকে লোকাচাৰে সঠিক ঐতিহাসিক ধাৰাবাহিকতাতকৈ ইতিহাসৰ প্ৰতি থকা আবেদনকহে অধিক গুৰুত্ব প্ৰদান কৰে।[15]
ইতিহাসবিদ কেথেৰিন বেলৰ মতে লোকাচাৰসমূহ অপৰিৱৰ্তনীয়। লোকাচাৰক কালজয়ী পুনৰাবৃত্তিৰ চেষ্টা বুলি কোৱাতকৈ সুক্ষ্ম পৰম্পৰাবাদ বুলিব পাৰি। শাৰীৰিক অনুশাসন, যেনে মঠ-মন্দিৰৰ প্ৰাৰ্থনা আৰু ধ্যান-ধাৰণাৰ উদ্দেশ্য স্বভাৱ আৰু মনোভাৱক গঢ় দিয়া আদি হৈছে অপৰিৱৰ্তনশীলতাৰ মূল চাবিকাঠি। এই শাৰীৰিক অনুশাসন সঘনাই সামাজিক গোটৰ দ্বাৰা একেলগে, সঘনাই কৰা হয়।[16]
লোকাচাৰসমূহ কিছু পৰিমাণে আনুষ্ঠানিকতাৰ দৰেই নিয়মৰ দ্বাৰা পৰিচালিত হোৱাৰ প্ৰৱণতা থাকে। এই নীতিসমূহে আচৰণৰ বিশৃংখলতাৰ ওপৰত সীমাবদ্ধতা জাপি দিয়ে, ই গ্ৰহণযোগ্যতাৰ বাহ্যিক সীমা নিৰ্ধাৰণ কৰে নাইবা প্ৰতিটো পদক্ষেপৰ পৰিচালনা কৰে। লোকাচাৰে সমাজৰ ব্যক্তিসকলক সাম্প্ৰদায়িকভাৱে অনুমোদিত ৰীতি-নীতিৰ অধীনত বান্ধি ৰাখে। ঐতিহাসিকভাৱে বেছিভাগ সমাজতে যুদ্ধ কৰাটো কিছুমান লোকাচাৰৰ দ্বাৰা বাধা আৰোপ কৰা হয় ফলস্বৰূপে যুদ্ধ চলোৱাৰ বৈধ উপায় সীমিত হৈ পৰে।[17]
অলৌকিক সত্তাক উপাসনা কৰা কাৰ্য্যকলাপক পৰোক্ষ যদিও সহজেই লোকাচাৰ বুলি গণ্য কৰা হয়। উদাহৰণস্বৰূপে যিদৰে ৰাষ্ট্ৰীয় পতাকাক কোনো দেশক প্ৰতিনিধিত্ব কৰা প্ৰতীকতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। পতাকাখনক দেশৰ স্বাধীনতা, গণতন্ত্ৰ অথবা জাতীয় শ্ৰেষ্ঠত্বৰ দৰে বৃহৎ প্ৰতীক হিচাপেও গণ্য কৰা হয়।[18]
লোকাচাৰৰ পৰিবেশনে অংশগ্ৰহণকাৰীৰ অভিজ্ঞতা আৰু জ্ঞানভিত্তিক কাৰ্য্যকলাপ, প্ৰতীক আৰু পৰিঘটনাৰ চাৰিওফালে এক নাটকীয় পৰিকাঠামো গঠন কৰে, আৰু জীৱনৰ বিশৃংখলতাক সৰল কৰিব পৰা সুসংহত ব্যৱস্থা জাপি দিয়ে।[19]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.