বহু জীৱপ্ৰজাতিবোৰৰ মাজত পুং আৰু স্ত্ৰী নামৰ দুটা প্ৰকাৰ থাকে, ইয়াকেই লিংগ (ইংৰাজী: sex) বোলে।[1] যৌন প্ৰজননৰ ফলত জিনীয় লক্ষণসমূহৰ মিশ্ৰণ আৰু যোজন হয়: অপত্য সৃষ্টি কৰিবৰ বাবে বিশেষভাৱে বিভাজিত জননকোষে পিতৃ-মাতৃৰ জিনীয় লক্ষণবোৰ অপত্যলৈ পৰিবহণ কৰে। কিছুমান জননকোষ গঠন আৰু কাৰ্যত একে হোৱা দেখা যায় (isogamy বোলে), কিন্তু বহু ক্ষেত্ৰত জীৱৰ লিংগভেদে জননকোষৰ গঠন আৰু কাৰ্য একে নহয় (anisogamy)। পুং জননকোষবোৰ সৰু, চলনক্ষম, আৰু জিনীয় তথ্যবোৰ বহু দূৰলৈ কঢ়িয়াই নিব পাৰে, আনহাতে স্ত্ৰী জননকোষবোৰ ডাঙৰ, চলনক্ষম নহয় আৰু আৰু নতুনকৈ সৃষ্টি হবলহা জীৱটোৰ প্ৰাৰম্ভিক বিকাশৰ বাবে প্ৰযোজনীয় পুষ্টিৰ যোগান ধৰে। মানুহ আৰু অন্য স্তন্যপায়ীৰ, পুং লিংগই XY লিংগ-নিৰ্ধাৰণ পদ্ধতিৰ XY ক্ৰম'জম, আনহাতে স্ত্ৰী লিংগই XX ক্ৰম'জম বহন কৰে।

Thumb
পুং জননকোষে (শুক্ৰাণু) স্ত্ৰী জননকোষক (ডিম্বাণু) নিষেচিত কৰে।

জীৱই উৎপাদন কৰা বীজকোষে ইয়াৰ লিংগ নিৰ্ধাৰণ কৰে: পুং জীৱই পুং জননকোষ (spermatozoa, বা স্তন্যপায়ীৰ শুক্ৰাণু; উদ্ভিদৰ পৰাগ) আনহাতে স্ত্ৰীয়ে স্ত্ৰী জনন কোষ সৃষ্টি কৰে (ডিম্বাণু, বা কণী); কিছুমান জীৱই পুং আৰু স্ত্ৰী উভয় জননকোষৰ উৎপাদন কৰে (hermaphroditic)। সাধাৰণতে, জীৱৰ লিংগভেদে শাৰীৰিক ভিন্নতা পৰিলক্ষিত হয়।

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.