ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia
লংকা বা লংকাপুৰী বা স্বৰ্ণ লংকা হৈছে ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লিখিত কিংবদন্তি ৰাক্ষসৰাজ ৰাৱণৰ দুৰ্গসদৃশ নগৰ-দ্বীপ। এই নগৰ ত্ৰিকুট পৰ্বতমালা নামেৰে জনাজাত তিনিটা পৰ্বত শৃংগৰ মাজৰ এটা মালভূমিত অৱস্থিত আছিল। প্ৰাচীন লংকা নগৰখনত হনুমানে অগ্নিসংযোগ কৰিছিল বুলি বিশ্বাস কৰা হয়। ৰাৱণৰ ভায়েক বিভীষণৰ সহায়ত ৰামে ইয়াৰ অধিপতি ৰাৱণক হত্যা কৰাৰ পিছত বিভীষণক লংকাপুৰীৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰা হয়। পূৰ্বৰ লংকাই বৰ্তমানৰ শ্ৰীলংকা বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বংশধৰসকলে পাণ্ডৱসকলৰ সময়ত ৰাজ্য শাসন কৰিছিল বুলি কোৱা হয়। মহাভাৰতৰ মতে, পাণ্ডৱ সহদেৱে যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ বাবে তেওঁৰ দক্ষিণৰ সামৰিক অভিযানৰ সময়ত এই ৰাজ্য ভ্ৰমণ কৰিছিল।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৰামায়ণ আৰু মহাভাৰত উভয়ৰে মতে, লংকা আদিতে সুমালী নামৰ এজন ৰাক্ষসে শাসন কৰিছিল। পৰৱৰ্তী কালত কুবেৰে লংকা দখল কৰে আৰু যক্ষ ৰাজ্য স্থাপন কৰে। তেওঁৰ ৰাজধানী ৰাক্ষসসকলৰ দ্বাৰা সুৰক্ষিত আছিল। তেওঁৰ সতীয়া ভ্ৰাতৃ তথা ঋষি বিশ্ৰবা আৰু সুমালীৰ জীয়ৰী কৈকেষীৰ পুত্ৰ ৰাৱণে কুবেৰৰ সৈতে দ্বন্দ্বত লিপ্ত হৈ তেওঁক লংকাৰ ৰাজসিংহাসনৰ পৰা অপসাৰণ কৰে আৰু নিজে ৰজা হয়। লংকাৰ যুদ্ধ দ্বাদশ শতিকাৰ ক্ষ্মেৰ মন্দিৰ এংকৰ ৱাটত চিত্ৰিত কৰা হৈছে। ৰাৱণৰ মৃত্যুৰ পিছত বিভীষণ লংকাৰ সিংসাহনত বহে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.