যমুনা নদী
ভাৰতৰ এক অন্যতম প্ৰধান নদী / From Wikipedia, the free encyclopedia
যমুনা (সংস্কৃত: यमुना ) উত্তৰ ভাৰতৰ এক অন্যতম প্ৰধান নদী। এইখন ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদী গঙ্গাৰ প্ৰধান উপনদী। যমুনা নদীৰ উৎস মধ্য হিমালয়ৰ বান্দাৰপুচ পৰ্বতশৃঙ্গৰ দক্ষিণ-পশ্চিম পাদদেশত অৱস্থিত যমুনোত্ৰী হিমবাহৰ ৬,৩৮৭ মিটাৰ উচ্চতাত।[1] এই নদীৰ দৈৰ্ঘ্য ১,৩৭৬ কিলোমিটাৰ (৮৫৫ মাইল)।[1] এই নদীৰ জলনিৰ্গম প্ৰণালীৰ আয়তন ৩৬৬,২২৩ বৰ্গ কিলোমিটাৰ;[1] যিটো সমগ্ৰ গাঙ্গেয় অববাহিকাৰ ৪০.২ শতাংশ।[1] এই নদী এলাহাবাদৰ ত্ৰিবেণী সঙ্গমত গঙ্গা নদীৰ লগত মিলিত হৈছে। গঙ্গা আৰু যমুনাৰ মিলনস্থলত প্ৰতি বাৰ বছৰৰ অন্তৰত কুম্ভমেলা আয়োজিত হয়।
যমুনা (यमुना) | |
নদী | |
দেশ | ভাৰত |
---|---|
উপনৈ | |
- বাঁওদিশত | চম্বল, বেতোৱা, কেন, সিন্ধ |
- সোঁদিশত | টোনচ, হিন্দোন, সাৰদা, কুণ্টা, গিৰি, ঋষিগঙ্গা, হনুমান গঙ্গা |
চহৰসমূহ | দিল্লী, মথুৰা, আগ্ৰা, এটাওৱা, কলপি |
উৎস | যমুনোত্ৰী হিমবাহ |
- অৱস্থান | বান্দাৰপুচ শৃঙ্গ, উত্তৰকাশী জিলা, উত্তৰাখণ্ড, ভাৰত |
- উচ্চতা | ৬,৩৮৭ মি (২০,৯৫৫ ফুট) |
- স্থানাঙ্ক | 38°59′N 78°27′E |
মোহনা | ত্ৰিবেণী সঙ্গম |
- অৱস্থান | এলাহাবাদ, ভাৰত |
- উচ্চতা | ০ মি (০ ফুট) |
- স্থানাঙ্ক | 25°30′N 81°53′E |
দৈৰ্ঘ্য | ১,৩৭৬ কিমি (৮৫৫ মাইল) |
অৱবাহিকা | ৩,৬৬,২২৩ বৰ্গকিমি (১,৪১,৩৯৯ বৰ্গমাইল) |
যমুনা নদী উত্তৰাখণ্ড, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ ৰাজ্যৰ মাজেৰে আৰু হিমাচল প্ৰদেশ আৰু দিল্লীৰ কাষেৰে প্ৰবাহিত হৈছে। প্ৰবাহপথত একাধিক উপনদী যমুনা নদীত মিলিত হৈছে। যমুনাৰ বৃহত্তম আৰু দীৰ্ঘতম উপনদী হ’ল টোনচ। যমুনাৰ আন উপনদী চম্বলৰ নিজস্ব এটা অববাহিকা আছে। যমুনাৰ অন্যান্য উপনদীসমূ হ’ল সিন্ধ, বেতোৱা আৰু কেন। যমুনাৰ নদী উপত্যকাৰ সৰ্বপেক্ষা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল সিন্ধু গাঙ্গেয় সমভূমি অঞ্চলত গঙ্গা আৰু যমুনাৰ মধ্যৱৰ্তী অঞ্চলত অৱস্থিত অতি উৰ্বৰ পললসমৃদ্ধ 'গঙ্গা-যমুনা দোয়াব' অঞ্চল। প্ৰায় ৫৭,০০০,০০০ মানুহ যমুনাৰ পানীৰ ওপৰত নিৰ্ভৰশীল।[1] যমুনা নদীত বাৰ্ষিক ১০,০০০ কিউবিক মিটাৰ পানী প্ৰবাহিত হয়।[1] ইয়াৰ মাজত ৪,৪০০ কিউবিক মিটাৰ পানী ব্যৱহাৰ কৰা হয়।[1] যমুনাৰ ব্যৱহৃত পানীৰ ৯৬ শতাংশই লাগে জলসিঞ্চনৰ কামত।[1] দিল্লীৰ জল সৰবৰাহ ব্যৱস্থাৰ ৭০ শতাংশই আহে যমুনা নদীৰ পৰা।[1]
গঙ্গাৰ তুলনাত যমুনাও হিন্দুধৰ্মত এখন পবিত্ৰ নদী বুলি বিবেচিত হয়। হিন্দুসকলে যমুনাক দেৱী যমুনা জ্ঞানেৰে পূজা কৰে। হিন্দু পুৰাণ অনুসৰি, যমুনা সূৰ্যৰ কন্যা আৰু মৃত্যুৰ দেবতা যমৰ ভগিনী। কেইবাটাও জনপ্ৰিয় কিংবদন্তিমতে তেওঁ যমী নামেৰেও পৰিচিত। হিন্দুসকলে বিশ্বাস কৰে, যমুনাৰ পবিত্ৰ পানীয়ে মৃত্যু যন্ত্ৰণাৰ পৰা মানুহক নিস্তাৰ দিয়ে[1][2]
হিমালয়ৰ যমুনোত্ৰীৰ পৰা দিল্লীৰ ওৱাজিৰাবাদ পৰ্যন্ত যমুনাৰ পানীৰ "মান মোটামুটি ভাল"। যমুনাৰ এই পথটুকুৰাৰ দৈৰ্ঘ্য ৩৭৫ কিলোমিটাৰ। ওৱাজিৰাবাদৰ বান্ধৰ পৰা ওখলা বান্ধ পৰ্যন্ত নদীৰ গতিপথত ১৫টি পয়ঃপ্ৰণালীৰ মাধ্যমেৰে বৰ্জিত পানী নদীত নিক্ষেপ কৰা হয়। ইয়াৰ ফলত দিল্লীৰ ওৱাজিৰাবাদৰ পৰা যমুনাৰ পানী অত্যন্ত দূষিত হয়। এজন পদাধিকাৰীয়ে নদীখনক সেইবাবে ১৪ – ২৮ এমজি/১ বায়োকেমিক্যাল অক্সিজেন ডিম্যাণ্ড (বিওডি) আৰু উচ্চহাৰত কোলিফৰ্ম উপাদানযুক্ত এক "নিকাশী নলা" বুলি উল্লেখ কৰে।[3] যমুনা প্ৰদূষণৰ তিনিটি প্ৰধান উৎস হ’ল গাৰ্হস্থ্য আৰু পৌৰ বৰ্জ্যভূমি, কৃষিৰ বাবে বনচ্ছেদনৰ ফলত ভূমিক্ষয় আৰু বিভিন্ন কৃষি আৰু শিল্পক্ষেত্ৰৰ পৰা নি:সৃত বিষাক্ত ৰাসায়নিক পদাৰ্থ।