ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা From Wikipedia, the free encyclopedia
মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস কৰে।
মিজো ভাষাৰ বিভিন্ন উপভাষাত ৭ লাখতকৈও বেছি মানুহে কথা পাতে। ভাষাটো লুচাই ভাষা নামেৰেও পৰিচিত। এই ভাষাৰ বৰ্ণবিলাক হ'ল: a, â, á, à, aw, b, ch, d, e, ê, é, è, f, g, ng, h, i, ì, í, j, k, l, m, n, o, p, r, s, t, u, û, v, আৰু z। মিজো এটা সুৰপ্ৰধান ভাষা; অৰ্থাৎ একেই শব্দ কোৱাৰ সুৰৰ ওপৰত ভিত্তি কৰি অৰ্থ পৰিৱৰ্তন হ'ব পাৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.