মহম্মদ ৰফি
ভাৰতীয় সংগীতশিল্পী / From Wikipedia, the free encyclopedia
মহম্মদ ৰফি (জন্মঃ ২৪ ডিচেম্বৰ, ১৯২৪ - মৃত্যুঃ ৩১ জুলাই, ১৯৮০) ভাৰতীয় সঙ্গীতশিল্পী হিচাবে এসময়ত সমগ্ৰ উপমহাদেশত অত্যন্ত জনপ্ৰিয় ব্যক্তিত্ব আছিল। তেওঁ সঙ্গীত জগতত সুদীৰ্ঘ চাৰি দশক সময়কাল অতিবাহিত কৰে[1]। মহম্মদ ৰফিয়ে সঙ্গীত কলাত অসামান্য অৱদান ৰখাৰ বাবে শ্ৰেষ্ঠ গায়ক হিচাবে জাতীয় পদক আৰু ৬-বাৰ ফিল্মফেয়াৰ পুৰস্কাৰেৰে বিভূষিত হৈছে। ইয়াৰ উপৰি, ১৯৬৭ চনত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদত্ত পদ্মশ্ৰী সম্মানেৰেও অভিষিক্ত হৈছিল তেওঁ।[2] প্ৰায় ৪০ বছৰ ধৰি সঙ্গীত জগতত থকাকালত ২৬,০০০ অধিক চলচ্চিত্ৰৰ গানত নেপথ্য গায়ক হিচাবে সংযুক্ত আছিল মহম্মদ ৰফি।[3] তেওঁ বহুধৰণৰ গানত অংশ গ্ৰহণ কৰাৰ বিশেষ ক্ষমতাৰ অধিকাৰী আছিল। তাৰ মাজত শাস্ত্ৰীয় সঙ্গীত, দেশাত্মবোধক গান, বিৰহ-বিচ্ছেদ, উচ্চ মাৰ্গৰ প্ৰেম-ভালপোৱা, কাৱালী, ভজন, গজল-সহ বিভিন্ন গোত্ৰৰ গানত দক্ষতা আৰু পাৰদৰ্শীতা দেখুৱাইছিল সন্মানজনকভাবে। বিশেষকৈ হিন্দী আৰু উৰ্দু ভাষাত সমান দক্ষতা থকাত তেওঁৰ গানসমূহত বৈচিত্ৰ্য আহিছিল সমহাৰত।[4]
মহম্মদ ৰফি | |
---|---|
![]() মহম্মদ ৰফি | |
প্ৰাথমিক তথ্য | |
জন্ম | ২৪ ডিচেম্বৰ, ১৯২৪ কোটলা চুলতান সিং, পঞ্জাব, ব্ৰিটিছ ভাৰত |
মূল | ![]() |
মৃত্যু | ৩১ জুলাই, ১৯৮০ (৫৫ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
সংগীতৰ প্ৰকাৰ | ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত, গজল, নেপথ্য গায়ক |
পেচা | হিন্দী চলচ্চিত্ৰৰ গায়ক |
কাৰ্যকাল | ১৯৪৪ - ১৯৮০ |
হিন্দীসহ কোনকানি, উৰ্দু, ভোজপুৰী, উড়িয়া, পঞ্জাবী, বাংলা, মাৰাঠী, সিন্ধী, কানাড়া, গুজৰাটি, তেলেগু, মাঘী, মৈথিলী, অসমীয়া ইত্যাদি ভাষাত তেওঁ গান গাইছিল। এইবোৰৰ উপৰি ইংৰাজী, ফাৰ্চী (ফৰাচী নহয়), স্পেনিচ আৰু ডাচ ভাষাত গান গাইছিল।
২৪ জুলাই, ২০১০ ইং তাৰিখে টাইমচ্ অব ইণ্ডিয়া আলোচনীত প্ৰকাশিত প্ৰতিবেদনত তেওঁৰ চমকপ্ৰদ কণ্ঠস্বৰক বিশেষভাবে মূল্যায়িত কৰা হৈছে। মই তোমাকে ভালপাওঁ বা (আই লাভ ইউ) বাক্যষাৰক যদি ১০১ প্ৰকাৰে গান আকাৰে গাবলৈ কোৱা হয়, মহম্মদ ৰফিয়ে সেই ১০১ প্ৰকাৰে তাৰ সকলোখিনিয়েই কৰিব পাৰিছিল। প্ৰায় চাৰি দশক জুৰি গানৰ জগতত অসাধাৰণ অৱদানৰ বাবেই মহম্মদ ৰফি সকলো সময়ৰ, সকলো কালৰ আৰু সকলো বিষয়ৰ শিল্পী হিচাবে পৰিগণিত হৈ আছে।[5]