ভাৰতৰ সংস্কৃতি
From Wikipedia, the free encyclopedia
ভাৰতৰ সংস্কৃতি (ইংৰাজী: Culture of India) হৈছে ভাৰতবাসীৰ জীৱন ধাৰণ প্ৰক্ৰিয়া। ভাৰতৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, সাজ-পাৰ, আৰু খাদ্যভাস দেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায়। প্ৰায়ে ভাৰতীয় সংস্কৃতিত বিভিন্নতা পৰিলক্ষিত হয় যদিও, সমগ্ৰ ভাৰত উপমহাদেশজুৰি প্ৰসাৰিত এই সাংস্কৃতিক সমন্বয়ক ইয়াৰ সহস্ৰাধিক বছৰীয়া পুৰণি ইতিহাসৰ দ্বাৰা প্ৰভাৱিত কৰিছে।[1][2] ভাৰতীয় ধৰ্ম, ভাৰতীয় দৰ্শন আৰু ভাৰতীয় খাদ্যৰ দৰে ভাৰতৰ সংস্কৃতিৰ বহু ভিন্ন উপাদানে সমগ্ৰ বিশ্বক সদায়ে আকৰ্ষিত কৰি আহিছে।