বৈষ্ণো দেৱী
From Wikipedia, the free encyclopedia
বৈষ্ণো দেৱী মন্দিৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ট্ৰিকোটা পৰ্বতত অৱস্থিত হিন্দুধৰ্মীসকলৰ এক অন্যতম পবিত্ৰ তীৰ্থস্থান। ‘মাতা ৰাণী’, ‘ট্ৰিকোটা’, ‘বৈষ্ণৱী’ আদি ভিন্ন নামেৰে পৰিচিত বৈষ্ণোদেৱী মন্দিৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পীঠ স্থান। লাখ লাখ ভক্তই প্ৰতি বছৰে এই তীৰ্থস্থান দৰ্শন কৰিবলৈ আহে।
বৈষ্ণো দেৱী মন্দিৰৰ অৱস্থিতি ট্ৰিকোটা পৰ্বতক হিন্দুসকলৰ তেত্ৰিশ কোটি দেৱতাৰ আবাসস্থান হিচাপে গন্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই তেত্ৰিশ কোটি দেৱতাৰে আৰাধ্যা দেৱী দুৰ্গা আৰু সেয়ে দেৱীৰ এই পবিত্ৰ তীৰ্থভূমিত তেত্ৰিশ কোটি দেৱতাই নিজৰ অৱস্থিতি ৰাখিছে। বৈষ্ণোদেৱী মন্দিৰৰ মূল গৰ্ভগৃহ এক গুহাৰ ভিতৰত আৰু বিশ্বাস কৰা যায় যে মাতাৰ আমন্ত্ৰণ অবিহনে এই মন্দিৰৰ ভিতৰত ভক্তসকলে প্ৰৱেশ কৰিব নোৱাৰে। সেয়ে ভক্তগণে মন্দিৰলৈ যোৱা গোটেই পথচোৱাত ‘চলো বুলাৱা আয়া হে, মাতা নে বুলায়া হে’ বুলি উল্লাসেৰে গীত মাত পৰিবেশন কৰি যায়।