বে'লৰ পক্ষাঘাত
ক্ৰেনিয়েল নাৰ্ভ ৭ (মুখৰ স্নায়ু)ৰ বিসংগতিৰ ফলত হোৱা মুখৰ পক্ষাঘাত / From Wikipedia, the free encyclopedia
বেলৰ পক্ষাঘাত (Bell's palsy) হৈছে কৰোটিক স্নায়ু (Cranial nerve) নং ৭-এ (ফেচিয়েল নাৰ্ভ) কাম নকৰাৰ ফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাত। ইয়াৰ ফলত পক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণত মুখৰ পক্ষাঘাত হ'ব পাৰে, যেনে- মগজুৰ টিউমাৰ, ষ্ট্ৰোক, লাইম ৰোগ আদি। যদি পক্ষাঘাতৰ কোনো কাৰণ বিচাৰি পোৱা নাযায় তেতিয়া ইয়াক "বে'লৰ পক্ষাঘাত" বোলা হয়। আজিৰ পৰা দুশ বছৰ আগতে স্কটলেণ্ডৰ চাৰ্লছ বে'ল নামৰ চিকিৎসকজনে পোন প্ৰথমবাৰৰ বাবে এই ৰোগৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ পালচি" বুলি কোৱা হয়।
বে'লৰ পক্ষাঘাত (Bell's palsy) | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
সোঁফালে বে'লৰ পক্ষাঘাত হোৱা এজন লোকে দাঁত দেখুৱাবলৈ আৰু চেলাউৰি দাঙিবলৈ কৰা চেষ্টা। | |
আই.চি.ডি.-10 | G51.0 |
আই.চি.ডি.-9 | 351.0 |
ডিজিজেছ ডে'টাবে'ছ | 1303 |
মেডলাইন প্লাছ | 000773 |
ইমেডিচিন | emerg/56 |
MeSH | D020330 |
মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ স্নায়ুডাল হ'ল আননী স্নায়ু বা ফেচিয়েল নাৰ্ভ। এই স্নায়ুডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িত হৈ পৰেহি। আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই স্নায়ুৰ যোগেদিহে পৰিচালিত হয়। গতিকে ফেচিয়েল নাৰ্ভৰ পক্ষাঘাত হলে এই সকলোবিলাক ক্ৰিয়া বাধাপ্ৰাপ্ত হয়।