বুলবুল কেন্ ছিং
ৰীমা দাস পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
বুলবুল কেন্ ছিং (বুলবুলে গান গাব পাৰে) আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ।[2] এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।[3] ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ছবিখন শ্ৰেষ্ঠ তিনি চলচ্চিত্ৰ মহোৎসৱৰ এখন বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে। বোলছবিখনত তিনি গৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত মুখামুখি আৰু তাৰ ফলত হোৱা সংঘাতক দেখুৱাবলৈ চেষ্টা কৰা হৈছে।[4] অহা ২০ ছেপ্টেম্বৰ ২০১৯-ত অসমৰ চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰিব।[1]
ক্ষিপ্ৰ তথ্য বুলবুল কেন্ ছিং Bulbul Can Sing, পৰিচালক ...
বুলবুল কেন্ ছিং Bulbul Can Sing | |
---|---|
![]() | |
পৰিচালক | ৰীমা দাস |
ৰচনা | ৰীমা দাস |
প্ৰযোজক | ফ্লাইং ৰিভাৰ ফিল্মছ |
চিত্ৰগ্ৰহণকাৰী | ৰীমা দাস |
সম্পাদনা | ৰীমা দাস |
সংগীত পৰিচালক | দতৰা, কবীন্দ্ৰ পাটোৱাৰী |
মুক্তি |
৭ ছেপ্টেম্বৰ ২০১৮ (2018-09-07) (টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ) ২০ ছেপ্টেম্বৰ ২০১৯ (2019-09-20) (অসম)[1] |
দৈৰ্ঘ্য |
৯৫ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া (কামৰূপী উপভাষা) |
বন্ধ কৰক