অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক From Wikipedia, the free encyclopedia
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (ইংৰাজী: Birendra Kumar Bhattacharya; ১৪ অক্টোবৰ, ১৯২৪ – ৬ আগষ্ট, ১৯৯৭) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সম্পাদক আৰু সাংবাদিক। ভাৰতৰ সৰ্ব্বোচ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া লেখক আছিল। বিয়াল্লিচৰ গণ-আন্দোলনৰ ভিত্তিত ৰচিত 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে, ১৯৭৯ চনত, তেওঁ এই বঁটা লাভ কৰিছিল।[1] ১৯৬১ চনত, তেওঁৰ 'ঈয়াৰুইঙ্গম' উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2] Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ ২০০৫ চনত প্ৰকাশ পাইছিল।[3] ভট্টাচাৰ্য ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিবেশনৰ সভাপতি আছিল।[4] তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ৰীডাৰ আছিল। জব্বলপুৰ বিশ্ববিদ্যালয়ে ভট্টাচাৰ্যক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল।[4]
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | |
---|---|
জন্ম | ১৪ অক্টোবৰ, ১৯২৪ চফ্ৰাই চাহবাগিচা, শিৱসাগৰ অসম |
মৃত্যু | ৬ আগষ্ট, ১৯৯৭ (৭২ বছৰ) গুৱাহাটী , অসম , ভাৰত |
পেচা | সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | স্নাতকোত্তৰ |
মাতৃশিক্ষায়তন | কটন কলেজ গুৱাহাটী বিশ্ববিদ্যালয় |
সময় | ৰামধেনু যুগ |
ধৰণ | উপন্যাস , চুটিগল্প , কবিতা , শিশু সাহিত্য , প্ৰবন্ধ |
বিষয় | উপন্যাস, সম্পাদক |
উল্লেখনীয় কৰ্মৰাজি | মৃত্যুঞ্জয়, ঈয়াৰুইঙ্গম |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৬১) জ্ঞানপীঠ বঁটা (১৯৭৯) |
দাম্পত্যসংগী | বিনীতা ভট্টাচাৰ্য |
সন্তান | ডা° দীপাংকৰ ভট্টাচাৰ্য
জুৰি ভট্টাচাৰ্য শশাংক ভট্টাচাৰ্য |
আত্মীয়-স্বজন | নলিনীধৰ ভট্টাচাৰ্য (জেষ্ঠ ভাতৃ) |
১৯২৪ চনৰ ১৪ অক্টোবৰত শিৱসাগৰ জিলাৰ চফ্ৰাই চাহবাগিচাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয়। তেওঁৰ দেউতাক শশীধৰ ভট্টাচাৰ্য সেই বাগিছাৰে কৰ্মী আছিল। মাক পদ্মাৱতী দেৱী (আইদেউ ভট্টাচাৰ্য)।[5] সাতোজন ভাই-ককাইৰ মাজত বীৰেন্দ্ৰকুমাৰ আছিল দ্বিতীয়। জেষ্ঠ ভাতৃ নলিনীধৰ ভট্টাচাৰ্য অধ্যাপক। আন তিনিজন ক্ৰমে গিৰীন, অনিল আৰু কামাখ্যা ভট্টাচাৰ্য।[4] ভট্টাচাৰ্য পৰিয়ালৰ পূৰ্বজ যোৰহাট নগৰৰ পৰা দহ মাইল পূবে অৱস্থিত চাওঘাট মৌজাৰ ডিহা নৈৰ পাৰৰ ঢেকীয়া খোৱা গাঁৱত বাস কৰিছিল। যোৰহাটৰ পৰা প্ৰকাশিত আসাম বিলাসিনীৰ সম্পাদক কৃষ্ণকান্ত ভট্টাচাৰ্য আৰু শ্বিলঙৰ পৰা প্ৰকাশিত বিজুলীৰ সম্পাদক লক্ষ্মীনাথ শৰ্মা বীৰেন্দ্ৰকুমাৰৰ পূৰ্বজ আছিল। শিক্ষাবিদ লক্ষ্মীনাথ শৰ্মা অসমৰ তৃতীয়গৰাকী অনাৰ্ছ গ্ৰেজুৱেট। তেওঁ সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। [4]
চফ্ৰাই প্ৰাইমাৰী স্কুলত শিক্ষাৰম্ভ কৰি বীৰেন্দ্ৰকুমাৰ কাকজান এম ই স্কুলত ভৰ্তি হয় আৰু যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ কৰে। ভট্টাচাৰ্যই প্ৰৱেশিকা পৰীক্ষাত অসমীয়া, ভূগোল, বুৰঞ্জী আৰু সংস্কৃত বিষয়ত ‘লেটাৰ’ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল। [4] প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ পৰা সোণৰ পদক লাভ কৰে৷[5] তাৰপিছত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। বি এছ চি ডিগ্ৰী লাভ কৰি তেওঁ সাংবাদিকতা পঢ়িবলৈ কলিকতালৈ যায়। সেইবছৰ কলিকতা বিশ্ববিদ্যালয়ত সাংবাদিকতা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কথা আছিল যদিও, সেয়া আৰম্ভ নোহাৱাত তেওঁ আইনৰ ক্লাছত নাম ভৰ্তি কৰে। কিন্তু আইন পঢ়া সম্পূৰ্ণ নকৰি তেওঁ উভতি আহে। [4] ১৯৫১ চনত বি এ আৰু ১৯৫৩ চনত প্ৰাইভেটকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত, Humar and Satire in Assamese Literature[4] ('অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস') গৱেষণাপত্ৰৰ বাবে ভট্টাচাৰ্যই ডক্টৰেট ডিগ্ৰী লাভ কৰে।
১৯৫৮ চনৰ ৬ জুন তাৰিখে বিনীতা ভট্টাচাৰ্যৰ সৈতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বিবাহ পাশত আৱদ্ধ হয়। বিশিষ্ট সমালোচক মুনীন বৰকটকীয়ে ডক্টৰ হেমন্তকুমাৰ শৰ্মাই সংকলন কৰা বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি গ্ৰন্থত প্ৰকাশ পোৱা তেখেতেৰ প্ৰবন্ধ বীৰেন্দ্ৰ-কৃতিত লিখিছে[4];
উল্লেখ্য যে তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘ভোগদৈ’ নামৰ এখন হাতে লিখা বাতৰিকাকতত‘হাস্যৰস’ বিষয়ত নিয়মিতৰূপত প্ৰবন্ধ লিখিছিল৷[5] তদুপৰি তেওঁ ১৯৪২ চনৰ গণবিপ্লৱত অংশগ্ৰহণ কৰিছিল৷[5]
“ড° ভট্টাচাৰ্যৰ জীৱন সংগ্ৰামৰ পিছপিনে যি শক্তি আছে- সেয়া তেখেতৰ সহধৰ্মিনী শ্ৰীমতী বিনীতা ভট্টাচাৰ্য। সহধৰ্মিনীৰ বেশত সহ সৈনিকৰ ধৰ্ম পালন কৰি দুৰ্যোগৰ মাজতো সাংসাৰিক জীৱনৰ পাৰস্পৰিক বুজাবুজিৰ মাধ্যমত নিজৰ স্বামীক বীৰ বেশত প্ৰতিষ্ঠা কৰাত শ্ৰীমতী ভট্টাচাৰ্য কৃতকাৰ্য হ'ব পাৰিছে। তেখেতৰ ত্যাগ আৰু প্ৰেৰণা ড° ভট্টাচাৰ্যৰ যেন ৰণস্থলীৰ কবচ-কুণ্ডল।”
১৯৯৭ চনৰ ৬ আগষ্টত ৭৩ বছৰ বয়সত তেখেতৰ মৃত্যু ঘটে।
ভট্টাচাৰ্য সামাজিক বাস্তৱবাদী লেখকসকলৰ ভিতৰত অন্যতম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ লেখকসকলৰ ভিতৰত অন্যতম লেখক আছিল। তেওঁৰ প্ৰথমখন উপন্যাস “ৰাজপথে ৰিঙিয়ায়” মাত্ৰ এদিনৰ ঘটনাৰ ওপৰত আধাৰিত। এই উপন্যাসখন সামাজিক আৰু ৰাজনৈতিক বিশ্লেষণৰ ওপৰত আধাৰিত আছিল। [6]
ৰেডিঅ' নাট:
মঞ্চনাট:
একক অভিনয়:
|
|
ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় উপন্যাসৰ আধাৰত ১৯৯৩-৯৪ চনত দূৰদৰ্শনযোগে একে নামৰ এখন হিন্দী ধাৰাবাহিক সম্প্ৰচাৰিত হৈছিল। ইয়াত ইৰফান খানে ধনপুৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল। ধাৰাবাহিকখনৰ পৰিচালক আছিল চাৰুকমল হাজৰিকা।[7]
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়। ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’, ‘ক্ৰুছৰ বন্ধুলৈ’ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ চিত্ৰিত হৈছে। বলিষ্ঠ শব্দ আৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ। [8][9]
হাইস্কুলত পঢ়ি থাকোঁতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ বছৰেকীয়া আলোচনী ‘জেউতি’ত প্ৰকাশ হোৱা ‘মাহীমাকৰ মৰম’ গল্পটোৱেই ভট্টাচাৰ্যৰ প্ৰথম গল্প। তাৰ পিছত তেওঁ ‘নায়ক’, ‘আৱাহন’, ‘জয়ন্তী’ আদি আলোচনীত চুটি গল্প লিখিছিল। ‘মাছ’ গল্পটো দেশভক্ত তৰুণৰাম ফুকন বিষয়ক। বাক্যৰ অযথা আড়ম্বৰ, অনাৱশ্যকীয় ভূমিকা অথবা সঙ্গতিবিহীন বাক্যৰীতি তেওঁৰ গল্পত দেখা নাযায়। কল্পনাশ্ৰয়ী নহৈ তেওঁৰ গল্প আছিল আছিল বাস্তৱধৰ্মী। ক’লাক ক’লা আৰু বগাক বগা বোলাটো আছিল তেওঁৰ গল্পৰ বৈশিষ্ট্য। [10]
ভট্টাচাৰ্যৰ প্ৰবন্ধ ৰচনাৰ বিষয়বস্তু আছিল ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাহিত্য-সম্পৰ্কীয় আৰু সমাজনৈতিক। দৃষ্টিশীলতা আৰু বুদ্ধিনিষ্ঠতা আছিল তেওঁৰ প্ৰবন্ধৰ অন্যতম গুণ।[11] ‘বাঁহী’, ‘ৰামধেনু’, ‘সাদিনীয়া নৱযুগ’ আদি কেইবাখনো আলোচনীৰ সম্পাদকৰ গুৰুদায়িত্ব তেওঁ বহন কৰিছিল আৰু এই আলোচনীসমূহত যথেষ্ট প্ৰবন্ধ-পাতি লিখিছিল।
১৯৫৫ চনত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ প্ৰথমখন উপন্যাস ‘ৰাজপথে ৰিঙিয়ায়’ প্ৰকাশ পায়। ইয়াৰ পিছত ১৯৬০ চনত, টাংখুল অঞ্চলৰ যুদ্ধ-বিধ্বস্ত নগা সম্প্ৰদায়ক বিষয় ৰূপে লৈ লিখা ঈয়াৰুইঙ্গম উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা আৰু ১৯৬১ চনত আগষ্ট বিপ্লৱৰ পটভূমিত লিখা ‘মৃত্যুঞ্জয়’ উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ‘মৃত্যুঞ্জয়’ক তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰভাৱশালী উপন্যাস আৰু ‘ঈয়াৰুইঙ্গম’ক ভাৰতীয় সাহিত্যৰ এক মহান সাহিত্য শিল্প বুলি গণ্য কৰা হয়।[6] ইয়াৰ উপৰিও তেওঁ ডিগবৈৰ শ্ৰমিক আন্দোলনৰ আধাৰত ‘প্ৰতিপদ’, ডিগবৈৰ ঔদ্যোগিক বিপ্লৱক লৈ ‘বল্লৰী’, চীনৰ ভাৰত আক্ৰমণৰ পটভূমিত শতঘ্নী, বাংলাদেশৰ মুক্তি-যুদ্ধৰ কৰুণ ইতিহাস দাঙি ‘কবৰ আৰু ফুল’, পৰিৱৰ্তন কামী মনেৰে কৈৱৰ্ত সম্প্ৰদায়ৰ জীৱনৰ আধাৰত ‘ৰঙা মেঘ’ আদি উপন্যাস লিখি এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক ৰূপে স্বীকৃত হৈছিল।[12] তেওঁৰ উপন্যাসৰ বিষয় বস্তু আছিল ব্যাপক আৰু বৈচিত্ৰ্য়পূৰ্ণ। চৰিত্ৰবোৰ আছিল উজ্জ্বল, স্পষ্ট আৰু ভাষা শক্তিশালী। চিন্তাৰ গভীৰতা আৰু মানৱতাবোধ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ৰচনাৰ প্ৰধান উপজীব্য আছিল।[13]
ভট্টাচাৰ্য আছিল ৰাজনৈতিক ভাৱে সচেতন সাহিত্যিক।[14]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.