বানপানী
প্ৰাকৃতিক দূৰ্যোগ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো বাঢ়নী পানীয়ে সৃষ্টি কৰা বানৰ বিষয়ে। চাৰু কমল হাজৰিকা পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বাবে বান (চলচ্চিত্ৰ) চাওক।
বানপানী (ইংৰাজী: flood) হ'ল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা। সাধাৰণতে কোনো হ্ৰদ বা নদীৰ পানী বাঢ়ি ওফন্দি বানপানীৰ সৃষ্টি কৰে। অত্যধিক বৰষুণ, বৰফ গলা আদি কাৰণতো বানপানী হয়। বোৱতী পানীয়ে গছ-গছনি, ঘৰ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। ই বৰ্তমান যুগৰ এটা ভয়ংকৰ প্ৰাকৃতিক দূৰ্যোগ।