ফিলিপাইন (Listeni/ˈfɪlɨpnz/), চৰকাৰী ভাৱে ফিলিপাইন গণৰাজ্য বোলা হয়, হ'ল পশ্চিম প্ৰসান্ত মহাসাগৰত অৱস্থিত দক্ষিণপূৱ এচিয়াৰ এখন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ৭,১০৭টা দ্বীপেৰে গঠিত, লুজম, ৱিছায়াছ, আৰু মিন্দানাও নামেৰে তিনিটা প্ৰধান ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। . ৰাজধানী হ'ল মনিলা আৰু সৰ্বাধিক জনবহুল নগৰ হ'ল কুৱেজন; দুয়োখন মেট্ৰ' মনিলাৰ অন্তৰ্গত।

ক্ষিপ্ৰ তথ্য ফিলিপাইন প্ৰজাতন্ত্ৰ, বৃহত্তম নগৰ ...
ফিলিপাইন প্ৰজাতন্ত্ৰ
  • Republika ng Pilipinas
নীতিবাক্য

"মাকা-ডাঅছ, মাকা-টাও, মাকাকালিকাছান এট মাকাবাঞ্চা"[1]
"ভগৱান, জনতা, প্ৰকৃতি, আৰু দেশৰ বাবে"
ৰাষ্ট্ৰীয় সঙ্গীত
লুপাং হিনিৰাং
Chosen Land

গ্ৰেইট ছীল
ফিলিপাইন-ৰ অৱস্থান
ফিলিপাইন-ৰ অৱস্থান
ASEAN (ডাঠ সেউজীয়া) আৰু এছিয়াত (পাতল সেউজীয়া) ফিলিপাইনৰ অৱস্থান।
ফিলিপাইন-ৰ অৱস্থান
ফিলিপাইন-ৰ অৱস্থান
ৰাজধানী মেনিলা
14°35′N 120°58′E
বৃহত্তম নগৰ কুৱেজন
14°38′N 121°02′E
ৰাষ্ট্ৰভাষা (সমূহ) ফিলিপিন', ইংৰাজী
স্বীকৃত আঞ্চলিক ভাষাসমূহ
১৯টা ভাষা
  • অক্লানন'
  • বিকল
  • চেবুৱান'
  • চেভাকান'
  • Hiligaynon
  • Ibanag
  • Ilocano
  • Ivatan
  • Kapampangan
  • Kinaray-a
  • Maguindanao
  • Maranao
  • Pangasinan
  • Sambal
  • Surigaonon
  • Tagalog
  • Tausug
  • Waray-Waray
  • Yakan
বিকল্প ভাষাসমূহ স্পেনিছ,আৰবিক
জনগোষ্ঠীসমূহ (২০১৪[2])
  • ২৮.১% টাগালগ
  • ১৩.১% চেবোৱান'
  • ৯.০% লকেন'
  • ৭.৬% বিচায়া
  • ৭.৫% লংগ'
  • ৬.০% বাইক'লেন'
  • ৩.৪% ৱাৰাই
  • ২৫.৩% অন্যান্য
জাতীয়তাসূচক বিশেষণ ফিলিপিন'
চৰকাৰ Unitary presidential constitutional republic
 -  ৰাষ্ট্ৰপতি Rodrigo Duterte
 -  উপ ৰাষ্ট্ৰপতি Leni Robredo
 -  চিনেট ৰাষ্ট্ৰপতি Franklin Drilon
 -  House Speaker Feliciano Belmonte, Jr.
 -  মুখ্য ন্যায়াধীশ Maria Lourdes Sereno
স্বাধীনতা স্পেইনb আৰু যুক্ট ৰাষ্ট্ৰৰ পৰা 
 -  স্থাপিত ২৭ এপ্ৰিল, ১৫৬৫ 
 -  স্পেইনৰ পৰা স্বাধীন হয় ১২ জুন, ১৮৯৮ 
 -  যুক্ট ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ৪ জুলাই, ১৯০২ 
 -  নিজা-চৰকাৰ ২৪ মাৰ্চ, ১৯৩৪ 
 -  যুক্ট ৰাষ্ট্ৰৰ পৰা স্বাধীন হয় ৪ জুলাই, ১৯৪৬ 
 -  বৰ্তমানৰ সংবিধান ২ ফ্ৰেব্ৰুৱাৰী, ১৯৮৭ 
মাটিকালি
 -  মাটি ৩,০০,০০০ বৰ্গ কিমি [3](৭৩তম)
১,১৫,৮৩১ বৰ্গ মাইল 
 -  জলভাগ (%) ০.৬১'"`UNIQ--ref-০০০০০০০৩-QINU`"' (inland waters)
জনসংখ্যা
 -  ২৭ জুলাই, ২০১৪ আনুমানিক ১০,০৬,১৭,৬৩০'"`UNIQ--ref-০০০০০০০৪-QINU`"' (১২তম)
 -  সাঁচ:Data Philippines লোকপিয়ল সাঁচ:Data Philippines 
জিডিপি (পিপিপি) ২০১৫ আনুমানিক
 -  মুঠ $৭৫১.৭৭০ নিযুত[4] (৩০তম)
 -  জনমুৰি $৭,৪১২.২৩৬[4] (১১৮তম)
জিডিপি (নামমাত্ৰ) ৩০১৫ আনুমানিক
 -  মুঠ $৩৩০.২৫৯ নিযুত[4] (৩৯তম)
 -  জনমুৰি $৩,২৫৬.২৬০[4] (১২৪তম)
জিনি সহগ? (২০০৯) ৪৩.০ (৪৪তম)
মানৱ উন্নয়ন সূচক (২০১৩) ০.৬৬০ (১১৭তম)
মুদ্ৰা পেছ' (ফিলিপিন': piso) (₱) (PHP)
সময় অঞ্চল PST (ইউটিচি+৮)
 -  গ্ৰীষ্মকালীন (ডিএছটি) নিৰ্ণয় কৰা হোৱা নাই (ইউটিচি+৮)
তাৰিখ বিন্যাস
  • mm-dd-yyyy
  • dd-mm-yyyy
গাড়ী চলোৱা হয় সোঁহাতে[5]
ইণ্টাৰনেট টিএলডি .ph
কলিং ক'ড +৬৩
বন্ধ কৰক

ইতিহাস

পূৰ্ব-স্পেনিছ কাল

ফিলিপাইনৰ আদি অধিবাসী নেগ্ৰিত জাতিৰ লোকসকল প্ৰায় ৩০ হাজাৰ বছৰ পূৰ্বে বোৰ্নিঅ আৰু সুমাত্ৰা দ্বীপৰ পৰা আহিছিল। দক্ষিণৰ পৰা মালয় জাতিৰ লোক ইয়ালৈ আহিছিল। ৯ম শতিকাত চীনা ব্যৱসায়ী সকলো ইয়ালৈ আহে আৰু বসতি স্থাপন কৰে। স্পেনিছসকল অহাৰ আগলৈকে মালয়সকলেই ইয়াৰ প্ৰধান জাতি আছিল।

স্পেনিছ কাল

১৫২১ চনত পৰ্তুগীজ অভিযাত্ৰী ফেৰ্দিনান্দ মাগেলান ফিলিপাইনলৈ আহে আৰু স্পেইনৰ হৈ দ্বীপটো দাবী কৰে। কিন্তু তেওঁ ইয়াত বেছিদিন নাথাকে। পৰবৰ্তী কালত স্পেনীয় শক্তিয়ে লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰে আৰু খ্ৰীষ্টধৰ্মৰ পতন ঘটায়।

১৮১০ চনত মেক্সিকোে স্পেইনৰ পৰা স্বাধীনতা ঘোষণা কৰাৰ আগলৈকে ফিলিপাইনৰ দ্বীপ সমূহ স্পেনিছ উত্তৰ আমেৰিকাৰ অধীনত আছিল আৰু ফিলিপাইন আৰু উত্তৰ আমেৰিকাৰ মাজত উল্লেখযোগ্য ভাবে যাতায়াত আছিল। লুসন দ্বীপৰ মনিলা নগৰক কেন্দ্ৰ কৰি স্পেনিছ ঔপনিৱেশিক ব্যবস্থা গঢ়ি উঠিছিল আৰু ইয়াৰ লোকসকল লাহে লাহে ৰোমান ক্যাথলিক ধৰ্মলৈ ধৰ্মান্তৰিত হবলৈ আৰম্ভ কৰিছিল। কেন্দ্ৰীয় ফিলিপাইন আৰু লুসন দ্বীপৰ বাদে অন্য অঞ্চল, যেনে মিন্দানাও দ্বীপত স্পেনিছ প্ৰভাব কম আছিল।

দীৰ্ঘ স্পেনিছ শাসনৰ সময়ত বহু বিপ্লব ঘটে। ১৯শ শতিকাৰ শেষৰ ফালে ইউৰোপত শিক্ষিত ফিলিপিনোসকলে স্পেনিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠে আৰু ফিলিপিনো সকলৰ মাজত জাতীয়তাবাদৰ উন্মেষ ঘটে। ১৮৯৮ চনত স্পেনিছ-আমেৰিকান যুদ্ধত আমেৰিকান বাহিনীয়ে মনিলা উপসাগৰত স্পেনিছ নৌবাহিনীক পৰাজিত কৰে। চীনা-শব্দোদ্ভভ ফিলিপিনো নেতা এমিলিও আগিনালদোএ সেই বছৰৰ ১২ই জুনত ফিলিপাইনক স্পেইনৰ পৰা স্বাধীন বুলি ঘোষণা কৰে।

আমেৰিকান কাল

স্পেনিছসকলক পৰাজিত কৰি আমেৰিকান সকলে ফিলিপাইনক নিজৰ দখললৈ নিয়ে। স্পেইনে পেৰিছ শান্তি চুক্তিমতে ফিলিপাইনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰে। কিন্তু ১৮৯৯ চনত আমেৰিকান শাসনৰ বিৰুদ্ধেও ফিলিপিনোসকলে বিদ্ৰোহ আৰম্ভ কৰে। সেই বছৰত বিক্ষিপ্ত আমেৰিকান-ফিলিপিনো যুদ্ধত বহু হাজাৰ ফিলিপিনো আৰু আমেৰিকান সেনা নিহত হয়। ১৯০২ চনত ফিলিপাইনত শান্তি প্ৰতিষ্ঠিত হয়।

চিত্ৰ ভৰাঁল

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.