From Wikipedia, the free encyclopedia
ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (লেটিন: Philosophiæ Naturalis Principia Mathematica, ইংৰাজী: Mathematical Principles of Natural Philosophy)[1] চমুকৈ, “প্ৰিন্সিপিয়া” হ'ল ১৬৮৭ চনৰ ৫ জুলাইত প্ৰকাশিত[2][3] ইংৰাজী গণিতজ্ঞ তথা বিজ্ঞানী ছাৰ আইজাক নিউটনৰ এখন বিখ্যাত গ্ৰন্থ। প্ৰথম সংস্কৰণৰ নিউটনৰ ব্যক্তিগত প্ৰতিলিপিৰ ব্যাখ্যা আৰু সংশোধন কৰাৰ পাছত[4] ১৭১৩ আৰু ১৭২৬ চনত পুনৰ দুটা সংস্কৰণ প্ৰকাশ কৰে।[5] পদাৰ্থবিজ্ঞানৰ তিনিটা গুৰুত্বপূৰ্ণ বিষয় প্ৰিন্সিপিয়াত উল্লেখ আছে; বিষয়তিনিটা হ'ল ক্ৰমে নিউটনৰ গতিবিষয়ক সূত্ৰসমূহ, নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ আৰু কেপলাৰৰ গ্ৰহ গতি সম্পৰ্কীয় সূত্ৰসমূহ। বিজ্ঞানৰ ইতিহাসত সবাতোকৈ গুৰুত্বপূৰ্ণ কৰ্মবোৰৰ ভিতৰত প্ৰিন্সিপিয়া অন্যতম।[6] নিউটনৰ ভৌতিক তত্ত্বসমূহ প্ৰমাণ কৰিবলৈ নিউটনে গণিতৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰিছিল যাৰ নাম কলন গণিত আৰু এই কলন গণিত ব্যৱহাৰ কৰিয়েই নিউটনে তত্ত্বসমূহ প্ৰমাণ কৰিছিল।
ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা | |
---|---|
লেখক | ছাৰ আইজাক নিউটন |
শিৰোনাম | Philosophiæ Naturalis Principia Mathematica |
ভাষা | লেটিন |
প্ৰকাশ | ১৬৮৭ |
ইংৰাজীত প্ৰকাশ |
১৭২৮ |
এল চি শ্ৰেণীকৰণ | QA803 .A53 |
ৱিকিমিডিয়া কমন্সত Philosophiae Naturalis Principia Mathematica সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিউৎসত Philosophiae Naturalis Principia Mathematica বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |
ৱিকিউৎসত The Mathematical Principles of Natural Philosophy (American edition, 1846) বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.