পুডুছেৰী (তামিল: புதுச்சேரி, অৰ্থ: নতুন চহৰ) বা পণ্ডিচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। পূৰ্বৰ ফ্ৰান্সৰ অধিকৃত চাৰি অঞ্চল পণ্ডিচেৰী, কাৰিকল, মাহে আৰু য়ানাম একত্ৰিত কৰি পুডুছেৰী গঠন কৰা হৈছিল। ইয়াৰ নাম বৃহত্তম জিলা পুডুছেৰীৰ নামেৰে নামকৰণ কৰা হৈছে। ঐতিহাসিক ভাবে পণ্ডিচেৰী নামে জনাজাত ইয়াৰ নাম ২০০৬ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে পুডুছেৰী কৰা হ'ল।[5][6]

ক্ষিপ্ৰ তথ্য পুডুছেৰী, দেশ ...
পুডুছেৰী
Thumb
Thumb
Thumb
ভাৰতৰ মানচিত্ৰত পুডুছেৰীৰ অৱস্থান (ৰঙা ৰঙেৰে চিহ্নিত)
স্থানাংক: 11.911082°N 79.812533°E / 11.911082; 79.812533
দেশ  ভাৰত
গঠন ১ নৱেম্বৰ ১৯৫৪
ৰাজধানী আৰু বৃহত্তম নগৰ পণ্ডিচেৰী
জিলা ৪ খন
চৰকাৰ
  উপৰাজ্যপাল কিৰণ বেদী[1]
  মুখ্যমন্ত্ৰী ভি. নাৰায়ণস্বামী[2]
  মুখ্যসচিব অশ্বিনী কুমাৰ, আইএএছ[3]
  আৰক্ষীৰ মহানিৰ্দেশক এছ. সুন্দৰী নন্দ, আইপিএছ
  বিধানসভা একসদনীয় (৩০*খন আসন)[4]
কালি
  মুঠ 483 km2 (186 sq mi)
  স্থান ৩৩তম
জনসংখ্যা
 (2011)
  মুঠ 12,44,464
  স্থান ২৯তম
  ঘনত্ব 2,600/km2 (6,700/sq mi)
^* ৩০ গৰাকী নিৰ্বাচিত, ৩ গৰাকী মনোনীত
বন্ধ কৰক

কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী দক্ষিণ ভাৰতত অৱস্থিত। পুডুছেৰী জিলা আৰু কাৰিকল জিলাক তামিলনাডুয়ে আগুৰি আছে। সেইদৰে য়ানাম জিলা অন্ধ্ৰ প্ৰদেশ আৰু মাহে জিলা কেৰালায়ে আগুৰি আছে। পুডুছেৰী ভাৰতৰ ২৯তম জনবসতিপূৰ্ণ অঞ্চল আৰু ইয়াৰ জন ঘনত্বত ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি আছে। ইয়াৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি  ২১০ শ কোটি (২.৯৪ বিলিয়ন ডলাৰ) আৰু ই ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ভিতৰত ২৫তম স্থানত অৱস্থিত।[7]

ভূগোল

পুডুছেৰীত অসংযুক্ত চাৰিখন সৰু সৰু জিলাৰে গঠিত। পণ্ডিচেৰী আৰু কাৰিকল পুডুছেৰীৰ বৃহত্তম অঞ্চল। এই দুয়ো অঞ্চল তামিলনাডুৰে আগুৰা। য়ানাম আৰু মাহে ক্ৰমে অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাৰে আগুৰা। ২০১১ চনৰ লোকপিয়ল মতে ইয়াৰ জনসংখ্যা ১২,৪৪,৪৬৪।

পুডুছেৰীৰ অঞ্চলসমূহ সম্পূৰ্ণৰূপে সংযুক্ত নহয়। ইয়াক ভাৰতত পকেট বুলি কোৱা হয়। পুডুছেৰীত এনে ১১টা পকেট আছে। কিছুমান পকেট সম্পূৰ্ণৰূপে তামিলনাডুৰে আগুৰা। সেইদৰে মাহে অঞ্চলত ৩টা পকেট আছে। ঔপনিবেশিক ভাৰতৰ ফৰাচী ভাৰতৰ অধিকৃত অঞ্চলৰ বাবে ইয়াৰ ভূগোলত এনে বৈশিষ্ট্য দেখা যায়।

পুডুছেৰীৰ গোটেই কেইখন জিলা উপকূল অঞ্চলত অৱস্থিত। পাঁচখন নদী পুডুছেৰীৰ মাজেৰে, সাতখন নদী কাৰিকলৰ মাজেৰে, দুখন মাহেৰ মাজেৰে আৰু এখন য়ানামৰ মাজেৰে পাৰ হৈ গৈছে।

জন-গাঁথনি

পুডুছেৰীৰ জনসাধাৰণৰ ৮৭.৩% হিন্দু ধৰ্মাৱলম্বী। লগতে ইয়াত ৬.২% খ্ৰীষ্টান আৰু ৬% ইছলাম ধৰ্মাৱলম্বী লোক বাস কৰে।[8]

যাতায়ত

ৰে'লপথ

Thumb
পণ্ডিচেৰী ৰে'ল ষ্টেচন

পুডুছেৰী ৰে'লেৰে ভিলুপুৰম আৰু চেন্নাই জংচনৰ লগত সংযোজিত। এই ব্ৰড গেজ লাইন যুক্ত ৰেলপথৰ ওপৰেৰে ১৬খন অভিসাৰী আৰু ১৭খন অপসাৰী ৰে'ল চলাচল কৰে।[9]

স্থলপথ

পুডুছেৰী অঞ্চলত মুঠ ২,৫৫২ কিঃমিঃ (পথৰ দৈৰ্ঘ্য প্ৰতি ৪.৮৭ বৰ্গ কিঃমিঃ) দৈৰ্ঘ্যৰ স্থলপথ আছে। ই দেশৰ ভিতৰতে সৰ্বাধিক।

অধিক তথ্য তামিলনাডু আৰু গোটেই ভাৰতৰ সৈতে পথৰ দৈৰ্ঘ্যৰ তুলনা, মুঠ পথৰ দৈৰ্ঘ্য (পুডুছেৰী) ...
তামিলনাডু আৰু গোটেই ভাৰতৰ সৈতে পথৰ দৈৰ্ঘ্যৰ তুলনা
মুঠ পথৰ দৈৰ্ঘ্য (পুডুছেৰী) ২,৫৫২ কিঃমিঃ
প্ৰতি ১০০০ কিঃমিঃত পথৰ দৈৰ্ঘ্য পুডুছেৰী তামিলনাডু ভাৰত
৪,৫৭৫ ১,৫৭২ ৬৬৩
বন্ধ কৰক
অধিক তথ্য ক্ৰমিক নং, পথৰ ধৰণ ...
পথৰ শ্ৰেণীবিভাজন
ক্ৰমিক নং পথৰ ধৰণ দৈৰ্ঘ্য (কিঃমিঃ)
ৰাষ্ট্ৰীয় ঘাইপথ ৬৪.৪৫০
ৰাজ্যিক ঘাইপথ ৪৯.৩০৪
জিলা আৰু অন্যান্য পথ
পুডুছেৰী – ১৭৩.৩৮৪
কাৰিকল – ৫৫.১৬২
মাহে – ১৯.৬২২
য়ানাম – ২৬.৪৬০
২৭৪.৬২৮ ২৭৪.৬২৮
গাঁৱলীয়া পথ
পুডুছেৰী – ১৬৪.৯৬৪
কাৰিকল –৮৩.৪৭০
২৪৮.৪৩৪ ২৪৮.৪৩৪
মুঠ ৬৩৬.৮১৬
বন্ধ কৰক

শিক্ষা

২০১১ চনৰ লোকপিয়ল মতে পুডুছেৰীৰ সাক্ষৰতা হাৰ ৮৬.৫৫%।[10] ইয়াত পণ্ডিচেৰী বিশ্ববিদ্যালয় নামৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অৱস্থিত।[11] পুডুছেৰীত অৱস্থিত জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান পাশ্চাত্য চিকিৎসা পদ্ধতিৰ এছিয়াৰ প্ৰথমখন শিক্ষা অনুষ্ঠান। ইয়াৰ উপৰিও ইয়াত ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, মহাত্মা গান্ধী স্নাতকোত্তৰ দন্ত বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ইত্যাদি অৱস্থিত।

তথ্য উৎস

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.