কিছুমান উদ্ভিদৰ দ্বাৰা উৎপাদিত ৰাসায়নিক উদ্দীপক From Wikipedia, the free encyclopedia
নিক'টিন এক প্ৰকাৰৰ স্নায়ুবিষ (নিউৰ'টক্সিন), যি একধৰণৰ এচিটাইলক'লিন সংগ্ৰাহকৰ (ক'লিনাৰ্গিক এচিটাইলক'লিন সংগ্ৰাহক) ওপৰত প্ৰভাৱ পেলায়। ই মূলত ছ'লানেচি গোত্ৰৰ উদ্ভিদত পোৱা যায়। উদ্ভিদৰ পাত আৰু মূল নিক'টিনৰ উৎস।
ক্লিনিকেল তথ্য | |
---|---|
Trade names | Nicorette, Nicotrol |
AHFS/Drugs.com | Monograph |
Pregnancy category |
|
Dependence liability |
High |
Routes of administration |
smoked (as smoking tobacco, mapacho, etc.), insufflated (as tobacco snuff or nicotine nasal spray), chewed (as nicotine gum, tobacco gum or chewing tobacco), transdermal (as nicotine patch, nicogel or topical tobacco paste), intrabuccal (as dipping tobacco, snuffs, dissolvable tobacco or creamy snuff), vaporized (as electronic cigarette, etc.), directly inhaled (as nicotine inhaler), oral (as nicotini), buccal (as snus) |
ATC code | |
Legal status | |
আইনী স্থিতি |
|
Pharmacokinetic data | |
Bioavailability | 20 to 45% (oral) |
Metabolism | hepatic |
Elimination half-life | 2 hours; 20 hours active metabolite (cotinine) |
চিনাক্তকাৰী | |
IUPAC name
| |
CAS Number | |
PubChem CID | |
IUPHAR/BPS | |
DrugBank |
|
ChemSpider | |
UNII | |
KEGG | |
ChEBI | |
ChEMBL | |
CompTox Dashboard (EPA) | |
ECHA InfoCard | 100.000.177 |
নিক'টিন মূলতঃ ধঁপাত আৰু চিগাৰেট বা জৰ্দা আদিত পোৱা যায়।
ধপাত গছৰ বৈজ্ঞানিক নাম Nicotiana tabacum ৰ পৰা ইয়াৰ নামকৰণ কৰা হৈছে। পৰ্তুগালৰ ফৰাচী ৰাষ্ট্ৰদূত Jean Nicot de Villemainৰ নামত এই গছৰ নামকৰণ কৰা হয় যিয়ে ১৫৬০ চনত পেৰিছলৈ ধঁপাত প্ৰেৰণ কৰিছিল। ধঁপাতৰ পৰা নিক'টিন পৃথক কৰিছিল জাৰ্মান পদাৰ্থবিদ ৱিলিয়াম হেনৰিখ আৰু ৰসায়নবিদ লুইডৱিক ৱিমেনে।
ধঁপাত ইউৰোপত প্ৰথম পৰিচিতি লাভ কৰিছিল ১৫৫৯ চনত আৰু সপ্তদশ শতাব্দীৰ পিছলৈকে ই কেৱল ধূমপানতেই ব্যৱহৃত হোৱা নাছিল বৰঞ্চ কীটনাশক হিচাপেও ইয়াৰ ব্যৱহাৰ হৈছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বিশ্বব্যাপী আঢ়ৈ হাজাৰ টন নিক'টিন কীটনাশক (ধঁপাত কাৰখানাৰ বৰ্জ্য) ব্যৱহৃত হৈছিল। কিন্তু ১৯৮০ চনৰ মাজভাগত ইয়াৰ ব্যৱহাৰ ২০০ টনলৈ নামি আহিছিল। মানুহৰ বাবে কম ক্ষতিকৰ অন্যান্য কীটনাশক আবিষ্কৃত হোৱাৰ বাবে এনে ঘটিছিল।
ধাৰাবাহিক ধুম্ৰপায়ী হোৱাৰ মূল দায়ী জিনীয় কাৰণ বুলি কোৱা হয়। যিসকল কিশোৰে ধূমপান কৰে, ১৫ বছৰ বয়স হ'লে তাৰে প্ৰায় এক-চতুৰ্থাংশৰ ই নিয়মিয়া অভ্যাসত পৰিণত হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰে ১৮ বছৰ বয়সত ৪৩ শতাংশই প্ৰতিদিনে এক পেকেট বা তাতোধিক চিগাৰেট সেৱন কৰিব পাৰে।
জিনগত কিছুমান বৈশিষ্টৰ কাৰণেই মানুহে কৈশোৰত ধূমপান আৰম্ভ কৰে আৰু পাছলৈ ধাৰাবাহিক ধুম্ৰপায়ী হৈ পৰে। এই বৈশিষ্টৰ বাবেই মানুহে গোটেই জীৱন ধূম্ৰপায়ী হৈ কটাই দিব পাৰে। সম্প্ৰতি এক গবেষণাৰ দ্বাৰা যুক্তৰাষ্টৰ, যুক্তৰাজ্য আৰু নিউজিলেণ্ডৰ বিজ্ঞানীসকলে মাত্ৰাধিক ধূমপান কৰাৰ লগত জিনীয় বৈশিষ্টৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰি আছে। আনহাতে প্ৰাপ্ত বয়স্কৰ ক্ষেত্ৰত যিসকল জিনগত কাৰণত নিক'টিনৰ আসক্ত হয়, তেওঁলোকৰ ২৭ ভাগ নিক'টিন সেৱনত অভ্যস্ত হৈ পৰে, আৰু প্ৰায় ২২ শতাংশই চিগাৰেট এৰি দিয়াৰ চেষ্টা কৰিও ব্যৰ্থ হয়। [1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.