From Wikipedia, the free encyclopedia
টাচুকু হঞ্জ' Tasuku Honjo (本庶 佑 Honjo Tasuku , জন্ম ২৭ জানুৱাৰী, ১৯৪২) এজন জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বিশেষকৈ প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ আৱিষ্কাৰৰ বাবে বিখ্যাত।[1] তেওঁ লগতে চাইট'কাইনিছৰ আণৱিক চিনাক্তকৰণ অৰ্থাৎ ইণ্টাৰলিউকিন ৪ আৰু ইণ্টাৰলিউকিন ৫, [2] আৰু এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছৰ আৱিষ্কাৰক হিচাপে জনাজাত। ই চমেটিক হাইপাৰ মিউটেছন আৰু ক্লাছ চুইছ ৰিকম্বিনেচনৰ বাবে অতি প্ৰয়োজনীয়।[3]
টাচুকু হঞ্জ' Tasuku Honjo | |
---|---|
টাচুকু হঞ্জ' | |
জন্ম | ২৭ জানুৱাৰী, ১৯৪২ (৮২ বছৰ) ক্যিট' জাপান |
জাতীয়তা | জাপানীজ |
ক্ষেত্ৰ | আণৱিক ৰোগ-প্ৰতিৰোধ বিজ্ঞান |
কৰ্মস্থান | ক্যিট' বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | ক্যিট' বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | য়াচুটমি নিশিজুকা অচামু হায়াইশি |
জনা যায় | ক্লাছ চুইছ ৰিকম্বিনেচন ইণ্টাৰলিউকিন ৪, ইণ্টাৰলিউকিন ৫, এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছ কৰ্কট ৰোগৰ ৰোগ প্ৰতিৰোধ থেৰাপি প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ |
উল্লেখনীয় বঁটা | ইম্পিৰীয়েল প্ৰাইজ (১৯৯৬) কচ প্ৰাইজ (২০১২) অৰ্ডাৰ অফ কালচাৰ(২০১৩) টাং প্ৰাইজ (২০১৪) ক্যিট' প্ৰাইজ(২০১৬) আলপাৰ্ট প্ৰাইজ(২০১৭) চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা (২০১৮) |
বিজ্ঞানী হঞ্জ' আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, জাৰ্মানীৰ জাৰ্মান একাডেমী অফ নেচাৰেল চায়েন্স আৰু জাপান একাডেমীৰ লগত জড়িত হৈ আছে।
২০১৮ চনত তেওঁ জেমছ পি. এলিচনৰ লগত যুটীয়া ভাবে চিকিৎসা আৰু শৰীৰ তত্ত্ব বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4] তেওঁলোক দুয়োজনে ২০১৪ চনত একে বিষয়ৰ বাবে টাং প্ৰাইজ লাভ কৰিছিল।[5]
টাচুকু হঞ্জ' ক্যিট' বিশ্ববিদ্যালয়ৰ পৰা মেডিচিন বিষয়ত এমডি কৰে। ১৯৭৫ চনত তেওঁ একেই বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল ৰসায়নত পিএইচডি কৰে। তেওঁৰ পিএইচডি উপদেষ্টা আছিল য়াচুটমি নিশিজুকা আৰু অচামু হায়াইশি।[6]
১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈ তেওঁ ৱাছিংটন কাৰ্ণেগী ইনষ্টিটিউট, ৰাষ্ট্ৰীয় শিশুস্বাস্থ্য প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ মানৱ উন্নয়নৰ ভিজিটিং ফেল' আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত পঢ়া-শুনা কৰাৰ পিছত তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৯ চনলৈ টকিঅ' বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যাপক আছিল। পিছলৈ তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ অচাকা বিশ্ববিদ্যালয়ত বংশগতি বিজ্ঞানৰ অধ্যাপক তথা মুৰব্বী আছিল।[6]
১৯৮৪ চনৰ পৰা তেওঁ ক্যিট' বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[7]
হঞ্জ তেওঁৰ জীৱন কালত বিভিন্ন বঁটা আৰু সন্মান লাভ কৰে। ২০১৬ চনত তেওঁ "এণ্টিবডি পৃথক্কৰণ ফাংচন আৱিষ্কাৰ, প্ৰতিষেধক অণু আৰু পিডি-১ৰ ক্লিনিকেল প্ৰয়োগ আৱিষ্কাৰৰ বাবে" ক্যিট' পুৰস্কাৰ লাভ কৰে।[7]
তেওঁৰ অন্যান্য বঁটা আৰু পুৰস্কাৰৰ তালিকা,
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.