ভাৰতীয় সমাজ সংস্কাৰক From Wikipedia, the free encyclopedia
জ্ঞানদানন্দিনী ঠাকুৰ (অন্য নাম: জ্ঞানদানন্দিনী মুখোপাধ্যায়; ২৬ জুলাই ১৮৫০ – ১ অক্টোবৰ ১৯৪১) কলিকতা নিবাসী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আছিল। তেওঁ বিভিন্ন সাংস্কৃতিক উদ্ভাৱনৰ পথপ্ৰদৰ্শন কৰাই নহয় উনবিংশ শতিকাৰ বংগত মহিলা সৱলীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত উল্লেখনীয় প্ৰভাৱ পেলাইছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েক আৰু জোৰাসাকোঁৰ ঠাকুৰ পৰিয়ালৰ বংশধৰ সত্যেন্দ্ৰনাথ ঠাকুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ বম্বেত থকাৰ সময়ত দেখা গুজৰাটী আৰু পাৰ্চী শাড়ীৰ উপাদানৰ সৈতে পৰম্পৰাগত বঙালী শৈলীৰ ওপৰত ভিত্তি কৰি ব্ৰহ্মিকা শাড়ী নামৰ শাড়ীৰ এক অনন্য শৈলী বিকশিত কৰাৰ বাবে জনাজাত।[1]
জ্ঞানদানন্দিনী ঠাকুৰ | |
---|---|
জন্ম | জ্ঞানদানন্দিনী মুখোপাধ্যায় ২৬ জুলাই, ১৮৫০ জেছৰ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১ অক্টোবৰ, ১৯৪১ (৯১ বছৰ) কলিকতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
নাগৰিকত্ব | ব্ৰিটিছ ভাৰতীয় |
পেচা | সমাজ সংস্কাৰক |
দাম্পত্যসঙ্গী | সত্যেন্দ্ৰনাথ ঠাকুৰ (বি. ১৮৫৭) |
সন্তান | ইন্দিৰা দেৱী চৌধুৰী সুৰেন্দ্ৰনাথ ঠাকুৰ |
বেংগল প্ৰেচিডেন্সিৰ (বৰ্তমানৰ বাংলাদেশ) জেছৰৰ নৰেন্দ্ৰপুৰ গাঁৱত জ্ঞানদানন্দিনীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল; অভয়চৰণ মুখোপাধ্যায় আৰু নিস্তাৰিনী দেৱী। অভয়চৰণ এগৰাকী কুলীন ব্ৰাহ্মণ আছিল আৰু পিৰালী পৰিয়ালৰ ছোৱালী বিয়া পাতি তেওঁ জাতিভ্ৰষ্ট হোৱাই নহয়, তেওঁৰ দেউতাকৰপৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিবলগা সম্পত্তিৰপৰাও বঞ্চিত হৈছিল। প্ৰচলিত ৰীতি অনুসৰি জ্ঞানদানন্দিনীয়ে ১৮৫৭ চনত দেবেন্দ্ৰনাথ ঠাকুৰৰ দ্বিতীয় পুত্ৰ সত্যন্দ্ৰনাথৰ সৈতে সাত নে আঠ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল।[2] জেছৰৰ মুক্ত জীৱন এৰি জোৰাসাকোঁৰ ঠাকুৰ পৰিয়ালৰ কঠোৰ পৰ্দাৰ আঁৰত জ্ঞানদানন্দিনী বন্দী হৈ পৰিছিল।[3] ১৮৬২ চনত ভাৰতীয় অসামৰিক সেৱাৰ (আইচিএছ) পৰীক্ষামূলক প্ৰশিক্ষণ লোৱাৰ সময়ত, সত্যন্দ্ৰনাথে জ্ঞানদানন্দিনীক তেওঁৰ সৈতে ইংলেণ্ডলৈ যাবলৈ লগ ধৰিছিল। কিন্তু এই কথাত তেওঁৰ দেউতাকে সন্মতি দিয়া নাছিল।[4] এই সময়তে জ্ঞানদানন্দিনীৰ ভায়েক হেমেন্দ্ৰনাথ ঠাকুৰে তেওঁৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। বিখ্যাত ব্ৰহ্ম শিক্ষাবিদ অযোধ্যানাথ পক্ৰাশীয়ে তেওঁক কিছু সময়ৰ বাবে শিক্ষাদান কৰিছিল।[5] ১৮৬৪ চনত অসামৰিক সেৱাৰ প্ৰথম ভাৰতীয় সদস্য হিচাপে ইংলেণ্ডৰপৰা সত্যন্দ্ৰনাথ উভতি অহাৰ পিছত জ্ঞানদানন্দিনীয়ে তেওঁৰ স্বামীৰ সৈতে বম্বেত থাকিবলৈ যায়।[6]
বম্বেত থাকোঁতে, জ্ঞানদানন্দিনীয়ে ইউৰোপীয় সকলৰ সৈতে উঠা-বহা কৰিছিল আৰু আংশিকভাৱে ইংৰাজী ৰীতি-নীতিৰ সৈতে খাপ খাই পৰিছিল। সামাজিকভাৱে এনে পৰিৱৰ্তনৰ সৈতে মিলি যাবৰ বাবে তেওঁ পৰিৱেশ অনুসৰি উপযুক্ত পোছাক পিন্ধিব লগাত পৰিছিল, কিন্তু পৰম্পৰাগত বাংলা শৈলীৰে শাড়ী পিন্ধি এই সমাজখনত মিলি যাবলৈ কিছু অসুবিধা হৈছিল।[7] স্বামীৰ সৈতে গুজৰাট ভ্ৰমণৰ সময়ত জ্ঞানদানন্দিনীয়ে পাৰ্চী মহিলাসকলে পিন্ধা শাড়ীৰ ষ্টাইলটো নিজৰ ধৰণেৰে কিছু উন্নত কৰি লৈছিল। তেওঁ পাৰ্চী ষ্টাইলৰ বিপৰীতে, বাওঁ কান্ধৰ ওপৰেৰে আঁচলটো বগৰাই লোৱাৰ নিজা শৈলী সৃষ্টি কৰিছিল, যাতে সোঁ হাতখন সৌজন্য ৰক্ষাৰ বাবে মুক্ত হৈ থাকে।[8] আনকি তেওঁ মাহেকীয়া আলোচনী বামাবোধিনী পত্ৰিকাত আন মহিলাসকলক তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহৰ শৈলীত শাৰী পিন্ধিবলৈ প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ দি বিজ্ঞাপন দিছিল। কলিকতাত তেওঁৰ প্ৰথম শিক্ষাৰ্থীসকলৰ ভিতৰত এগৰাকী আছিল আই চি এছ বিষয়া বেহাৰী লাল গুপ্তাৰ পত্নী শ্ৰীমতী সৌদামিনী গুপ্তা।[9] শৈলীটো সোনকালেই কলিকতাৰ ব্ৰহ্ম সমাজৰ মহিলাসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল আৰু এনেকৈ ব্ৰহ্মিকা শাড়ীৰ বিকাশ হৈছিল।[10] কলিকতাত থাকোঁতে জ্ঞানদানন্দিনীয়ে উচ্চ বৰ্ণৰ পৰিয়ালৰ ৰীতি-নীতি ভংগ কৰি তেওঁৰ স্বামীৰ সৈতে ১৮৬৬ চনত ভাইচৰয় লৰ্ড লৰেন্সে আয়োজন কৰা খ্ৰীষ্টমাছ পাৰ্টিলৈ গৈছিল। পাথুৰিয়াঘাটৰ প্ৰসন্ন কুমাৰ ঠাকুৰ আমন্ত্ৰণকাৰীসকলৰ মাজৰ এজন আছিল আৰু জ্ঞানদানন্দিনীৰ সাহস দেখি অত্যন্ত ক্ষুব্ধ হৈছিল আৰু ভাইচৰয়ৰ প্ৰাসাদ এৰি গুচি গৈছিল।[11] তেওঁৰ শহুৰেক দেবেন্দ্ৰনাথ ঠাকুৰেও তেওঁৰ এই স্বতন্ত্ৰতাৰ প্ৰতি সদয়ভাৱ পোষণ কৰা নাছিল। এইটো অনুমান কৰা হৈছে যে, ইয়াৰ ফলত ঠাকুৰ হাৱেলীত যথেষ্ট বিভেদৰ সৃষ্টি হৈছিল।[12] জ্ঞানদানন্দিনীয়ে ১৮৬৮ চনত জোৰাসাঁকো এৰি দেৱেন্দ্ৰনাথৰ বাসগৃহৰ কাষৰ পাৰ্ক ষ্ট্ৰীটৰ এটি প্ৰাসাদত বাস কৰিবলৈ লয়। ওচৰা ওচৰিকৈ থকাৰ পাছতো, তেওঁলোক দুয়োৰে মাজত কেতিয়াও বাৰ্তালাপ হোৱা নাছিল।[13] অৱশ্যে, এই সময়ছোৱাত তেওঁ তেওঁৰ স্বামীৰ সৰু ভায়েক ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে এটি আত্মিক সম্পৰ্ক গঢ়ি তুলিছিল আৰু ৰবীন্দ্ৰনাথে তেওঁৰ পাৰ্ক ষ্ট্ৰীটৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰিছিল। জ্ঞানদানন্দিনী ১৮৬৯ চনত তেওঁৰ স্বামীৰ সৈতে বম্বেলৈ উভতি গৈছিল। একে বছৰতে, জন্মৰ কেইদিনমানৰ ভিতৰতে তেওঁ তেওঁৰ প্ৰথম সন্তানটো হেৰুৱাইছিল।[14] তেওঁৰ পুত্ৰ সুৰেন্দ্ৰনাথৰ জন্ম হৈছিল ১৮৭২ চনত, যেতিয়া ঠাকুৰ দম্পতী পুনাত আছিল আৰু পিছৰ বছৰতে বিজাপুৰত তেওঁৰ কন্যা ইন্দিৰা দেৱীৰ জন্ম হৈছিল। জ্ঞানদানন্দিনীয়ে এগৰাকী মুছলমান মহিলাক তেওঁৰ সন্তানৰ বাবে ধাই মাক (ৱেট নাৰ্ছ) হিচাপে নিযুক্ত কৰি আন এক সাহসিকতাৰ পৰিচয় দিছিল।[15] সেই দিনবোৰত ধনী হিন্দু পৰিয়ালবোৰে তেওঁলোকৰ নৱজাতকসকলক ৱেট নাৰ্ছ বা গভৰ্নেছৰ যত্নত এৰি দিয়াটো সাধাৰণ কথা আছিল, কিন্তু কেৱল হিন্দু নাৰ্চকহে এই কামত মকৰল কৰা হৈছিল।[16] কিন্তু জ্ঞানদানন্দিনীয়ে প্ৰায়ে, নিজৰ স্বামীৰ ইচ্ছাৰ বিপৰীতে, নিজৰ সন্তানক কাম কৰা মানুহৰ জিম্মাত এৰি দিয়াক লৈ আপত্তি কৰিছিল।[17] পৰিয়ালটো হায়দৰাবাদত থকাৰ সময়ত, ১৮৭৬ত তেওঁৰ তৃতীয় পুত্ৰ কবীন্দ্ৰনাথৰ জন্ম হৈছিল।[18]
১৮৭৭ চনত জ্ঞানদানন্দিনী দেৱীয়ে ইংলেণ্ডলৈ যাত্ৰা কৰিছিল।[19] যি সময়ত এগৰাকী ভাৰতীয় মহিলাই সাগৰ পাৰ হোৱাৰ কথা শুনা নাছিল, তেনে সময়ত গৰ্ভৱতী জ্ঞানদানন্দিনী দেৱীয়ে স্বামী অবিহনে তিনিটা সন্তানক লৈ অকলে ইংলণ্ডলৈ যোৱাৰ ঘটনাই এক সামাজিক সংবেদনৰ সৃষ্টি কৰিছিল।[20] লণ্ডনত তেওঁৰ স্বামীৰ খুৰাক জ্ঞানেন্দ্ৰমোহন ঠাকুৰে তেওঁক আদৰণি জনাইছিল। জ্ঞানেন্দ্ৰমোহন ঠাকুৰ প্ৰথমগৰাকী এছিয়ান বেৰিষ্টাৰ আছিল। তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল।[21] কেনিংটন গাৰ্ডেনত থকা জ্ঞানেন্দ্ৰমোহন ঠাকুৰৰ ঘৰত কিছুদিন থকাৰ পিছত জ্ঞানদানন্দিনীয়ে চাচেক্সৰ ব্ৰাইটন নামৰ সমুদ্ৰতীৰৰ এখন চহৰৰ মেডিনা ভিলাৰ এটা ঘৰত থাকিবলৈ লয়। ১৮৭৮ চনৰ অক্টোবৰ মাহত, সৰু ভায়েক ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে সত্যন্দ্ৰনাথ ঠাকুৰ আহি ইংলেণ্ডত তেওঁৰ সৈতে থাকিবলৈ লয়।[22] জ্ঞানদানন্দিনীয়ে ইংলেণ্ডত প্ৰাৰম্ভিক বছৰতে এটা মৃত সন্তানৰ জন্ম আৰু কনিষ্ঠ পুত্ৰ কবীন্দ্ৰনাথৰ মৃত্যু- শোকৰ সৈতে যুঁজিবলগা হৈছিল। লণ্ডনৰ কেনচল গ্ৰীণ চিমেট্ৰিত দ্বাৰকানাথ ঠাকুৰৰ কবৰৰ কাষত কবীন্দ্ৰনাথক সমাধিস্থ কৰাৰ ব্যৱস্থা কৰা হৈছিল।[23] অৱশ্যে অতি সোনকালেই জ্ঞানদা আৰু তেওঁৰ সন্তানৰ ৰবীন্দ্ৰনাথৰ সৈতে এক অন্তৰংগ বন্ধুত্ব গঢ়ি উঠিছিল।[24] তেওঁৰ জীয়ৰী ইন্দিৰা আজীৱন ৰবীন্দ্ৰনাথৰ বিশ্বাসী হৈ পৰিছিল। সত্যেন্দ্ৰনাথৰ ফাৰ্লো সম্পূৰ্ণ হোৱাৰ পিছত, তেওঁ চুৰাটত এটা পদ গ্ৰহণ কৰে আৰু জ্ঞানদানন্দিনী তেওঁৰ সন্তানহঁতৰ সৈতে পুনৰ কলিকতালৈ উভতি আহে।
কলিকতাত, জ্ঞানদানন্দিনীয়ে ল’ৱাৰ চাৰ্কুলাৰ ৰোডৰ এটা বাংলোত থাকিবলৈ লয়। তথাপিও, তেওঁৰ জীয়েক ইন্দিৰা আৰু ভতিজী সৰলাৰ স্মৃতিগ্ৰন্থৰ পৰা, আমি গম পাওঁ যে জ্ঞানদানন্দিনীয়ে কেতিয়াও ঠাকুৰৰ জোৰাসাঁকোৰ ঘৰৰ সৈতে তেওঁৰ সম্পৰ্ক ত্যাগ কৰা নাছিল।[25][26] তেওঁ ৰবীন্দ্ৰনাথৰ বিবাহত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাই নহয়; যুৱতী কইনা মৃণালিনীকো দিহা-পৰামৰ্শ দিছিল।[27] সময়ৰ লগে লগে ৰবীন্দ্ৰনাথৰ সৈতে সৃষ্টিশীলতাৰ ক্ষেত্ৰত তেওঁৰ সম্পৰ্ক অধিক গাঢ় হৈ পৰে। জ্ঞানদানন্দিনীয়ে নাটক প্ৰদৰ্শনত ৰবীন্দ্ৰনাথক সহায় কৰিবলৈ আৰম্ভ কৰিছিল আৰু প্ৰায়ে ঘৰৰ আন মহিলাসকলকো অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। এনেদৰে বাল্মীকি-প্ৰতিভা, কালমৃগয়া, ৰাজা ও ৰাণী, মায়াৰ খেলা আৰু বিসৰ্জন আদি নাটক মঞ্চস্থ হৈছিল।[28] ইন্দিৰা দেৱীৰ স্মৃতিচাৰণৰ পৰা আমি এইটো জানিবলৈ পাওঁ যে, তেওঁৰ এক উচ্চ সামাজিক স্থিতি থকা স্বত্বেও জ্ঞানদানন্দিনীয়ে তেওঁৰ সময়ৰ কলিকতাৰ ৰঙীণ দুনিয়াখনৰ সৈতে মিলামিছা কৰা নাছিল।[29] কলিকতাৰ সেই আধুনিক সমাজখনেও জ্ঞানদানন্দিনীৰ প্ৰতি অনুকূল মনোভাৱ গ্ৰহণ কৰা নাছিল আৰু ১৮৮৯ চনৰ অক্টোবৰ মাহৰ জনপ্ৰিয় বঙাবাচী আলোচনীখনৰ এটা প্ৰবন্ধৰ পৰা এই কথা স্পষ্ট হৈ পৰিছিল; প্ৰৱন্ধটোত ৰাজা ও ৰাণী নাটকত অভিনয় কৰাৰ বাবে তেওঁক অপবাদ দিয়া হৈছিল।[30]
১৮৯০ চনত জ্ঞানদানন্দিনীয়ে জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰৰ সৈতে থাকিবলৈ হয়, যি ১৮৮৪ চনত তেওঁৰ পত্নী কাদম্বৰী দেৱীক হেৰুৱাইছিল। ১৮৯১ চনত, জ্ঞানদানন্দিনী দেৱীয়ে তেওঁৰ ভতিজা অবনিন্দ্ৰনাথ ঠাকুৰক সেই সময়ৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ অধ্যক্ষ ই.বি.হাভেলৰ সৈতে পৰিচয় কৰাই দিছিল। এই দুজন শিল্পীৰ সমন্বয়ে বেংগল স্কুল অৱ আৰ্টৰ জন্ম দিছিল।[31] ঠাকুৰ পৰিয়ালত জ্ঞানদানন্দিনীৰ স্থিতিৰ বিষয়ে জনাটো কঠিন আছিল। কিন্তু, ব্ৰহ্ম সমাজত মঘোৎসৱ উদযাপনত সভাপতিত্ব কৰা কেইগৰাকীমান মহিলাৰ ভিতৰত তেৱোঁ এগৰাকী আছিল, আনহাতে তেওঁ অ-ব্ৰাহ্মণ কোচ-বিহাৰ ৰাজপৰিয়ালৰ সৈতে বিবাহৰ পোষকতা কৰিছিল বুলি জনা যায়, যাৰ বাবে তেওঁ দেৱেন্দ্ৰনাথ ঠাকুৰৰ সৈতে বিবাদ ঘটিছিল।[32][33] এসময়ত নিজে ইংলেণ্ডলৈ যোৱা জ্ঞানদানন্দিনীয়ে তেওঁৰ পুত্ৰ সুৰেন্দ্ৰনাথক উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যোৱাত বাধা আৰোপ কৰিছিল।
ঠাকুৰ পৰিয়ালৰ মহিলাসকলৰ ভিতৰত, স্বৰ্ণকুমাৰী দেৱীৰ পিছতে, জ্ঞানদানন্দিনীয়ে পৰিয়ালটোৱে সমৃদ্ধ সাহিত্যিক পৰিৱেশত আটাইতকৈ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৮৮০ চনত ইংলেণ্ডৰপৰা উভতি অহাৰ পিছত জ্ঞানদানন্দিনীয়ে বঙালী আলোচনী ভাৰতীত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে। সোনকালেই তেওঁৰ সাহিত্য প্ৰতিভা বুদ্ধিজীৱীসকলৰ নজৰলৈ আহিছিল।[34] ১৮৮১ চনত, ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হোৱাৰ চাৰি বছৰ আগতে জ্ঞানদানন্দিনীৰ ইংৰাজনিন্দা ও দেশানুৰাগ শীৰ্ষক এটা প্ৰবন্ধ প্ৰকাশ হৈছিল; য’ত তেওঁ এটা দেশীয় সংগঠন স্থাপনৰ আহ্বান জনাইছিল, দূৰৱৰ্তী জিলা চহৰসমূহত যাৰ শাখা থাকিব। এই লৈ তেওঁ যুক্তি দিছিল এইবুলি; ব্ৰিটিছে আমাক প্ৰদান কৰা প্ৰতিটো লাভালাভ আমাৰ ৰাষ্ট্ৰীয় মুক্তিৰ অভিযানৰ ক্ষেত্ৰত এক আঘাত।[35] ১৮৮৫ চনত জ্ঞানদানন্দিনী দেৱীয়ে বঙালী ভাষাত প্ৰথম শিশু সাহিত্য আলোচনী বালক প্ৰতিষ্ঠা কৰে। ৰবীন্দ্ৰনাথেও বালকত লিখিছিল আৰু কেইবাটাও চুটি গল্প, কবিতা আৰু নাটকেৰে অৱদান আগবঢ়াইছিল।[36] তেওঁ শিশুসকলৰ বাবে টাকডুমাডুম আৰু সাত ভাই চম্পা নামেৰে দুখন নাটক লিখিছিল; সাহিত্য চক্ৰত দুয়োখন নাটকেই যথেষ্ট প্ৰশংসিত হৈছিল।[37] বহু সাহিত্যিক সাফল্য থকা স্বত্বেও জ্ঞানদানন্দিনী দেৱীয়ে আত্মজীৱনী লিখা নাছিল। অৱশ্যে, তেওঁৰ মৃত্যুৰ কেইবছৰমান আগতে, পুলিনবিহাৰী সেনে তেওঁক ধাৰাবাহিককৈ স্মৃতিকথা লিখিবলৈ প্ৰেৰিত কৰিছিল। স্মৃতিকথা অ’ পুৰাতনী নামে এই লেখাসমূহ পিছত প্ৰকাশ হৈছিল।[38]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.