ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ, প্ৰশিক্ষক From Wikipedia, the free encyclopedia
আৰ্টুৰ এণ্টুনিছ ক'ইম্ব্ৰা (Arthur Antunes Coimbra, পৰ্তুগীজ উচ্চাৰণ: [aʁˈtuʁ ɐ̃ˈtũnis koˈĩbɾɐ], জন্ম ৩ মাৰ্চ ১৯৫৩, ৰিঅ' ডি জেনেইৰ') বা জিক' (Zico, [ˈziku]), এজন ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। "বগা পেলে" (White Pelé) নামেৰেও জনাজাত জিক'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফিনিশ্বাৰ আৰু পাচাৰ বুলি গণ্য কৰা হয়। সত্তৰৰ দশকত আৰু আশীৰ দশকৰ আগছোৱাত তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ আছিল বুলিও কোৱা হয়।[2] অন্যতম শ্ৰেষ্ঠ প্লে'মে'কাৰ আৰু ফ্ৰী কিক্ বিশেষজ্ঞ জিক'ই বেগেৰে শ্বট্ মাৰি বলৰ গতিপথ সলাব পাৰিছিল। ১৯৯৯ চনত ফিফা শতিকাৰ খেলুৱৈৰ গ্ৰেণ্ড জুৰী ভোটত জিক'ই অষ্টম স্থান পাইছিল।[3] ২০০৪ চনত ফিফাৰ বঁটাপ্ৰদান অনুষ্ঠানত ১২৫ জন শ্ৰেষ্ঠ জীৱিত ফুটবলাৰৰ তালিকাত তেওঁক স্থান দিয়া হয়।[4] কিংবদন্তী খেলুৱৈ পেলেৰ মতে "throughout the years, the one player that came closest to me was Zico".[5]
২০০৭ চনত ফেনাৰবাট্শ্ব্ ফুটবল দলৰ সৈতে জিক' | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
সম্পূৰ্ণ নাম | আৰ্টুৰ এণ্টুনিছ ক'ইম্ব্ৰা | ||
জন্ম | ৩ মাৰ্চ, ১৯৫৩ (৭১ বছৰ) | ||
জন্মস্থান | ৰিঅ' ডি জেনেইৰ', ব্ৰাজিল | ||
উচ্চতা | ১.৭২ মিটাৰ (U=ft}})[1] | ||
খেলা স্থান | এটেকিং মিড্ফিল্ডাৰ | ||
ক্লাবৰ তথ্য | |||
বৰ্তমানৰ ক্লাব | ব্ৰাজিল (Consulant) | ||
যুৱ কেৰিয়াৰ | |||
১৯৬৭-৭২ | ফ্লেমেংগ' | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
১৯৭১-১৯৮৩ | ফ্লেমেংগ' | ২১২ | (১২৩) |
১৯৮৩-১৯৮৫ | উডিনে'ছ | ৩৯ | (২২) |
১৯৮৫-১৯৮৯ | ফ্লেমেংগ' | ৩৭ | (১২) |
১৯৯১-১৯৯৪ | কাশ্বিমা এণ্ট্লাৰ্ছ | ৪৬ | (৩৫) |
মুঠ | ৩৩৪ | (১৯২) | |
ৰাষ্ট্ৰীয় দল | |||
১৯৭৬-১৯৮৬ | ব্ৰাজিল | ৭১ | (৪৮) |
পৰিচালনা কৰা দল | |||
১৯৯৯ | কাশ্বিমা এণ্ট্লাৰ্ছ | ||
২০০০-২০০২ | CFZ | ||
২০০২-২০০৬ | জাপান | ||
২০০৬-২০০৮ | ফেনাৰবাট্শ্ব্ | ||
২০০৮ | বুন্য'ড্কৰ | ||
২০০৯ | CSKA মস্ক' | ||
২০০৯-২০১০ | অলিম্পিয়াক'ছ | ||
২০১১-২০১২ | ইৰাক | ||
২০১৩-২০১৪ | আল্ ঘৰাফা | ||
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে। |
ব্ৰাজিলৰ হৈ ৭১ খন খেলত ৪৮টা গ'লেৰে জিক' ৰাষ্ট্ৰীয় দলৰ চতুৰ্থ সৰ্বোচ্চ গ'লস্ক'ৰাৰ।[6] তেওঁ ১৯৭৮, ১৯৮২ আৰু ১৯৮৬ চনৰ বিশ্বকাপত জাতীয় দলৰ হৈ খেলিছিল। তেওঁলোকে তাৰে এখনো প্ৰতিযোগিতা জিকা নাছিল, কিন্তু ১৯৮২ চনৰ দলটোক অন্যতম শ্ৰেষ্ঠ ব্ৰাজিলিয়ান দল হিচাপে গণ্য কৰা হয়।[7] বিশ্বকাপ জয়ী দলত নথকা শ্ৰেষ্ঠ খেলুৱৈবোৰৰ মাজত জিক'ৰ নাম প্ৰায়েই উচ্চাৰিত হয়। ১৯৮১ আৰু ১৯৮৩ চনত তেওঁক বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত কৰা হৈছিল।[8]
জিক'ই জাপানৰ ৰাষ্ট্ৰীয় ফুটবল দলক প্ৰশিক্ষণ দি ২০০৬ চনৰ ফিফা বিশ্বকাপত উপনীত কৰাইছিল আৰু ২০০৪ চনৰ এছীয় কাপ জয়ী কৰাইছিল। তেওঁ প্ৰশিক্ষণ দিয়া ফেনাৰবাট্শ্ব্ ক্লাব ২০০৭-০৮ চনৰ ইউৰোপীয়ান চেম্পিয়ন্ছ লীগৰ কোৱাৰ্টাৰ ফাইনেলৰ উপনীত হৈছিল। ২০০৯ চনৰ জানুৱাৰীত তেওঁক CSKA মস্ক' দলৰ প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হয়। আকৌ ২০০৯ চনৰ ১৬ ছেপ্টেম্বৰত গ্ৰীক ক্লাব অলিম্পিয়াক'ছে তেওঁ দুবছৰৰ বাবে প্ৰশিক্ষক নিয়োগ কৰে, কিন্তু চাৰিমাহ পাছতে তেওঁক সেই পদৰ পৰা নিৰ্বাসন দিয়া হয়।[9]