![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f8/Global_Temperature_Anomaly.svg/langas-640px-Global_Temperature_Anomaly.svg.png&w=640&q=50)
গোলকীয় উষ্ণতা বৃদ্ধি
পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি / From Wikipedia, the free encyclopedia
গোলকীয় উষ্ণতা বৃদ্ধি হ'ল পৰিৱেশৰ প্ৰতি এটা ভয়ানক প্ৰত্যাহ্বান। পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ১৯৭১ চনৰ পৰা, বৰ্ধিত শক্তিৰ ৯০% সাগৰ-মহাসাগৰত জমা হৈছে, মুখ্যতঃ ০ ৰ পৰা ৭০০ মি. অঞ্চলত।[1] মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহৰ বাবে যোৱা শতিকাটোত হোৱা পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিয়েই হ'ল গোলকীয় উষ্ণতা বৃদ্ধি। বিংশ শতাব্দীৰ প্ৰথম ভাগৰ পৰা, গোলকীয় বায়ু আৰু সাগৰ পৃষ্ঠৰ উষ্ণতা প্ৰায় ০.৮° ছেলছিয়াছ (১.৪° ফাৰেনহাইট) বৃদ্ধি পাইছে, ১৯৮০ চনৰ পৰাই প্ৰায় দুই-তৃতীয়াংশ বৃদ্ধি পাইছে।[2] ১৯৫০ চনৰ পৰা যিকোনো পূৰ্বৱৰ্তী দশকতকৈ যোৱা তিনিটা দশকত পৃথিৱী পৃষ্ঠ সৰ্বাধিক উত্তপ্ত হোৱা পৰিলক্ষিত হৈছে।[3]
১৮৮০ৰ পৰা ২০১৩ চনলৈ ভূ-সাগৰীয় উষ্ণতা পৰিৱৰ্তনৰ গোলকীয় সমলেখ, ১৯৫১–১৯৮০ৰ তুলনাত। কলা আঁচ ডাল বাৰ্ষিক সমলেখ আৰু ৰঙা ডাল ৫-বছৰৰ ধাৰাবাহিক সমলেখ। সেউজীয়া বাৰডালে আনুমানিক অনিশ্চয়তা দৰ্শাইছে। উৎস: NASA GISS।
IPCCৰ পাঁচটা "SRES" নিৰ্গমন দৃশ্য লেখৰ তুলনাত জীৱাশ্ম ইন্ধনৰ লগত সম্পৰ্কিত কাৰ্বন ডাই অক্সাইডৰ (CO2) নিৰ্গমন। ঢালবোৰ গোলকীয় মন্দাৱস্থাৰ লগত সম্পৰ্কিত। ফটো উৎস: Skeptical Science