From Wikipedia, the free encyclopedia
জয়া আখতাৰ (জন্ম: ১৪ অক্টোবৰ, ১৯৭২) এগৰাকী ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ২০০৯ চনত তেওঁ লাক বাই চাঞ্চ নামৰ ছবিখনৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।[1][2] চলচ্চিত্ৰখনে সমালোচকৰ আদৰ লাভ কৰিবলৈ সক্ষম হয়। ২০১১ চনত তেওঁ সমালোচক তথা ব্যৱসায়িকভাৱে সফল জিন্দেগী না মিলেগী দোবাৰা শীৰ্ষক চলচ্চিত্ৰখন পৰিচালনা কৰে আৰু তাৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
জয়া আখতাৰ | |
---|---|
২০১২ চনত তালাশ ছবিৰ প্ৰচাৰৰ সময়ত জয়া আখতাৰ | |
জন্ম | ১৪ অক্টোবৰ, ১৯৭২ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | পৰিচালক, চিত্ৰনাট্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৯৯ চনৰ পৰা বৰ্তমানলৈ |
আত্মীয়-স্বজন | জাভেদ আখতাৰ (পিতৃ) ফাৰহান আখতাৰ (ভাতৃ) হানী ইৰাণী (মাতৃ) |
জয়া আখতাৰৰ জন্ম ১৯৭২ চনৰ ১৪ অক্টোবৰত, পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী। শ্বাবানা আজমী তেওঁৰ মাহীমাক। জয়া আখতাৰ ফাৰহান আখতাৰৰ ভগ্নী। মেনেকজী স্কুলত তেওঁ স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত মুম্বাইৰ চেণ্ট জেভিয়াৰছ কলেজৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ চিনেমা সম্পৰ্কীয় শিক্ষাৰ বাবে নিউয়ৰ্ক য়ুনিভাৰ্ছিটী ফিম্ল স্কুলত যোগদান কৰে।
জয়া আখতাৰে পোনপ্ৰথমে প্ৰাইচ অৱ বুলেট শীৰ্ষক এটি গানৰ ভিডিঅ’ৰ পৰিচালক হিচাপে কাম কৰি তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি ঘটাইছিল। দিল চাহতা হেই আৰু স্প্লিট ৱাইদ অপেন-ত তেওঁ কাষ্টিং ডিৰেক্টৰ হিচাপে, লক্ষ্য আৰু দিল চাহতা হেই-ত সহাকাৰী পৰিচালক হিচাপে তেওঁ কাম কৰিছিল। তাৰ পাছতে তেওঁ ৰীমা কাগতিৰ ছবি হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড-ৰ সহপ্ৰযোজনা কৰে।[3] তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথম চলচ্চিত্ৰখন হৈছে ২০০৯ চনত মুক্তি লাভ কৰা লাক বাই চাঞ্চ। ছবিখনে সমালোচকৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও বক্স অফিচত মুখ ঠেকেচা খায়। ২০১১ চনত তেওঁ ব্যৱসায়িকভাৱে যথেষ্ট সফল ছবি জিন্দেগী না মিলেগী দোবাৰা পৰিচালনা কৰে। ছবিখনে সমালোচকৰ পৰা ধনাত্মক মন্তব্য লাভ কৰাৰ উপৰিও জয়া আখতাৰে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈও সক্ষম হয়। ২০১৩ চনত তেওঁ অনুৰাগ কাশ্যপ, দিবাকৰ বেনাৰ্জী আৰু কৰণ জোহৰৰ সৈতে লগ লাগি বম্বে টকীজ ছবিখন নিৰ্মাণ কৰে। এই ছবিখন ভাৰতীয় চিনেমাৰ শতবৰ্ষ উপলক্ষে নিৰ্মাণ কৰা হৈছিল।[4][5] ২০১৫ চনত তেওঁৰ পৰিচালিত আন এখন চিনেমা হৈছে দিল ঢড়কনে দো মুক্তি লাভ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.