গেটওৱিয়ান
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
গেটওৱিয়ান(English : Gatewayian) হৈছে গেটৱে একাডেমী জুনিয়ৰ কলেজ,বাইহাটা চাৰিআলিৰ পৰা প্ৰকাশিত ই-মুখপত্ৰ । অসমৰ ভিতৰত এইখনেই প্ৰথমখন কোনো কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰভাৱে প্ৰকাশিত ই-মুখপত্ৰ ।
ইউনিকোডত লিখা-মেলা আৰু সাহিত্য চৰ্চাৰ বিষয়ে জীৱনৰ প্ৰথমখন খেলপথাৰতে ছাত্ৰ-ছাত্ৰীক আভাস দিয়াই গেটওৱিয়ানৰ মূল লক্ষ্য আৰু উদ্দেশ্য । ইয়াৰ বাহিৰেও গেটওৱিয়ানৰ অইন কেতবোৰ উদ্দেশ্য হৈছে -
গেটওৱিয়ানত মুখ্যতঃ ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লেখাহে প্ৰকাশ কৰা হয় যদিও অতিথি লেখকৰ নিৰ্বাচিত লেখা, সাক্ষাৎকাৰ আদিও প্ৰকাশ কৰাৰ হয় । লেখনিসমূহ সংগ্ৰহ কৰি, বাচনি কৰি, প্ৰয়োজনবোধে হাত ফুৰোৱাৰ আৰম্ভ কৰি পৰা আপলোড কৰালৈকে দায়িত্বসমূহ কাৰিকৰী সমিতিকে সম্পাদনা সমিতিৰ বিভিন্ন উপ-সমিতি সমূহে নিয়াৰিকৈ কৰে । লেখা প্ৰকাশৰ ক্ষেত্ৰত সম্পাদকৰ সিদ্ধান্তই চৃড়ান্ত সিদ্ধান্ত ।
নকল লেখাক কেতিয়াও প্ৰশ্ৰয় দিয়া নহয় আৰু কোনোবাই উপযুক্ত প্ৰমাণসহ আঙুলিয়াই দিয়ামাত্ৰেই তেনে লেখা মচি পেলোৱাৰ ব্যৱস্থা কৰা হয় ।
আলোচনীত প্ৰকাশিত লেখাসমূহ লেখক আৰু গেটওৱিয়ানৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।
সদ্যহতে প্ৰতি বছৰে মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ দিনা প্ৰকাশ পাবলগীয়া আলোচনীখনৰ প্ৰতিটো সংখ্যাৰ বাবে মহাবিদ্যালয়ত অধ্যয়নৰত যিকোনো এগৰাকী যোগ্য শিক্ষাৰ্থীক সম্পাদকৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । ২০১৮ চনৰ পৰা আত্মপ্ৰকাশ কৰা গেটওৱিয়ানৰ সম্পাদকৰ তালিকা এনেধৰণৰ -
বৰ্ষ | সম্পাদকৰ নাম | |
---|---|---|
২০১৮-১৯ | প্ৰিয়ম প্ৰীতম | |
http://gatewian.com Archived 2019-02-04 at the Wayback Machine এই লিংকত ক্লিক কৰি আপোনালোকে যিকোনো ঠাইৰ পৰা যিকোনো ডিভাইছৰ সহায়েৰে গেটওৱিয়ানৰ শেহতীয়া সংখ্যাত চকু ফুৰাব পাৰে । গেটওৱিয়ান Archived 2019-02-04 at the Wayback Machineত আপোনাৰ ব্যক্তিগত তথ্যসমূহ সম্পূৰ্ণ সুৰক্ষিত ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.