From Wikipedia, the free encyclopedia
গাম-ক'ভিড-ভেক (ইংৰাজী: Gam-COVID-Vac; ৰুছ: Гам-КОВИД-Вак) হৈছে ৰাছিয়াৰ Gamaleya Research Institute of Epidemiology and Microbiologyয়ে উদ্ভাৱন কৰা ক'ভিড-১৯ৰ এবিধ প্ৰতিষেধক। এই প্ৰতিষেধকটো Ministry of Health of the Russian Federationত ২০২০ চনৰ ১১ আগষ্টত পঞ্জীয়ণ কৰা হৈছিল।[1][2] ২০২০ চনৰ ৮ আগষ্টলৈকে এই প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰাইল প্ৰকাশ কৰা হোৱা নাছিল।[3] জাৰ্মান বাতৰি কাকত Der Tagesspiegelৰ মতে ভাৰত, ব্ৰাজিল, চৌদি আৰৱ আদি কুৰি খনতকৈও অধিক দেশে এই প্ৰতিষেধকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।[4]
Vaccine description | |
---|---|
Target disease | ক'ভিড-১৯ |
Type | viral vector vaccine based on human adenovirus |
Legal status | |
আইনী স্থিতি |
|
গামালয়া ৰিছাৰ্চ চেণ্টাৰ অৱ এপিডাৰমিঅ'লজি এণ্ড মাইক্ৰ'বায়লজিয়ে ২০২০ চনৰ মে' মাহত কোনো পাৰ্শক্ৰিয়া নথকা কভিড−১৯ৰ এটা প্ৰতিষেধক প্ৰস্তুত কৰি থকাৰ কথা ঘোষণা কৰিছিল।[5]
২০২০ চনৰ ১ আগষ্টত ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰী মিখাইল মোৰাস্কোয়ে প্ৰতিষেধকৰ "ক্লিনিকেল ট্ৰায়েল সম্পন্ন হ'ল" বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।[6]
২০২০ চনৰ ১১ আগষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন হোৱাৰ আগতেই প্ৰতিষেধকৰ অনুমোদন প্ৰদানৰ কথা ঘোষণা কৰে। ২০২০ চনৰ অক্টোবৰত ৰাছিয়াত প্ৰতিষেধক প্ৰদানৰ আশা কৰা হৈছে আৰু বৈদেশিক বজাৰত এই প্ৰতিষেধকৰক "স্পুটনিক V (Sputnik V)" বুলি নামকৰণ কৰা হ'ব।[7][8] ৰাছিয়া আৰু অন্য দেশৰ বিশেষজ্ঞসকলে তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ নকৰাকৈ অনুমোদন জনোৱা বাবে সুৰক্ষাৰ নীতি পালন কৰাৰ পৰামৰ্শ আগবঢ়াইছে, কিয়নো তৃতীয় পৰ্যায়ত এই প্ৰতিষেধকৰ সফলতাৰ হাৰ মাত্ৰ ৪০% আছিল।[9]
গামালয়াৰ প্ৰতিষেধকটো হৈছে একপ্ৰকাৰৰ ভাইৰেল ভেক্টৰ প্ৰতিষেধক। ই মানৱ এডেন'ভাইৰাছ (adenovirus) — এবিধ সাধাৰণ পানী লগা জ্বৰৰ ভাইৰাছ — ছাৰ্ছ কভ ২ ভাইৰাছৰ স্পাইক প্ৰ'ট্ৰিনৰ সৈতে সংলগ্ন কৰি এক অসংক্ৰমণ প্ৰতিক্ৰিয়াৰ উদ্দীপন সৃষ্টি কৰে।[10] "ইবলা ভাইৰাছৰ বিপক্ষে কাৰ্যকৰী, লগতে MERS virusৰ প্ৰতিষেধক" উদ্ভাৱন কৰা বুলি দাবী কৰা একেটা চৰকাৰী পৰীক্ষাগাৰতে গাম-কভিড-ভেকৰ উদ্ভাৱন কৰা হৈছে।[11]
২০২০ চনৰ ১০ আগষ্টত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, বায়েৰ (Bayer), এষ্ট্ৰাজেনেকা (AstraZeneca), নভাৰটিছ (Novartis) ইত্যাদি বৃহৎ বায়ফাৰ্মাচিউটিকেল কোম্পানীৰ সৈতে জড়িত ৰাছিয়াৰ Association of Clinical Trials Organizations এ এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰাইলৰ সফলতা লাভ নকৰালৈকে ইয়াৰ পঞ্জীয়নৰ স্থিতি পিছুৱাই নিবলৈ প্ৰস্তাৱ আগবঢ়াইছে।[12][13]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.