চুটিগল্প
গদ্য আকাৰে লিখা চমু সাহিত্যিক কৰ্ম / From Wikipedia, the free encyclopedia
চুটিগল্প (ইংৰাজী: Short story) সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী। চুটিগল্পৰ এটা স্বয়ংসম্পূৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই। বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাৰ মাজেদি জীৱন ধাৰণা ফুটাই তোলা সংক্ষিপ্ত পৰিসৰৰ সু-সংগঠিত, সংগত আৰু সংহত কথাশিল্পই হ'ল চুটিগল্প।[1]চুটিগল্পত জীৱনৰ এটি মুহূৰ্তৰ উজ্জ্বলতৰ দিশ প্ৰতিফলিত হয়। চুটিগল্পত আভ্যন্তৰ জীৱনৰ সত্য আৰু সৌন্দৰ্য কলাসুলভভাৱে চিত্ৰিত কৰা হয়। চুটিগল্পত পৰিপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ঘটনাইহে বিষয়বস্তুৰ ৰূপ লয়। লক্ষ্যৰ ঐক্য, উদ্দেশ্যৰ ঐক্যৰ প্ৰতি সতৰ্ক দৃষ্টিৰে চুটিগল্পৰ ঘটনাক একমুখী কৰি তোলা হয়।