কুঁৱা
ভূগৰ্ভস্থ পানীৰ সুবিধাৰ বাবে খনন বা গঠন / From Wikipedia, the free encyclopedia
কুঁৱা (ইংৰাজী: Well) হৈছে তৰল সম্পদ, সাধাৰণতে পানী, আহৰণৰ বাবে খনন পদ্ধতিৰে মাটিত সৃষ্টি কৰা গভীৰ চুঙা সদৃশ এক গঠন। আটাইতকৈ পুৰণি আৰু সাধাৰণ ধৰণৰ কুঁৱা বুলিলে পানীৰ কুঁৱাকে বুজা যায়। ইয়াক মাটিৰ তলৰ জলধাৰাত ভূগৰ্ভস্থ পানী লাভ কৰিবলৈ খন্দা হৈছিল। কুঁৱাৰ পানী পাম্পৰ দ্বাৰা টানি অনা হয়, বা পাত্ৰ ব্যৱহাৰ কৰি, যেনে বাল্টি বা ডাঙৰ পানীৰ মোনা যিবোৰ যান্ত্ৰিকভাৱে বা হাতেৰে ওপৰলৈ তুলিব লাগে। কুঁৱাৰ মাজেৰে পানী পুনৰ জলধাৰাত সুমুৱাই দিব পাৰি। প্ৰথমবাৰৰ বাবে কমেও আঠ হাজাৰ বছৰ আগতে কূপ নিৰ্মাণ কৰা হৈছিল আৰু ঐতিহাসিকভাৱে শুকান জলধাৰাৰ পলসত থকা সৰল স্কুপৰ পৰা আৰম্ভ কৰি ইৰাণৰ কানাট, আৰু ভাৰতৰ ষ্টেপৱেল আৰু ছাকিলৈকে ইয়াৰ নিৰ্মাণৰ ভিন্নতা আছে। কূপৰ খাদত আৱৰণ স্থাপন কৰিলে স্থিৰতা সৃষ্টি কৰাত সহায় হয় আৰু এইসমূহৰ ভিতৰত কাঠ বা বেতৰ কাৰু-কাৰ্যৰ আৱৰণ থকা এনে কুঁৱাবোৰ লৌহ যুগৰ আগৰ বুলি ধৰণা কৰা হৈছে।
পৰম্পৰাগতভাৱে কূপবোৰ হাতেৰে খন্দা হয়। এই কূপবোৰৰ নিৰ্মাণকাৰ্য সস্তা আৰু কম প্ৰযুক্তিৰ কাৰণ ইয়াত বেছিভাগেই হাতৰ শ্ৰম প্ৰয়োগ হয়, আৰু খনন কাম আগবাঢ়ি যোৱাৰ লগে লগে গঠনটো ইটা বা শিলেৰে আবৃত কৰিব পাৰি। কেচনিং নামৰ অধিক আধুনিক পদ্ধতিত পূৰ্বতে নিৰ্মাণ কৰি থোৱা কংক্ৰিটৰ কূপৰ আঙুঠি ব্যৱহাৰ কৰা হয় যিবোৰ গাঁতটোৰ ভিতৰলৈ নমাই দিয়া হয় আৰু দুটা ৰিঙৰ মাজত প্ৰলেপ ব্যৱহাৰ কৰি ছিদ্ৰ নোহোৱা কৰা হয়। তাৰ পিছত পানী সংগ্ৰহ কৰিবলৈ পাম্প স্থাপন কৰা হয়। হাতেৰে ড্ৰিলিং পদ্ধতি বা মেচিন ড্ৰিলিঙৰ দ্বাৰা গভীৰ কূপ খনন কৰিব পাৰি। ড্ৰিল কৰা কূপবোৰত সাধাৰণতে ষ্টীল বা প্লাষ্টিকৰ দ্বাৰা গঠিত কাৰখানাত নিৰ্মিত পাইপ লগোৱা হয়। খন্দা কূপতকৈ বহু বেছি গভীৰতাত খনন কৰা কূপে অতি সহজে বছৰৰ যিকোনো সময়তে পানী যোগান ধৰিব পাৰে।
মিঠা পানীৰ হ্ৰদ বা নৈৰ কাষত এটা সংগ্ৰাহক কূপ নিৰ্মাণ কৰিব পাৰি য’ত কোনো মাধ্যমৰ মাজেৰে পানী সোমাই যাব। কূপৰ স্থান জলভূতত্ত্ববিদ বা ভূগৰ্ভস্থ পানী জৰীপকাৰীয়ে নিৰ্বাচন কৰিব পাৰে। পানী পাম্প কৰি বা হাতেৰে টানিব পাৰি। পৃষ্ঠৰ পৰা অশুদ্ধি সহজেই অগভীৰ উৎসত উপনীত হ’ব পাৰে আৰু ৰোগকাৰক বা ৰাসায়নিক দূষক পদাৰ্থৰ দ্বাৰা যোগানৰ দূষণ এৰাই চলিব লাগে। কূপৰ পানীত সাধাৰণতে পৃষ্ঠীয় পানীতকৈ অধিক খনিজ পদাৰ্থ থাকে আৰু ইয়াক খোৱাৰ আগতে শোধনৰ প্ৰয়োজন হ’ব পাৰে। পানীৰ স্তৰ কমি যোৱাৰ লগে লগে আৰু চাৰিওফালৰ মাটি শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে মাটিৰ লৱণীয়কৰণ হ’ব পাৰে। লগতে আন এটা পৰিৱেশজনিত সমস্যা হ’ল মিথেন পানীত সোমাই যোৱাৰ সম্ভাৱনা থাকে।