From Wikipedia, the free encyclopedia
ক'লা চাউল (ইংৰাজী: Black rice) হৈছে Oryza sativa প্ৰজাতিৰ এক প্ৰকাৰৰ চাউল। ইয়াক purple rice বুলিও জনা যায়। ইয়াৰে কিছুমান আঠাজাতীয় চাউল।
বৰ্তমান সময়ত ক'লা চাউলৰ বিভিন্ন প্ৰকাৰ উপলব্ধ। ইয়াৰ ভিতৰত আছে ইণ্ডোনেছিয়ান ক'লা চাউল, ফিলিপাইন এয়াৰলুম বাল্টিনাউ ক'লা চাউল আৰু পিৰৰুটং ক'লা আঠাজাতীয় চাউল আৰু থাইলেণ্ডৰ জেচমিন ক'লা চাউল।[1][2] ভাৰতৰ মণিপুৰত ক'লা চাউলক চক-হাও নামেৰে জনা যায়।
বাংলাদেশত ইয়াক কালো ধানেৰ চাল বুলি জনা যায়। ইয়াক পোলাও বা চাউলৰ পৰা তৈয়াৰী মিঠাই প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ক'লা চাউলত খাদ্যত পোৱা সৰ্বোচ্চ স্তৰৰ এবিধ এণ্ট'চিয়ানিন থাকে।[3] এই শস্যৰ আঁহ মুগা চাউলৰ সমান পৰিমাণৰ আৰু মুগা চাউলৰ দৰে ইয়াৰো মৃদু সুগন্ধি আছে।[4]
ক'লা চাউলৰ ৰং ক'লা আৰু সাধাৰণতে সিজোৱাৰ পিছত ই বেঙুনীয়া ৰঙৰ হৈ পৰে। ইয়াৰ বেঙুনীয়া ৰং মূলতঃ ইয়াত থকা এণ্টোচাইনিয়ান সমলৰ কাৰণে হয়, যি আন ৰঙৰ শস্যৰ তুলনাত অধিক ওজনৰ।[5][6][7] ই মিঠাজাতীয় খাদ্য, পৰম্পৰাগত চীনা ক'লা চাউলৰ কেক, পিঠা আৰু নুডল তৈয়াৰ কৰিবলৈ উপযুক্ত।
নাম | পৰিমাণ | একক |
---|---|---|
শক্তি | ৩৫৬ | kcal |
প্ৰ'টিন | ৮.৮৯ | g |
লিপিড (চৰ্বী) | ৩.৩৩ | g |
শৰ্কৰা | ৭৫,৫৬ | g |
আঁহ | ২.২ | g |
চেনী, NLEA-কে ধৰি | ০ | g |
কেলচিয়াম | ০ | mg |
লোহা | ২.৪ | mg |
চ'ডিয়াম | ০ | mg |
ভিটামিন 'চি', এস্ক'ৰবিক এচিড | ০ | mg |
ভিটামিন A, IU | ০ | IU |
ফেটি এচিড (total saturated) | ০ | g |
ফেটি এচিড, (total trans) | ০ | g |
কলেষ্টেৰল | ০ | mg |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.