From Wikipedia, the free encyclopedia
জেক'বা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ[1] (জন্ম ৩ এপ্ৰিল, ১৯৮২)[2] এগৰাকী কানাডিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। টেলিভিজন চিৰিজ "হাউ আই মে'ট ইয়'ৰ মাদাৰ"-ৰ ৰবিন চাৰ্বাচ্ছ্স্কি আৰু মাৰ্ভেল জগতৰ মাৰিয়া হিল চৰিত্ৰৰ বাবে তেওঁ জনাজাত।
কানাডাৰ ব্ৰিটিছ কলম্বিয়া ৰাজ্যৰ ভেংকুভাৰত স্মল্ডাৰ্ছৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন ওলন্দাজ আৰু মাতৃ এগৰাকী ইংৰাজ। তেওঁৰ নামটো ডাঙৰ জেঠায়েকৰ নামেৰে ৰখা হৈছিল আৰু একে সূত্ৰেই তেওঁ "ক'বি" নামটোও লাভ কৰে।[3]
মডেলিং আৰম্ভ কৰিলেও ক'বিয়ে সেই কামটো ভাল পোৱা নাছিল আৰু সেইবাবে অভিনয়ত ভৰি দিবলৈও তেওঁ মন কৰা নাছিল।[4] মডেলিং বাদ দি তেওঁ সামুদ্ৰিক জীৱবিদ্যা পঢ়িবলৈ ভিক্ট'ৰিয়া বিশ্ববিদ্যালয়ত নাম লগায়। জহকালিৰ বন্ধত তেওঁ অভিনয়ৰ প্ৰশিক্ষণ লৈ সেই জগতত ভৰি থয়।[5]
স্মল্ডাৰ্ছে প্ৰথমে অতিথি অভিনেত্ৰী হিচাপে কল্পবিজ্ঞান চিৰিজ জেৰেমায়া (Jeremiah)ত অভিনয়ৰ সুযোগ লাভ কৰে। তাৰ পিছত তেওঁ দা এল্ ৱৰ্ড (The L Word)-কে ধৰি কেইবাখনো চিৰিজত ভূমুকি মাৰে। এবছৰৰ বাবে সম্প্ৰচাৰিত হোৱা এবিচি-ৰ টেলিভিজন চিৰিজ ভেৰিটাছ: দা কুৱেষ্ট (Veritas: The Quest)-ত তেওঁ স্থায়ী চৰিত্ৰৰ অভিনয় কৰিবলৈ পায়।
ভেৰিটাছ বন্ধ হোৱাৰ পিছত ২০০৫ চনত স্মল্ডাৰ্ছক চিবিএছ-ৰ ধাৰাবাহিক হাউ আই মে'ট ইয়'ৰ মাদাৰ-ত সাংবাদিক ৰবিন চাৰ্বাচ্ছ্স্কিৰ চৰিত্ৰ বাবে বাবে চুক্তিবদ্ধ কৰা হয়। এই ধাৰাবাহিকখন ন বছৰ জুৰি চলে।
নিউ য়ৰ্কৰ মঞ্চত তেওঁ Love, Loss, and What I Wore নাটকত ২০১০ চনৰ ১০ জুনৰ পৰা ২৭ জুনলৈকে অভিনয় কৰে।[6]
২০১২ চনৰ বোলছবি দা এভেঞ্জাৰ্ছত ক'বিয়ে মাৰিয়া হিলৰ চৰিত্ৰ ৰূপায়ণ কৰে। ২০১৩ চনত টেলিভিজন চিৰিজ মাৰ্ভেল্ছ এজেণ্ট্ছ অৱ শ্বিল্ডৰ প্ৰিমিয়াৰৰ লগতে[7] ২০১৪ চনৰ বোলছবি কেপ্টেইন আমেৰিকা: দা ৱিণ্টাৰ চ'ল্জাৰত[8] তেওঁ একে চৰিত্ৰত অভিনয় কৰে আৰু ২০১৫ চনৰ এভেঞ্জাৰ্ছ: এ'জ অৱ আল্ট্ৰনতো ভূমুকি মাৰিব।[9] Whedon has suggested he had considered her for the role of Wonder Woman in his draft of the eponymous film, which did not go into production.[10] ২০১৪ চনৰ এনিমেচন চলচ্চিত্ৰ দা লেগ' মুভিত স্মল্ডাৰ্ছে ৱ'ণ্ডাৰ ৱ'মেনৰ চৰিত্ৰত কণ্ঠদান কৰে।
২০১৩ স্মল্ডাৰ্ছে ৰোমাণ্টিক ছবি ছে'ফ হেভেনত এটা সহ-চৰিত্ৰত অভিনয় কৰে। একে বছৰৰ কমেডী ছবি ডেলিভাৰী মেনতো তেওঁ নায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰে।[11]
২০০৯ চনৰ জানুৱাৰীত আমেৰিকান অভিনেতা টৰান কিলামৰ সৈতে স্মল্দাৰ্ছৰ বাগ্দান অনুষ্ঠিত হয়[12] আৰু ২০১২ চনৰ ৮ ছেপ্টেম্বৰত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।[13] শ্বেলিন কাড' কিলাম নামৰে তেওঁলোকৰ এজনী ছোৱালী আছে।[14] তেওঁলোকে কলিফ'ৰ্নিয়াৰ লছ এঞ্জেল্ছত বসবাস কৰে।[15]
বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
---|---|---|---|
২০০৪ | ৱাকিং টল্ | আই কেণ্ডি | |
২০০৪ | ইল্ ফে'টে'ড[16] | মেৰী | |
২০০৫ | দা লং ৱিকে'ণ্ড | এলেন | |
২০০৬ | এছ্কে'প[উদ্ধৃতিৰ প্ৰয়োজন] | উন্মাদ যুৱতী | চুটি ছবি |
২০০৬ | ড: মিৰেকল্ছ[17] | মিচেচ্ পিটাৰচন | চুটি ছবি |
২০০৭ | ২৮ ৱিক্ছ লে'টাৰ[18] | মাৰ্টিনা | চুটি ছবি |
২০০৭ | দা ষ্টৰ্ম এৱেইট্ছ[19] | এনাবেলা ডিল'ৰেঞ্জ' | চুটি ছবি |
২০০৯ | দা স্লেমিং চাল্ম'ন | টাৰা | |
২০১২ | দা এভেঞ্জাৰ্ছ | মাৰিয়া হিল | |
২০১২ | গ্ৰাছ্ৰুট্ছ | ক্লেইৰ | |
২০১৩ | ছে'ফ হেভেন | কাৰ্লি জ' হুইট্লী | |
২০১৩ | ডেলিভাৰী মেন | এমা | |
২০১৪ | দা লেগ' মুভি | ৱ'ণ্ডাৰ ৱ'মেন (কণ্ঠ) | |
২০১৪ | দেই কে'ম টুগেদাৰ | টিফানী | |
২০১৪ | কেপ্টেইন এমেৰিকা: দা ৱিণ্টাৰ চ'ল্জাৰ | মাৰিয়া হিল | |
২০১৫ | এভেঞ্জাৰ্ছ: এ'জ অৱ আল্ট্ৰন | মাৰিয়া হিল | প'ষ্ট প্ৰডাক্চন |
বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
---|---|---|---|
২০০২ | স্পেচিয়েল ইনিট ২ | জ' | খণ্ড: "দা ৱিশ্ব্" |
২০০২ | জেৰেমায়া | দেব'ৰা | খণ্ড: "থিভ্ছ অনৰ" |
২০০৩ | ট্ৰু কলিং | চাৰা ৱেব্ | খণ্ড: "ব্ৰাদাৰ্ছ কীপাৰ" |
২০০৩-২০০৪ | ভেৰিটাছ: দা কুৱেষ্ট | জুলিয়েট দ্ৰইল | ১৩টা খণ্ড |
২০০৪ | স্মল্ভিলে | শ্বেনন্ বে'ল | খণ্ড: "বাউণ্ড" |
২০০৫ | এণ্ড্ৰ'মিদা | ৰডৰ পত্নী | ২টা খণ্ড |
২০০৫ | দা এল্ ৱৰ্ড | লেই অষ্টিন | ৪টা খণ্ড |
২০০৫-২০১৪ | হাউ আই মে'ট ইয়'ৰ মাদাৰ | ৰবিন চাৰ্বাচ্ছ্স্কি | ২০৮টা খণ্ড |
২০১০ | হাউ টু মে'ক ইট্ ইন্ এমেৰিকা | হেইলী | খণ্ড: "পাইলট" |
২০১৩–বৰ্তমানলৈ | এজেণ্ট্ছ অৱ শ্বিল্ড | মাৰিয়া হিল | ২টা খণ্ড |
২০১৩ | কমেডী বেং বেং | নিজে | খণ্ড: "ক'বি স্মল্ডাৰ্ছ ৱে'ৰ্ছ এ ব্লক অণ্ড হোৱাইট ষ্ট্ৰেপ্লে'ছ ড্ৰেছ" |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.