উৎপাদকৰ আচৰণৰ তত্ত্ব
From Wikipedia, the free encyclopedia
উৎপাদকৰ আচৰণৰ তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ তত্ত্ব। এই তত্ত্বত কোনো উৎপাদকে সন্মুখীন হোৱা পৰিৱেশত কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাক ব্যাখ্যা কৰা হয়। সাধাৰণতে নব্য-ধ্ৰুপদী অৰ্থনীতিত এই কথা মানি লোৱা হয় যে উৎপাদক তৰ্কসংগত। সাধাৰণতে, উৎপাদকে সেই পন্থা অৱলম্বন কৰে, যি পন্থাই তেওঁৰ জ্ঞানৰ আধাৰত, সৰ্বাধিক লাভ প্ৰদান কৰিব।
সেয়ে উৎপাদকৰ বাছনি সমস্যাক এনেদৰে প্ৰকাশ কৰিব পৰা যায়- অৰ্থাৎ, উৎপাদকে তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিসমূহৰ সদিশ
ক মান্য গ্ৰহণ কৰি, সেই উপাদানৰ সদিশ
চয়ন কৰে যাতে লাভ
বৃহদায়িত হয়। ইয়াত লাভক উপাদান আৰু অন্যান্য প্ৰাচলৰ ফলন গণ্য কৰা হয়।