ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ.এছ.এছ[10] এক ভাৰতীয় সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা। ইয়াক ভাৰতৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ অনুষ্ঠান হিচাপে গণ্য কৰা হয়।[3][2][4][11] ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মূলতঃ সংঘ পৰিবাৰৰ এক অংশ আৰু ই সংঘ পৰিবাৰৰ নেতৃত্ব বহন কৰে। ১৯২৫ চনৰ ২৭ ছেপ্টেম্বৰত স্থাপিত হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৃথিৱীৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন।[12]

ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমু নাম ...
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ
Thumb
Official logo of the RSS
চমু  নাম আৰ.এছ.এছ.
প্ৰতিষ্ঠা ২৭ ছেপ্টেম্বৰ ১৯২৫ (৯৮ বছৰ আগত) (1925-09-27)
ধৰণ সোঁপন্থী[1] স্বেচ্ছাসেৱক[2] অৰ্ধসামৰিক[3][4]
সক্ৰিয়তা সক্ৰিয়
উদ্দেশ্য হিন্দু ৰাষ্ট্ৰবাদ আৰু হিন্দুত্ব[5]
প্ৰধান  কাৰ্যালয় নাগপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
সদস্যপদ ৫০-৬০ লাখ[6][7][8]
৫৬,৮৫৯ টা শাখা (২০১৬)[9]
সৰসংঘচালক মোহন ভাগৱত
ভুক্তি সংঘ পৰিবাৰ
বন্ধ কৰক

ইয়াৰ প্ৰাৰম্ভিক উদ্দেশ্য আছিল হিন্দু সংস্কাৰ আৰু নীতিৰে চৰিত্ৰ গঠন কৰি হিন্দু সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰা আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰা।[13][14] এই সংস্থায়ে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগায় আৰু হিন্দুত্ব বিচাৰধাৰাৰ সহায়ত হিন্দু সম্প্ৰদায়ৰ সৱলীকৰণ কৰিবলৈ চেষ্টা কৰে।[15][16] ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে প্ৰথমতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ সোঁপন্থী গোটৰ পৰা অনুপ্ৰাণিত হৈছিল।[14] পিছলৈ ই এক বৃহৎ হিন্দু ৰাষ্ট্ৰবাদী অনুষ্ঠানত পৰিণত হল। বৰ্তমান ইয়াৰ অধীনত বহুতো অনুষ্ঠান, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ক্লাৱ আদি আছে আৰু ইয়াৰ জৰিয়তে সংঘয়ে নিজৰ বিচাৰধাৰা বিস্তাৰ কৰে।[14]

ব্ৰিটিছৰ শাসন কালত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এবাৰ নিষিদ্ধ ঘোষিত হৈছিল।[14] ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এতিয়ালৈকে ই তিনিবাৰ নিষিদ্ধ ঘোষিত হৈছে। প্ৰথমে ১৯৪৮ চনত মহাত্মা গান্ধীৰ হত্যাৰ লগত পূৰ্বৰ সংঘৰ সদস্য জড়িত থকা বুলি গম পোৱাৰ পিছত[17][14][18][19] দ্বিতীয়বাৰ ১৯৭৫-৭৭ চনৰ আপাতকালৰ সময়ত আৰু তৃতীয়বাৰ ১৯৯২ চনৰ বাবৰী মছজিদ ধ্বংসৰ পিছত।

তথ্য উৎস

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.