![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7a/Asha_Bhosle_-_still_47160_crop.jpg/640px-Asha_Bhosle_-_still_47160_crop.jpg&w=640&q=50)
আশা ভোছলে
ভাৰতীয় গায়িকা / From Wikipedia, the free encyclopedia
আশা ভোঁচলে (ইংৰাজী: Asha Bhosle) ভাৰতৰ এগৰাকী স্বনামধন্যা জনপ্ৰিয় গায়িকা। তেওঁ ১৯৪৩ চনৰপৰা এতিয়ালৈকে সহস্ৰাধিক হিন্দী আৰু ভিন্নভাষী চলচ্চিত্ৰৰ লগতে বহুকেইটা ব্যক্তিগত এলবামত গান গাইছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মঞ্চত গীত পৰিৱেশন কৰিছে। তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী। তেওঁ নিজৰ কণ্ঠৰ বিচিত্ৰতাৰ কাৰণে ভিন্ন ভাষাৰ বোলছবি সংগীত, পপ সংগীত, গজল, ভজন, ভাৰতীয় শাস্ত্ৰীয় সংগীত, লোকসংগীত, কাৱালি, ৰবীন্দ্ৰ সংগীত ইত্যাদি প্ৰায় সকলোধৰণৰ গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁ হিন্দী ভাষাৰ উপৰিও ২০ টাতকৈ অধিক দেশী বিদেশী ভাষাত কণ্ঠদান কৰিছে। ২০০৯ চনত 'ৱৰ্ল্ড ৰেকৰ্ডছ একাডেমী' নামৰ এটা আন্তৰ্জাতিক সংগঠনে তেওঁক বিশ্বৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী (১২০০০তকৈয়ো অধিক) বুলি স্বীকৃতি দিয়ে আৰু ২০১১ চনত একেটা কাৰণতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০০০ চনত দাদা চাহেব ফাল্কে বঁটা আৰু ২০০৮ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰে।
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
আশা ভোঁচলে | |
---|---|
![]() | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | আশা মংগেশকাৰ |
জন্ম | ৮ ছেপ্টেম্বৰ, ১৯৩৩ (৯০ বছৰ) ছাংলি, ব'ম্বে প্ৰেছিডেন্সি |
সংগীতৰ প্ৰকাৰ | পপ, লোকসংগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত |
পেচা | গায়িকা, নেপথ্য কণ্ঠশিল্পী |
বাদ্যযন্ত্ৰ | কণ্ঠ |
কাৰ্যকাল | ১৯৪৩ - বৰ্তমান |