আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক From Wikipedia, the free encyclopedia
আল্ফ্ৰেড' ষ্টিফান' ডি ষ্টিফান' ল'উহি (Alfredo Stéfano di Stéfano Laulhé)[2] (স্পেনিছ উচ্চাৰণ: [alˈfɾeðo ði (e)sˈtefano]; ৪ জুলাই ১৯২৬ – ৭ জুলাই ২০১৪) এজন আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক আছিল। ১৯২৬ চনৰ ৪ জুলাইত বাৰাকাছ, বুৱেন'ছ আয়াৰ্ছত জন্মলাভ কৰা ডি ষ্টিফান'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰূপে গণ্য কৰা হয়।[3][4][5][6] পঞ্চাছৰ দশকত ডি ষ্টিফান'ই ৰিয়েল মাড্ৰিডক ১৯৫৬ চনৰ পৰা লেথাৰিয়ে পাঁচবাৰ ইউৰোপীয়ান চেম্পিয়ন্ছ লীগ খিতাপ দখল কৰাত সহায় কৰিছিল। মাত্ৰ ফ্ৰান্সিস্ক' গেণ্ট' আৰু তেৱেঁই সেই খিতাপ লাভ কৰা আটাইকেইখন খেলত খেলা দুজন খেলুৱৈ। বেছিকৈ স্পেইনৰ হৈ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলা ডি ষ্টিফান'ই আৰ্জেণ্টিনা আৰু কলম্বিয়াৰ হৈও খেলিছিল।
১৯৫৮ চনত ডি ষ্টিফান' | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
সম্পূৰ্ণ নাম | Alfredo Stéfano di Stéfano Laulhé[1] | ||
জন্ম | ৪ জুলাই, ১৯২৬ (৯৮ বছৰ) | ||
জন্মস্থান | বুৱেন'ছ আয়াৰ্ছ, আৰ্জেণ্টিনা | ||
মৃত্যু | ৭ জুলাই, ২০১৪ (৮৮ বছৰ) | ||
মৃত্যুস্থান | মাড্ৰিড, স্পেইন | ||
উচ্চতা | 1.78 মিটাৰ (U=ft}}) | ||
খেলা স্থান | ফৰৱাৰ্ড | ||
ক্লাবৰ তথ্য | |||
বৰ্তমানৰ ক্লাব | ৰিয়েল মাড্ৰিড (সন্মানীয় জীৱনযোৰা সভাপতি) | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
১৯৪৫-১৯৫১ | ৰিভাৰ প্লে'ট | ৬৬ | (৪৯) |
১৯৪৬ | → Huracán (ল'ন) | ২৪ | (১১) |
১৯৫১-১৯৫৩ | মিল'নেৰিয়'ছ | ১০২ | (৯০) |
১৯৫৩-১৯৬৪ | ৰিয়েল মাড্ৰিড | ২৮৪ | (২১৬) |
১৯৬৪-১৯৬৬ | ইস্পান্যল | ৪৭ | (১১) |
মুঠ | ৫২১ | (৩৭৭) | |
ৰাষ্ট্ৰীয় দল | |||
১৯৪৭ | আৰ্জেণ্টিনা | ৬ | (৬) |
১৯৪৯ | কলম্বিয়া[n 1] | ৪ | (০) |
১৯৫৭-১৯৬১ | Spain | ৩১ | (২৩) |
পৰিচালনা কৰা দল | |||
১৯৬৭-১৯৬৮ | এল্চে | ||
১৯৬৯-১৯৭০ | ব'কা জুনিয়'ৰ্ছ | ||
১৯৭০-১৯৭৪ | ভেলেঞ্চিয়া | ||
১৯৭৪-১৯৭৪ | স্প'ৰ্টিং চি পি | ||
১৯৭৫-১৯৭৬ | ৰেয়' ভালেকেন' | ||
১৯৭৬-১৯৭৭ | কেষ্টেল'ন | ||
১৯৭৯-১৯৮০ | ভেলেঞ্চিয়া | ||
১৯৮১-১৯৮২ | ৰিভাৰ প্লে'ট | ||
১৯৮২-১৯৮৪ | ৰিয়েল মাড্ৰিড | ||
১৯৮৫ | ব'কা জুনিয়'ৰ্ছ | ||
১৯৮৬-১৯৮৮ | ভেলেঞ্চিয়া | ||
১৯৯০-১৯৯১ | ৰিয়েল মাড্ৰিড | ||
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে। |
"Saeta rubia" ("blond arrow" বা সোণালী চুলিৰ কাঁড়),[7][8][9] নামেৰেও জনাজাত ডি ষ্টিফান' ষ্টেমিনা, কৌশল আৰু দৃষ্টিৰে সমৃদ্ধ এজন শক্তিশালী ফৰৱাৰ্ড আছিল। খেলপথাৰৰ যিকোনো স্থানতে তেওঁ খেলিব পাৰিছিল। স্পেইনৰ শীৰ্ষ লীগত তেওঁ পঞ্চম সৰ্বোচ্চ স্ক'ৰাৰ। ১৯৫৩ৰ পৰা ১৯৬৪ চনলৈ ২৮২ খন লীগ খেলত ২১৬টা গ'লেৰে তেওঁ ৰিয়েল মাড্ৰিডৰ সৰ্বকালৰ দ্বিতীয় সৰ্বোচ্চ লীগ গ'লস্ক'ৰাৰ।
২০০৩ চনৰ নৱেম্বৰত উৱেফাৰ জয়ন্তীৰ লগত সংগতি ৰাখি Royal Spanish Football Federation-এ যোৱা পঞ্চাছ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে তেওঁক স্পেইনৰ Golden Player হিচাপে নিৰ্বাচিত কৰিছিল।[10] ২০০৪ চনৰ মাৰ্চত পেলেই তেওঁক "১২৫ জন শ্ৰেষ্ঠ জীৱিত খেলুৱৈ"ৰ মাজত স্থান দিয়ে (২০০৯ চনৰ ছেপ্টেম্বৰত পেলেই ডি ষ্টিফান'ক আৰ্জেণ্টিনাৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি অভিহিত কৰিছিল)[11] ফৰাছী সাপ্তাহিক আলোচনী France Football-এ প্ৰাক্তন বেলন ডিঅ'ৰ বিজয়ীসকলৰ লগত আলোচনা কৰি শতিকাৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ নিৰ্বাচনৰ বাবে কৰা ভোটত ডি ষ্টিফান'ই পেলে, ডিয়েগ' মাৰাড'না আৰু য়'হান ক্ৰায়্ফৰ পিছত চতুৰ্থ স্থান পাইছিল।[12]
পেলে, ইউজেবিউ, লুইছ ছুৱাৰেজ, ছেন্দ্ৰ' মাজ'লা আৰু জন চাৰ্লছৰ দৰে খেলুৱৈয়ে ডি ষ্টিফান'ক "খেলৰ ইতিহাসত সকলোতকৈ সম্পূৰ্ণ খেলুৱৈ" বুলি কৈ গৈছে।[13]
২০১৪ চনৰ জুলাইৰ হৃদৰোগত আক্ৰান্ত হোৱাত ডি ষ্টিফান'ক মাড্ৰিডৰ গ্ৰেগ'ৰিঅ' মাৰানন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়[14] আৰু তাতে ৭ জুলাইত তেওঁৰ মৃত্যু হয়।[15][16]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.