আল-কাছাছ
আল-কোৰআনৰ ২৮তম ছূৰা / From Wikipedia, the free encyclopedia
"Q28" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। the bus routeৰ বাবে, Q28 (New York City bus) চাওক।
আল-কাছাছ (আৰবী: القصص, ’al-qaṣaṣ; অৰ্থ: গল্প) হৈছে পবিত্ৰ কোৰআনৰ ২৮ নং ছূৰা (অধ্যায়) য'ত ৮৮টা আয়াত (শ্লোক) আছে।
ক্ষিপ্ৰ তথ্য শ্ৰেণী, নামৰ অৰ্থ ...
আল-কাছাছ | |
শ্ৰেণী | মক্কী |
---|---|
নামৰ অৰ্থ | গল্প |
অন্য নাম | গল্প, বিবৰণ |
পৰিসংখ্যা | |
ছূৰাৰ ক্ৰম | ২৮ |
আয়াতৰ সংখ্যা | ৮৮ |
পাৰাৰ ক্ৰম | ২০ |
মঞ্জিল নং | ৪০ |
ৰুকৰ সংখ্যা | ৮ |
মুকাত্তা'আত | তা ছিন মিম طسم |
পূৰ্বৱতী ছূৰা | কোৰআন ২৭ |
পৰৱৰ্তী ছূৰা | কোৰআন ২৯ |
----
|
বন্ধ কৰক
ইবনে কাথিৰৰ টোকা অনুসৰি এই অধ্যায়টোৰ নাম ২৫ নং আয়াতৰ পৰা লোৱা হৈছে য’ত আল-কাছাছ শব্দটো পোৱা গৈছে। আভিধানিকভাৱে কাছাছৰ অৰ্থ হ’ল পৰিঘটনাবোৰক সঠিক ক্ৰমত সম্পৰ্কিত কৰা। এইদৰে অৰ্থৰ দৃষ্টিকোণৰ পৰাও এই শব্দটো এই ছূৰাটোৰ বাবে উপযুক্ত উপাধি হ’ব পাৰে, কাৰণ ইয়াত হজৰত মুছাৰ বিশদ কাহিনী বৰ্ণনা কৰা হৈছে, লগতে ইয়াত ৭৬ নং আয়াতৰ পৰা ৮৩ নং আয়াতলৈকে কাৰুণ(কোৰাহ)ৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে, য’ত বুজাই দিয়া হৈছে যে কেনেকৈ কাৰুনে নিজৰ বিজ্ঞানৰ দ্বাৰা উপাৰ্জন কৰা বিশাল ধন-সম্পত্তি বুলি ভাবি নিজকে গৌৰৱ কৰিছিল, তেওঁৰ ওপৰত আল্লাহৰ কৃপাক অস্বীকাৰ কৰিছিল, আৰু পিছলৈ আল্লাহে তেওঁক তেওঁৰ ধনেৰে ধ্বংস কৰিছিল মাটিৰ তলত।