আন্না হাজাৰে
From Wikipedia, the free encyclopedia
আন্না হাজাৰে (ইংৰাজী: Anna Hazare; জন্ম: ১৫ জুন, ১৯৪০) হ'ল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে (ইংৰাজী: Kisan Baburao Hazare)। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। আনাৰ কাৰণেই এই গাঁৱখনে এখন আদৰ্শ গাঁও হিচাপে পৰিচয় লাভ কৰিছিল। এই কামৰ স্বীকৃতিৰ বাবে তেওঁক ১৯৯২ চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। ২০১১ চনৰ ৫ এপ্ৰিলৰ পৰা তেওঁ চৰকাৰী কাৰ্যলয়ত আৰু সমাজৰ পৰা দুৰ্নীতি নিৰ্মুলৰ কাৰণে জন লোকপাল বিল আইনৰূপে বলবৎ কৰাৰ কাৰণে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰে।
ক্ষিপ্ৰ তথ্য আন্না হাজাৰে, জন্ম ...
আন্না হাজাৰে | |
---|---|
তেওঁৰ গাওঁ ৰালেগন সিদ্ধি, মহাৰাষ্ট্ৰত হাজেৰে | |
জন্ম | কিচান বাবুৰাও হাজাৰে ১৫ জুন, ১৯৩৭ (৮৭ বছৰ) ভিঙ্গাৰ, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | কিচান বাবুৰাও হাজাৰে |
জনা যায় | ভাৰতৰ ২০১১-২০১২ চনৰ দুৰ্নীতি-বিৰোধী আন্দোলন, তথ্য জনাৰ অধিকাৰ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (১৯৯০) পদ্মভূষণ (১৯৯২) |
ৱেবছাইট | |
annahazare |
বন্ধ কৰক