আচৰণবাদ
From Wikipedia, the free encyclopedia
আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ (ইংৰাজী: Behaviorism) । আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি ৱাটচন (ইংৰাজী: John B. Watson) আৰু বি এফ স্কীনাৰ (ইংৰাজী: B. F. Skinner)। ইয়াৰোপৰি ৰাছিয়াৰ আইভান পাভলভ, বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।