ভাৰতীয় দবা খেলুৱৈ From Wikipedia, the free encyclopedia
ডোম্মাৰাজু গুকেশ (ইংৰাজী: Dommaraju Gukesh; জন্ম: ২৯ মে' ২০০৬) চমুকৈ গুকেশ ডি এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। দবাৰ বিস্ময় বালক হিচাপে তেওঁ বিশ্বৰ তৃতীয় কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ।[1] ইয়াৰ লগতে তেওঁ আন্তৰ্জাতিক ডবা ফেডাৰেচনৰ ২৭০০ ৰেটিং লাভ কৰা তৃতীয় কনিষ্ঠতম, ২৭৫০ ৰেটিং লাভ কৰা আটাইতকৈ কনিষ্ঠতম আৰু প্ৰাৰ্থী প্ৰতিযোগিতাত জয়ী হোৱা আটাইতকৈ কনিষ্ঠতম ব্যক্তি।[2] ২০২৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত জয়লাভ কৰি গুকেশ বিশ্ব দবা চেম্পিয়নৰ খিতাপত প্ৰতিদ্বন্দ্বিতা কৰা আটাইতকৈ কনিষ্ঠতম প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হয়।[3]
গুকেশ ডি | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
২০২৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত গুকেশ | ||||||||||
সম্পূৰ্ণ নাম | ডোম্মাৰাজু গুকেশ | |||||||||
দেশ | ভাৰত | |||||||||
জন্ম | ২৯ মে', ২০০৬ (১৮ বছৰ) চেন্নাই, তামিলনাডু, ভাৰত | |||||||||
খিতাপ | গ্ৰেণ্ডমাষ্টাৰ (২০১৯) | |||||||||
ফিডে ৰেটিং | 2743 (এপ্ৰিল 2024) | |||||||||
শীৰ্ষ ৰেটিং | ২৭৫৮ (ছেপ্টেম্বৰ ২০২৩) | |||||||||
ৰেংকিং | No. 16 (এপ্ৰিল 2024) | |||||||||
শীৰ্ষ ৰেংকিং | ৮ নং (ছেপ্টেম্বৰ ২০২৩) | |||||||||
পদক অভিলেখ
|
২০০৬ চনৰ ২৯ মে' তাৰিখে তামিলনাডুৰ চেন্নাইৰ এক হিন্দু তেলুগু পৰিয়ালত গুকেশৰ জন্ম হৈছিল।[4][5] তেওঁৰ পিতৃ-মাতৃ অন্ধ্ৰ প্ৰদেশৰ গোদাৱৰী বদ্বীপ অঞ্চলৰ বাসিন্দা আছিল।[5] তেওঁৰ পিতৃ ডাঃ ৰজনীকান্ত এজন কাণ, নাক আৰু ডিঙিৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু মাতৃ ডাঃ পদ্ম এগৰাকী অণুজীৱবিজ্ঞানী।[6] সাত বছৰ বয়সত তেওঁ দবা খেলিবলৈ শিকিছিল।[7] বৰ্তমান তেওঁ চেন্নাইৰ মেল অয়ানম্বকমৰ ভেলামল বিদ্যালয়ত অধ্যয়ন কৰি আছে।[8]
গুকেশে ২০১৫ চনত এছিয়ান স্কুল দবা চেম্পিয়নশ্বিপৰ ৯ বছৰ অনুৰ্ধৰ শাখাত জয়লাভ কৰে[9] আৰু ২০১৮ চনত ১২ বছৰ অনুৰ্ধৰ শাখাত বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত জয়ী হয়।[10] ২০১৮ চনৰ এছিয়ান যুৱ দবা চেম্পিয়নশ্বিপত অনূৰ্ধ্ব-১২ ব্যক্তিগত ৰেপিড আৰু ব্লিটজ, ১২ বছৰ অনুৰ্ধৰ দলীয় ৰেপিড আৰু ব্লিটজ, আৰু অনূৰ্ধ্ব-১২ ব্যক্তিগত ধ্ৰুপদী ফৰ্মেটত তেওঁ পাঁচটা সোণৰ পদক লাভ কৰে।[11] ২০১৭ চনৰ মাৰ্চ মাহত তেওঁ ৩৪ সংখ্যক কেপেল-লা-গ্ৰেণ্ড অ'পেনত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰৰ খিতাপৰ বাবে প্ৰয়োজনীয়তা অৰ্হতাসমূহ সম্পূৰ্ণ কৰে।[12]
২০১৯ চনৰ ১৫ জানুৱাৰীত ১২ বছৰ, ৭ মাহ আৰু ১৭ দিন বয়সত গুকেশ ইতিহাসৰ সেইসময়ৰ দ্বিতীয় কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয়।[13] তেওঁ মাত্ৰ ১৭ দিনৰ ব্যৱধানৰ বাবে সেই সময়ৰ কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ চেৰ্গেই কাৰ্জাকিনৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে।[14] তাৰপিছত অভিমন্যু মিশ্ৰই এই অভিলেখক ভংগ কৰাৰ ফলত গুকেশ তৃতীয় কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয়।[15]
২০২১ চনৰ জুন মাহত তেওঁ জুলিয়াছ বেয়াৰ চেলেঞ্জাৰছ চেছ ট্যুৰ, গেলফেণ্ড চেলেঞ্জত ১৯ পইণ্টৰ ভিতৰত ১৪ পইণ্ট লাভ কৰি জয়লাভ কৰে।[16]
২০২২ চনৰ আগষ্ট মাহত তেওঁ ৮/৮ ৰ নিখুঁত স্ক’ৰেৰে ৪৪ সংখ্যক দবা অলিম্পিয়াড আৰম্ভ কৰে আৰু ৮ম মেচত ইণ্ডিয়া-২দলক ১ নং ৰেংকিঙেৰে আমেৰিকাক পৰাস্ত কৰাত সহায় কৰে। ১১ ৰ ভিতৰত ৯ স্ক’ৰেৰে ২৮৬৭ ইলো প্ৰদৰ্শন কৰি ১ম ব’ৰ্ডত স্বৰ্ণ পদক অৰ্জন কৰে।
২০২২ চনৰ ছেপ্টেম্বৰ মাহত গুকেশে প্ৰথমবাৰৰ বাবে ২৭০০ ৰ ওপৰত ৰেটিং লাভ কৰে আৰু মুঠ ২৭২৬ ৰেটিং লাভ কৰে।[17] ইয়াৰ ফলত তেওঁ ২৭০০ ৰেটিঙৰ সীমা অতিক্ৰম কৰা ৱেই য়ি আৰু আলিৰেজা ফিৰৌজজাৰ পিছত তৃতীয়জন কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়।
২০২২ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত আইমচেছ ৰেপিড প্ৰতিযোগিতাত গুকেশে মেগনাছ কাৰ্লচেনক বিশ্ব চেম্পিয়ন হোৱাৰ পিছত তেওঁক পৰাস্ত কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।[18]
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত গুকেশে ডাচেলডৰ্ফত অনুষ্ঠিত হোৱা ডব্লিউ আৰ মাষ্টাৰছ প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত তেওঁ ৫১⁄২/৯ৰে অন্ত পেলাই লেভন এৰ'নিয়ান আৰু ইয়ান নেপমনিয়াচ্চিৰ সৈতে প্ৰথম স্থানৰ বাবে সমতা স্থাপন কৰে। টাইব্ৰেকত তেওঁ আৰোনিয়ানৰ পিছতে দ্বিতীয় স্থান লাভ কৰে।
২০২৩ চনৰ আগষ্ট মাহৰ ৰেটিং তালিকাত গুকেশ ২৭৫০ ৰেটিং পোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।[19] গুকেশে ২০২৩ চনৰ দবা বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। মেগনাছ কাৰ্লচেনৰ হাতত পৰাস্ত হোৱাৰ পূৰ্বে তেওঁ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।[20]
২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ ৰেটিং তালিকাত গুকেশে আনুষ্ঠানিকভাৱে বিশ্বনাথন আনন্দক শীৰ্ষস্থানীয় ভাৰতীয় খেলুৱৈ হিচাপে অতিক্ৰম কৰে। ৩৭ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে আনন্দ শীৰ্ষস্থানীয় ভাৰতীয় খেলুৱৈৰ পৰা দ্বিতীয় স্থান লাভ কৰিছিল।[21][22]
২০২৩ চনৰ ডিচেম্বৰ মাহত এফআইডিই চাৰ্কিটৰ অন্ত পৰাৰ লগে লগে গুকেশে ২০২৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে।[23] গুকেশে চাৰ্কিটত দ্বিতীয় স্থান লাভ কৰিছিল যদিও বিজয়ী ফেবিয়ানো কাৰুয়ানাই ইতিমধ্যে বিশ্বকাপৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিছিল।[24] ববি ফিচাৰ আৰু মেগনাছ কাৰ্লচেনৰ পিছতে তেওঁ প্ৰাৰ্থী প্ৰতিযোগিতাত খেলা তৃতীয় কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়।[25][26]
২০২৪ চনৰ জানুৱাৰী মাহত গুকেশে টাটা ষ্টীল দবা প্ৰতিযোগিতা ২০২৪ত অংশগ্ৰহণ কৰে। তেওঁ ১৩খন খেলত (৬খন জয়, ৫খন ড্ৰ’ আৰু ২খন পৰাজয়) ৮.৫ পইণ্ট সংগ্ৰহ কৰি ৪-ৱে টাইত ১ম স্থান লাভ কৰে। ১২ নং ৰাউণ্ডত ৰমেশবাবু প্ৰজ্ঞানন্দৰ বিৰুদ্ধে তেওঁৰ জয়ৰ স্থান আছিল যদিও তেওঁৰ ভুলকৈ তিনিগুণ পুনৰাবৃত্তি হয়। টাইব্ৰেকত তেওঁ অনিশ গিৰিক ছেমিফাইনেলত পৰাস্ত কৰে যদিও ফাইনেলত ৱেই য়িৰ হাতত পৰাস্ত হয়।[27]
এপ্ৰিল মাহত গুকেশে ২০২৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[28] গুকেশে ভাৰতৰে ৰমেশবাবু প্ৰজ্ঞানন্দ আৰু বিদিত গুজৰাথীয়ে ক'লা ৰঙত, আলিৰেজা ফিৰৌজজাই বগা ৰঙত আৰু নিজাত আবাছভে ক'লা আৰু বগা উভয় ৰঙত খেলাৰ বিৰুদ্ধে খেলি জয়লাভ কৰে।[29] ফিৰৌজজাৰ বিৰুদ্ধে ক’লাৰ ৰঙৰ সৈতে খেলত তেওঁৰ একমাত্ৰ পৰাজয় হৈছিল। ইয়াৰ ফলত তেওঁ ৫ বাৰ জয়, ১ বাৰ পৰাজয় আৰু ৮ বাৰ ড্ৰ' লাভ কৰে। ফলস্বৰূপে তেওঁ ৯/১৪ স্ক'ৰৰ সৈতে প্ৰতিযোগিতাখনত জয়ী হয় আৰু ২০২৪ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ মেচখনত ডিং লিৰেনৰ বিৰুদ্ধে যোগ্যতা অৰ্জন কৰে। তেওঁ প্ৰাৰ্থী প্ৰতিযোগিতাৰ আটাইতকৈ কম বয়সীয়া বিজয়ী।[30] ইয়াৰ লগতে বিশ্ব দবা চেম্পিয়নশ্বিপৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰা গুকেশ কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিগণিত হয়।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.