২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ প্ৰকোপ বা ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰী (ইংৰাজী: 2019–20 coronavirus pandemic) হৈছে বৰ্তমান বিশ্বজুৰি চলি থকা ক'ৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ক'ৰ'না ভাইৰাছ ৰোগ ২০১৯ৰ ঘটনা।[6] এই ৰোগৰ কাৰক হ'ল SARS-CoV-2 যি ২০১৯ বৰ্ষত চীনহুবেই প্ৰান্তৰ ৱুহান চহৰত প্ৰথম চিনাক্ত হৈছিল। ২০২০ বৰ্ষৰ ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক বৈশ্বিক মহামাৰী হিচাপে ঘোষণা কৰিছে।[7] ২০২০ বৰ্ষৰ ১৯ এপ্ৰিললৈ ২.২৪ মিলিয়নতকৈও অধিক লোক ইয়াৰ চিকাৰ হৈছে। ২০৯খন ৰাষ্ট্ৰ আৰু উপনিৱেশ এই প্ৰকোপৰ কবলত পৰিছে, ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, স্পেইন, চীন, কোৰিয়া আৰু ইৰাণত ইয়াৰ প্ৰভাৱ সৰ্বাধিক। সমগ্ৰ বিশ্বত ইতিমধ্যে ১,৫৩,০০০তকৈ অধিক লোকৰ মৃত্যু ঘটিছে আৰু প্ৰায় ৫,৬৮,০০০ ৰোগীয়ে আৰোগ্য লাভ কৰিছে।[8][9]

ক্ষিপ্ৰ তথ্য ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰী, ৰোগ ...
২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰী

20 November 2022 অনুসৰি জনমূৰি নিশ্চিত ৰোগীৰ মানচিত্ৰ
  মিলিয়নে প্ৰতি ১,০০০+ জন নিশ্চিত ৰোগী
  মিলিয়নে প্ৰতি ১০০–১,০০০ জন নিশ্চিত ৰোগী
  মিলিয়নে প্ৰতি ১০–১০০ জন নিশ্চিত ৰোগী
  মিলিয়নে প্ৰতি ১–১০ জন নিশ্চিত ৰোগী
  >মিলিয়নে প্ৰতি ০–১ জন নিশ্চিত ৰোগী
  নিশ্চিত ৰোগীৰ কোনো তথ্য নাই
ৰোগ ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ (COVID-19)
ভাইৰাছ ষ্ট্ৰেইন Severe acute respiratory syndrome
coronavirus 2
(SARS-CoV-2)
উৎস বাদুলি আৰু সম্ভৱতঃ বন-ৰৌ[1][2][3]
অৱস্থিতি বিশ্বব্যাপী (অৱস্থানৰ তালিকা)
প্ৰথম আৰম্ভণি হুৱানান ছীফুড হোলছেল মাৰ্কেট
প্ৰথম ঘটনা ৱুহান, হুবেই, চীন
30°37′11″N 114°15′28″E
তাৰিখ ১ ডিচেম্বৰ ২০১৯ – বৰ্তমানলৈ
(4 years, 9 months and 1 week)
নিশ্চিত ৰোগী > 337 million[4]
আৰোগ্য > এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "{"[4]
মৃত্যু
> 55,60,000[4]
ভৌগোলিক এলেকা
২০৯[5]
বন্ধ কৰক

এই ভাইৰাছ প্ৰাথমিকভাৱে ইনফ্লুৱেঞ্জাৰ দৰেই হাঁচি আৰু কাহৰ দ্বাৰা সোঁচৰে।[10][11] এই বীজাণু সংক্ৰমিত হোৱাৰ পৰা সাধাৰণতে পাঁচ দিন, কেতিয়াবা দুইৰ পৰা ১৪ দিন শৰীৰত সুপ্ত অৱস্থাত থাকে, তাৰ পিছতহে ৰোগৰ লক্ষণবোৰে দেখা দিয়ে।[11][12] জ্বৰ, কাহ আৰু উশাহ ঘন হোৱা আদিয়েই হৈছে ৰোগৰ প্ৰাথমিক লক্ষণ।[11][12] জটিল অৱস্থাত নিউমনিয়া আৰু শ্বাস ৰোগৰ (acute respiratory distress syndrome) লক্ষণে দেখা দিয়ে। বৰ্তমান এই ৰোগৰ প্ৰতিষেধক বা বিশেষ ভাইৰাছনাশক চিকিৎসা উপলব্দ নহয়, যদিও ঔষধৰ অনুসন্ধান কৰি থকা হৈছে। বৰ্তমান ৰোগৰ লক্ষণসমূহ নিৰাময় আৰু সহায়কাৰী চিকিৎসাহে প্ৰদান কৰা হয়। হাত ধোৱা, আক্ৰান্ত লোকৰ পৰা আঁতৰত থকা আৰু সন্দেহজনক ব্যক্তিক নিৰীক্ষণ কৰা তথা ১৪ দিনলৈকে আচুতীয়াকৈ ৰখা আদি সুৰক্ষামূলক ব্যৱস্থাৰ দ্বাৰা এই ৰোগ সোঁচৰাত কিছু বাধা দিব পাৰি।[13][11]

মৃত্যু

ৰোগৰ লক্ষণ দেখা দিয়াৰ ৬ পৰা ৪১ দিন, গড়ে ১৪ দিনৰ পিছত কিছু ৰোগীৰ মৃত্যু হোৱা দেখা যায়।[12]

৫ মাৰ্চ ২০২০ লৈ এই ৰোগৰ আক্ৰমণত ৩,২০০ তকৈও অধিক লোকৰ মৃত্যু ঘটিছে। চীনৰ NHCৰ তথ্য মতে, মৃত্যহোৱা সকলৰ অধিকাংশই বয়সিয়াল ৰোগী – প্ৰায় ৮০% মৃত ৰোগীৰ বয়স ৬০ তকৈ অধিক, আৰু ৭৫% মৃত ৰোগীৰ পূৰ্বৰে পৰা হৃদ−ৰোগ আৰু মধুমেহ (diabetes)ৰ দৰে ৰোগত আক্ৰান্ত আছিল।[14]

২০২০ চনৰ ৯ জানুৱাৰীত চীনৰ য়ুহানত প্ৰথমজন ৰোগীৰ মৃত্যু ঘটিছিল।[15] চীনৰ বাহিৰত ফিলিপাইনত প্ৰথমজন ৰোগীৰ মৃত্যু ঘটিছিল,[16][17] আৰু এছিয়াৰ বাহিৰত পেৰিছত প্ৰথমজন ৰোগীৰ মৃত্যু হৈছিল।[18] ২৮ ফেব্ৰুৱাৰী ২০২০ৰ মতে, মূল চীনৰ বাহিৰত ইৰান, দক্ষিণ কোৰিয়া আৰু ইটালীত ডজনৰ অধিক লোকৰ মৃত্যু ঘটিছে।[19][20][21] উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া, ছানমেৰিন’ স্পেইন আৰু ইৰাকতো কিছু লোকৰ মৃত্যু ঘটিছে[22]

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে ২০২০ চনৰ ৩ মাৰ্চলৈকে এই ৰোগৰ মৃত্যু হাৰ গোলকীয়ভাৱে ৩.৪% (চীনৰ বাহিৰত ১.৬%)।[23][24]

পৰিসংখ্যা

উৰা বাতৰি আৰু ভুল তথ্য

কোনো প্ৰমাণ নথকাকৈয়ে,[27] অনলাইন ভূৱা প্ৰচাৰ চলিছে যে, যিসকল লোকে মাংস খাই, তেওঁলোকহে কৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। টুইটাৰত "#NoMeat_NoCoronaVirus" বুলি লেখা প্ৰকাশ কৰাৰ ধাৰা এটাও আৰম্ভ হোৱা দেখা গৈছে।[28] এনে দাবী অসাৰ প্ৰতিপন্ন কৰি কমি যোৱা বিক্ৰী পুনৰ ঘূৰাই আনিবলৈ হায়দৰাবাদৰ কিছু পশুপালকৰ অনুষ্ঠানে এখন "কুকুৰা আৰু কণী মেলা" আয়োজন কৰে। তেলেংগানাৰ বহু ৰাজ্যিক মন্ত্ৰী ইয়াত উপস্থিত হৈ কণী আৰু ভজা মাংস গ্ৰহণ আৰু বিতৰণ কৰি উদ্যোগ সমূহৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্ৰদৰ্শন কৰে।[29]

ভাৰতৰ কিছুমান ঠাই, যেনে দিল্লী, পুনে, বেংগালুৰু আদি নগৰত উত্তৰ-পূব ভাৰতৰ পৰা অহা লোক আৰু ছাত্ৰ ছাত্ৰীৰ লগত ভাইৰাছৰ বাবে বৈষম্য কৰা হৈছে বুলি অভিযোগ উঠিছে।

স্বামী চক্ৰপানী আৰু সুমন হৰিপ্ৰিয়াৰ দৰে একাংশ ৰাজনৈতিক নেতাই দাবী কৰিছে যে গোমূত্ৰ সেৱন আৰু গোবৰেৰে গা ধুলে কৰ'না ভাইৰাছ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।[30][31] বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথনে এনে দাবী অমূলক বুলি কোৱাৰ লগতে ভুল তথ্য প্ৰচাৰ কৰা বাবে এনে নেতাসকলক সমালোচনা কৰে।[32]

টোকা

    তথ্য সংগ্ৰহ

    বাহ্যিক সংযোগ

    Wikiwand in your browser!

    Seamless Wikipedia browsing. On steroids.

    Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

    Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.