From Wikipedia, the free encyclopedia
দাঁত (ইংৰাজী: Teeth) মেৰুদণ্ডী প্ৰাণীৰ মুখত অৱস্থিত এটি অংগ। কঠিন খাদ্যবস্তু কৰ্তন,চৰ্বন নাইবা পেষণৰ বাবে স্তন্যপায়ী প্ৰাণীবোৰৰ দাঁত বিশেষভাৱে বিকাশিত। দাঁতবোৰ উৰ্দ্ধ আৰু নিম্নহনুত থকা গাঁতবোৰৰ ভিতৰত সোমাই থাকে। এই ধৰণৰ দাঁতক থেক'ডণ্ট (thecodont) বোলে।
এই ধৰণৰ দন্তবিন্যাসক হেটাৰ'ডণ্ট (heterodont) বোলে। অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে মানুহৰ জীৱন কালত দুই প্ৰকাৰৰ দন্ত দেখা যায়: দুগ্ধদন্ত (milk teeth) আৰু স্থায়ীদন্ত (permanent teeth)। ছমাহ বয়সৰ পৰা দুবছৰ বয়সলৈকে দুগ্ধদন্ত ওলায়। পিছত ৬-১২ বছৰৰ ভিতৰত দুগ্ধদন্ত সৰি যায় আৰু তাৰ ঠাইত স্থায়ীদন্তৰ সৃষ্টি হয়। জীৱন কালত দুই ধৰণৰ দন্ত থকা বাবে ইহঁতৰ দন্তক ডাইফিঅ'ডন্ত (diphyodont) বোলে।
মানুহৰ দুয়োটা হনুত দাঁত থাকে। প্ৰতিটো দাঁতত তিনিটা অংশ থাকে-
যি সংকেতৰ দ্বাৰা প্ৰতি হনুত থকা দাঁতৰ সংখ্যা আৰু বিন্যাস (arrangement) বুজাব পাৰি,তাক দন্ত সংকেত (dental formula) বোলা হয়। মানুহৰ দুগ্ধদন্ত আৰু স্থায়ীদন্তৰ দন্ত সংকেত-
দুগ্ধদন্ত-কৃ:২/২; ছে: ১/১; পু:পে: ০/০; পে: ২/২ = ৫/৫ × ২= ২০
স্থায়ীদন্ত-কৃ: ২/২; ছে: ১/১; পু:পে ২/২; পে: ৩/৩= ৪/৪ × ২= ৩২[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.