বৰীশেন (ইংৰাজী: Shikra, বৈজ্ঞানিক নাম-Accipiter badius) এবিধ সৰু আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই 'Accipitridae' গোটৰ অন্তৰ্ভুক্ত আৰু এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত৷ ইয়াৰ মাতটো তীক্ষ্ণ আৰু দুটা নোট (note) সম্পন্ন৷

Thumb
Shikra , Chappad Chidi, Mohali, Punjab, India)
ক্ষিপ্ৰ তথ্য বৰীশেন (Shikra), সংৰক্ষণ স্থিতি ...
বৰীশেন (Shikra)
Thumb
Adult male (dussumieri)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Falconiformes
পৰিয়াল: Accipitridae
গণ: Accipiter
প্ৰজাতি: A. badius
বৈজ্ঞানিক নাম
Accipiter badius
Gmelin, 1788
Subspecies
  • cenchroides (Severtzov, 1873)
  • dussumieri (Temminck, 1824)
  • badius (Gmelin, 1788)
  • poliopsis (Hume, 1874)
  • sphenurus (Rüppell, 1836)
  • polyzonoides A. Smith, 1838
সমাৰ্থক

Astur badius
Scelospizias badius
Micronisus badius

বন্ধ কৰক

বিৱৰণ

Thumb
মাইকী বৰীশেন

বৰীশেনৰ দেহৰ আকাৰ তুলনামূলকভাৱে সৰু৷ ই দীঘলে প্ৰায় ২৬-৩০ ছে:মি:৷ ইয়াৰ ডেউকা চুটি আৰু ঘুৰণীয়া, নেজডাল ঠেক, দীঘল হয়৷ পূৰ্ণবয়স্ক বৰীশেনৰ দেহৰ তল অংশ বগা -তাতে মাখন বৰণৰ পথালি আঁচ আছে৷ দেহৰ ওপৰ অংশ মুগা বৰণীয়া৷ মতা বৰীশেনৰ চকুৰ মণি ৰঙা কিন্তু মাইকী চৰাইৰ মণি হালধীয়া- কমলা বৰণৰহে হয়৷ মাইকী বৰীশেনৰ আকাৰ মতাটোতকৈ কিছু ডাঙৰ হয়৷ উৰন্ত অৱস্থাত তলৰ পৰা মতা বৰীশেনৰ নেজত আঁচবোৰ দেখা পোৱা যায়৷[2]

পোৱালি বৰীশেনৰ দেহৰ বুকু অংশত গাঢ় আঁচ আৰু ফুট থাকে৷ [3]

ইয়াৰ মাতটো 'পিইই-ৱিইই' ধৰণৰ হয়৷ ইয়াৰে প্ৰথম অংশ উচ্চস্বৰৰ আৰু পিছৰ অংশ দীঘলীয়া হয়৷ উৰন্ত অৱস্থাত ইয়াৰ মাতটো চুটি আৰু বেছি তীক্ষ্ণ হয় শুনিবলৈ 'কিইক-কি..কিক' যেন লাগে৷ [4][5]

শ্ৰেণীবিভাজন

বাহ্যিক গঠন তথা মাতৰ ভিত্তিত বৰ্ত্তমানলৈকে বৰীশেনৰ প্ৰায় সাতবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[6] -

বাসস্থান

Thumb
খাই থকা অৱস্থাত এটা পোৱালি বৰীশেন

বৰীশেন বিভিন্ন পৰিৱেশত বসবাস কৰাৰ বাবে অভিযোজিত৷ ইয়াক প্ৰধানকৈ বনাঞ্চল, খেতি-পথাৰ আৰু নগৰীয়া অঞ্চল সমূহত দেখা পোৱা যায়৷

আচৰণ

বৰীশেনক সাধাৰণতে অকলশৰে বা যোৰ পাতি থকা দেখা যায়৷ প্ৰজনন কালত বৰীশেনে যোৰ পাতি উৰে৷

খাদ্য

বৰীশেনৰ প্ৰধান খাদ্য হ'ল নিগনি জাতীয় প্ৰাণীসমুহ (rodents),[9]), কেৰ্কেটুৱা, সৰু চৰাই, বিভিন্ন সৰীসৃপ, পোক-পতংগ আদি৷ [10])[8]

প্ৰজনন

ভাৰতত বৰীশেনে গ্ৰীষ্মকালত মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত প্ৰজনন কৰে৷ বিভিন ঘাঁহেৰে ই বাহ সাজে৷ মতা-মাইকী উভয়ে বাহ সজাত ভাগ লয় [11] কেতিয়াবা কাউৰীৰ দৰে ইয়াকো বিভিন্ন ধাতবীয় তাঁৰ আদি বাহ সজাত ব্যৱহাৰ কৰা দেখা যায়৷ [12] ই এবাৰত ৩-৪ টাকৈ কণী পাৰে৷[13]কণীবোৰত নীলা-মুগা আঁচ থাকে৷ ১৮-২০ দিন উমনিৰ অন্তত কণী ফুটি পোৱালি জাগে৷[8]

Thumb
মহাৰাষ্ট্ৰত এটা মতা বৰীশেন
Thumb
Accipiter badius

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.