From Wikipedia, the free encyclopedia
শইকীয়া (ইংৰাজী: Saikia) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।[1]। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।
শইকীয়া উপাধিটো আহোম ৰজাই দিয়া। শ মানে হৈছে এশ। অৰ্থাৎ এশ সৈন্য পৰিচালনা কৰা বিষয়াজনক শইকীয়া উপাধি দিয়া হৈছিল।
আহোম ৰজাই অসমত পাইক প্ৰথাৰ প্ৰচলন কৰে। এক পাইক (এজন সৈন্য) হৈছে আহোম সামৰিক বাহিনীৰ আটাইতকৈ ক্ষুদ্ৰতম একক। এশজন পাইক পৰিচালনা কৰা বিষয়া জনক শইকীয়া বোলা হৈছিল। শইকীয়াক নিযুক্তি দিয়াটো ফুকন (৬০০০ পাইকৰ পৰিচালনা কৰা বিষয়া) আৰু ৰাজখোৱা (২০০০ পৰা ৩০০০ পাইকৰ পৰিচালনা কৰা বিষয়া)ৰ দায়িত্ব আছিল। পাইক সকলে শইকীয়াক বৰ্জন কৰিবলৈ অধিকাৰ দিয়া হৈছিল আৰু পচন্দৰ কোনো এজন বিষয়া নিযুক্তি দিবৰ বাবে অনুৰোধ কৰিব পাৰিছিল। পাইকৰ ধৰ্ম বা গোষ্ঠী বিচাৰ নকৰাকৈ ইয়াৰ নিযুক্তি দিয়া হৈছিল।
বৰ্তমান এই উপাধিটো অসমৰ হিন্দু আৰু মুছলিম লোকসকলে ব্যৱহাৰ কৰে। হিন্দু ধৰ্মৰ লোকসকলৰ ভিতৰত, শইকীয়া উপাধিটো বিভিন্ন জাতিৰ মাজত দেখিবলৈ পোৱা যায়। যেনে - আহোম, চুতীয়া, কছাৰী, কৈৱৰ্ত, কোঁচ, কেওট, কায়স্থ, কলিতা।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.