সৰীসৃপ (ইংৰাজী: Reptilia) বোৰ প্ৰথম প্ৰকৃত স্থলচৰ প্ৰাণী৷ আধুনিক মতবাদ অনুসৰি কাৰ্ব'নিফেৰাছ যুগত উদ্ভৱ হোৱা ছিম'ৰিয়া(seymoria) জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান(permian) যুগত কটিল'ছৰিয়া প্ৰাণীবোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছ'যইক(mesozoic) যুগত বিকাশ লাভ কৰি জল,স্থল সৰ্বত্ৰ বিয়পি পৰে৷ মেছ'যইক যুগত সৰীসৃপৰ প্ৰৱল বিকাশ আৰু প্ৰভাৱৰ বাবে এই যুগক সৰীসৃপৰ সোনালী যুগ বুলি কোৱা হয়৷[1]৷
কেইবিধমান সৰীসৃপ
ঘঁৰিয়াল(crocodyle),ফেটিসাপ(naja),অজগৰ সাপ(python),টেষ্টুড'(testudeকাছ(turtle),স্ফেন'ডন(sphenodon),কেল'টিছ(calotes),কেমেলিঅ'ন(chameleon) ইত্যাদি৷
সাধাৰণ বৈশিষ্ট্যসমূহ
- দেহৰ আকাৰ প্ৰাণীভেদে বেলেগ বেলেগ৷ কিছুমান প্ৰাণীৰ দেহ চাপ খোৱা নাইবা বহল,দীঘল নাইবা চুটি,চুঙাসদৃস নাইবা চেপেটা৷ দেহ মস্তক,ডিঙি,গা আৰু পুচ্ছ অংশত বিভক্ত৷
- ছাল শুকান,খহটা আৰু গ্ৰন্থিহীন৷ দেহ বহি:চ্ছদীয়(epidermal) বাকলিৰে নাইবা চৰ্মপত্ৰ(dermal plate) নাইবা স্কুট(scute) বা প্ৰশল্কৰে আবৃত৷
- দেহত সাধাৰণতে দুযোৰ ভৰি থাকে৷ প্ৰত্যেক ভৰিত পাঁচটাকৈ নখযুক্ত আঙুলি থাকে৷ কিছুমান প্ৰাণীৰ জলীয় অভিযোজনৰ বাবে ভৰি ৰূপান্তৰিত হৈ খোপনি(paddle) সৃষ্টি হয়,যেনে-কাছ৷ কিছুমান প্ৰাণীৰ ভৰি নাথাকে,যেনে-সাপ৷
- দেহকংকাল হাড়ৰ দ্বাৰা গঠিত৷ পশ্চকপালি সন্ধিকন্দ(occipital condyle) এটা৷ কশেৰুকাবোৰ অগ্ৰগৰ্তী(procoelous)৷ কামিহাড় ষ্টৰ্নাম(sternum) ৰ লগত সংযুক্ত৷
- পাচননলী সৰল আৰু মুখৰপৰা ক্ল'ৱাকালৈ বিস্তৃত৷ দুয়োটা হনুতে দাঁত থাকে৷
- শ্বাস-প্ৰশ্বাস হাওঁফাওঁৰ দ্বাৰা সম্পন হয়৷ ফুল নাথাকে৷ সাগৰীয় কাছৰ ক্ষেত্ৰত ক্ল'ৱাকাৰ দ্বাৰাও শ্বাসকাৰ্য চলে৷
- হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত৷ সম্পূৰ্ণভাৱে বিভক্ত অলিন্দ দুটা আৰু আংশিকভাৱে বিভক্ত নিলয় দুটা৷ ঘঁৰিয়ালৰ নিলয় সম্পূৰ্ণৰূপে দুটা কোঠালিত বিভক্ত৷ লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত৷
- চেৰিব্ৰেল অৰ্ধগোলক(cerebral hemisphere)মসৃণ৷ ১২ যোৰ কপালীয় স্নায়ু(cranial nerve) থাকে৷
- প্ৰধান সংবেদী অংগবোৰ হ'ল চকু,কাণ আৰু নাক৷ পাৰ্শ্বৰেখা নাথাকে৷
- শীতলৰক্তী প্ৰাণী৷
- বৃক্ক মেটানেফ্ৰিক(metanephric)৷
- একলিংগী প্ৰাণী৷ নিষেচন দেহৰ ভিতৰত হয়৷
- ডিম্বজ(oviparous) প্ৰাণী৷ বৰ্ধন প্ৰত্যক্ষ,ৰূপান্তৰণ(metamorphosis) নাই৷ বিদলন মেৰ'ব্লাষ্টিক(meroblastic)৷ ভ্ৰূণ ভ্ৰূণাৱৰণ(embryonic membrane) ৰ দ্বাৰা সংৰক্ষিত হয়৷[1]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.