গুপ্ত লিপি

From Wikipedia, the free encyclopedia

গুপ্তলিপি হ'ল উত্তৰ-ব্ৰাহ্মীলিপিৰ এটি পৰিৱৰ্তিত লিপি। চতুৰ্থ আৰু পঞ্চম শতিকাৰ গুপ্ত ৰজাসকলৰ সময়ত প্ৰসাৰ লাভ কৰা লিপিকে 'গুপ্তলিপি' বুলি অভিহিত কৰা হয়। গুপ্তলিপিৰ পৰা কুটিল লিপিৰ বিকাশিত ঘটে। গুপ্ত আখৰৰ লগত অসমীয়া আধুনিক 'স', 'ম', 'শ্ৰী' আৰু 'য' -ৰ সম্পৰ্ণ সাদৃশ্য আছে। সেইদৰে 'ব' আৰু 'হ' আখৰ দুটাৰ গঢ়ো প্ৰায় গুপ্ত আখৰেৰে সৈতে সদৃশ। সেইদৰে উমাচল শিলালিপি আৰু নগাজৰী খনিকৰ গাঁৱৰ লিপিত পোৱা আখৰবোৰক গুপ্তলিপিৰ আখৰবোৰৰ সৈতে ৰিজাই চালে এই শিলালিপি দুখনৰ প্ৰায়বোৰ আখৰেই গুপ্তলিপিত পোৱা আখৰৰ সৈতে একেটা ৰূপত পোৱা যায়। শিলা লেখ দুখনৰ ই, ক, খ, গ, চ, জ, ড, ণ, ত, দ, ধ, ন, প, ব, ভ, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ আৰু ৰা, জা, ণা, ধি, কী, গু, কৃ আদিৰ ৰূপ গুপ্ত আখৰৰ সৈতে একে। ভাস্কৰ বৰ্মাৰ তাম্ৰশাসন কেইখনৰ কিছু আখৰ, যেনে -আ, ক, তু, ব, য, ৰ, ল, স আদিৰ সৈতে গুপ্তলিপিৰ সাদৃশ্য প্ৰকট হয়। গতিকে পৰিশেষত ক'ব পাৰি যে গুপ্তলিপিৰ অৱদানৰ ফলেই হ'ল আধুনিক অসমীয়া লিপি, যি ক্ৰমবিকাশৰ স্তৰ ভেদি বৰ্তমান অৱস্থা লাভ কৰিছে।

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.