From Wikipedia, the free encyclopedia
বেইজিং (ইংৰাজী: Beijing; পূৰ্বৰ নাম Peking) হৈছে চীনৰ ৰাজধানী আৰু পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ সমূহৰ ভিতৰত এখন অন্যতম চহৰ। ২০১৩ চনৰ পিয়লমতে ইয়াৰ জনসংখ্যা আছিল ২,১১,৫০,০০০ জন।[6] জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ত্ৰয়োদশতম বৃহৎ চহৰ। ১৬ খন নগৰ, উপনগৰ আৰু গ্ৰাম্য জিলাৰ সৈতে উত্তৰ চীন অঞ্চল ৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰতক্ষ্য-সঞ্চালিত নগৰসমিতিৰ দ্বাৰা শাসন কৰা হয়।[7] জিনজিনজি চীনৰ নগৰসমিতি অঞ্চল আৰু চীনৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সৈতে বেইজিং নগৰসমিতি, দক্ষিণৰ টিয়ানজিন নগৰসমিতিক বাদ দি হেবাই প্ৰভিডেন্সৰ দ্বাৰা আগুৰি আছে।[8]
বেইজিং
北京市 | |
---|---|
নগৰ সমিতি | |
বেইজিং নগৰ সমিতি | |
ৰাষ্ট্ৰ | People's Republic of China |
বিভাগসমূহ[1] - ৰাষ্ট্ৰীয়-পৰ্যায় - নগৰ-পৰ্যায় |
১৬ খন জিলা ২৮৯ খন নগৰ আৰু গাঁও |
চৰকাৰ | |
• ধৰণ | নগৰ সমিতি |
• দলীয় সচিব | গাও জিনলুং (প'লিটবুৰ' মেম্বাৰ) |
• মেয়ৰ | ৱাং আঞ্চুম |
• কংগ্ৰেছ পদাধিকাৰী | ডু ডেইন |
• কনফাৰেঞ্চ চেয়াৰমেন | জি লিন |
কালি | |
• নগৰ সমিতি | 16,410.54 km2 (6,336.14 sq mi) |
• নগৰ | 1,368.32 km2 (528.31 sq mi) |
• গ্ৰাম্য | 15,042.22 km2 (5,807.83 sq mi) |
উচ্চতা | ৪৩.৫ মিটাৰ (১৪২.৭ ফুট) |
জনসংখ্যা (2014)[3] | |
• নগৰ সমিতি | 2,15,16,000 |
• ঘনত্ব | 1,300/km2 (3,400/sq mi) |
• নগৰ | 1,85,90,000 |
• মেট্ৰ’ (২০১০)[4] |
2,49,00,000 |
• চীনৰ ভিতৰত | জনসংখ্যা: ৩য়; ঘনত্ব: ৪ৰ্থ |
বেইজিং | |||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
চীনাত "বেইজিং" | |||||||||||||||||||||||||||||||||||||||
চীনা | 北京 | ||||||||||||||||||||||||||||||||||||||
আক্ষৰিক অৰ্থ | "উত্তৰৰ ৰাজধানী" | ||||||||||||||||||||||||||||||||||||||
|
নগৰৰ জনসংখ্যাৰ দিশৰ পৰা বেইজিং হৈছে ছাংহাইৰ পিছতেই চীনৰ দ্বিতীয় জনবহুল নগৰ। ই চীনৰ ৰাজনৈতিক, সাংস্কৃতিক, শিক্ষাৰ প্ৰধান প্ৰাণ কেন্দ্ৰ।[9] চীনৰ বহুসংখ্যক ৰাষ্টীয় উদ্যোগৰ গৃহ চহৰ হৈছে বেইজিং। তদুপৰি ই হৈছে চীনৰ ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছৱে, ৰেলপথ, আৰু উচ্চ-গতিৰ ৰেল সংযোগৰ প্ৰধান কেন্দ্ৰস্থল। বেইজিঙৰ বেইজিং কেপিটেল ইণ্টাৰনেচনেল এয়াৰপৰ্ট হৈছে পৃথিৱীৰ এটা অন্যতম অতি ব্যস্ত বিমান বন্দৰ।[10]
বেইজিঙৰ ইতিহাস প্ৰায় তিনি হেজাৰ বছৰ পুৰণি। যোৱা আঠ শতিকা ধৰি ৰাজনৈতিক কেন্দ্ৰস্বৰূপ বেইজিং চীনৰ চাৰিখন মহান ঐতিহাসিক ৰাজধানীৰ অন্যতম।[11] নগৰ খন ইয়াৰ ঐতিহ্যমণ্ডিত অট্টালিকা, মন্দিৰ, উদ্যান, ট'ম্ব, প্ৰাচীৰ আৰু তোৰণসমূহৰ বাবে প্ৰখ্যাত,[12] আৰু ইয়াৰ কলা সংগ্ৰহ আৰু বিশ্ববিদ্যালয়বোৰে ইয়াক চীনৰ কলা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।[12] এনচাইক্ল'পিডিয়া ব্ৰিটেনিকাৰ টোকা মতে "চীনৰ এই চহৰখনৰ দৰে ৰাজনৈতিক মুখ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে কাম কৰা নগৰ পৃথিৱীত কেইখন মাহহে আছে।"[13] বেইজিঙৰ সাতটা অঞ্চল UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হৈছে – ফ'ৰবিডেন চিটি, টেম্পল অৱ হেভেন, ছামাৰ পেলেচ, মিং ট'ম্বছ্, ঝ'ক'ডিয়ান, বৃহৎ প্ৰাচীৰ, আৰু গ্ৰাণ্ড কেনেল।[14]
গীষ্মকালীন অলিম্পিক ২০০৮ বেইজিঙত অনুস্থিত হৈছিল আৰু শীতকালীন অলিম্পিক ২০২২ও ইয়াতেই অনুস্থিত কৰা হ'ব। ইয়াৰ ফলত চহৰখন দুয়োপ্ৰকাৰৰ অলিম্পিক অনুস্থিত কৰা পৃথিৱীৰ একমাত্ৰ চহৰৰূপে পৰিগণিত হ'ব।[15]
ফাংচান জিলাৰ জুক'ডিয়ান গাঁওৰ কাষৰ ড্ৰেগন ব'ন পৰ্বতৰ গুহাবোৰত বেইজিং নগৰ সমিতিৰ অতীতৰ "পিকিং মেন"ৰ বসবাসৰ প্ৰমান পোৱা গৈছে। এই গুহাসমূহৰ পৰা ২,২৩,০০০ ৰ পৰা ২,৫০,০০০ বছৰ পুৰণি "হ'ম' ইৰেকটাছৰ জীৱাশ্ম উদ্ধাৰ কৰা হৈছে। শেহতীয়াকৈ প্ৰায় ২০,০০০ বছৰ আগতে ইয়াত পস্থৰ যুগৰ হ'ম' ছেপিয়েনছ বাস কৰিছিল।[16] পুৰাতত্ববিদ সকলে সমগ্ৰ নগৰখনত নামনি বেইজিঙৰ ৱাংফুজিঙকে ধৰি বহু নিউলিথিক ভংগ্নাশৱশেষ উদ্ধাৰ কৰিছে।
বৰ্তমান আধুনিক বেইজিঙৰ বেইজিং ৱেষ্ট ৰেলৱে ষ্টেচনৰ দক্ষিণত অৱস্থিত, খ্ৰীষ্টপূৰ্ৱ ১১শ ৰ পৰা ৭ম শতিকা পৰ্যন্ত ৰাষ্ট্ৰীয় ৰাজধানীৰূপে থকা চীনৰ জি হৈছে বেইজিঙৰ প্ৰথম প্ৰাচীৰ চহৰ।[17] পিছলৈ ইয়াক ষ্টেট অৱ য়ানে অধিকাৰ কৰে আৰু য়েনজিংত ৰাজধানী স্থাপন কৰে।[18]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.