ভাৰতীয় অভিনেত্ৰী From Wikipedia, the free encyclopedia
প্ৰেৰণা “ৰিংকু” মহাদেৱ ৰাজগুৰু (মাৰাঠী: रिंकू राजगुरू; জন্ম: ৩ জুন ২০০১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে বিশেষকৈ মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ছেইৰট নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেত পৰিচিত।[2][3]
ৰিংকু ৰাজগুৰু | |
---|---|
ছেইৰট ছবিৰ সাফল্য-সভাত ৰাজগুৰু | |
জন্ম | প্ৰেৰণা মহাদেৱ ৰাজগুৰু[1] ৩ জুন, ২০০১ (২৩ বছৰ) অকলুজ, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৬-বৰ্তমানলৈকে |
জনা যায় | ছেইৰট হাণ্ড্ৰেড টিভি ছিৰিজ |
২০০১ চনৰ ৩ জুনত মহাৰাষ্ট্ৰৰ অকলুজ নগৰত ৰাজগুৰুৰ জন্ম হয়৷ তেখেতৰ পিতৃৰ নাম মহাদেৱ ৰাজগুৰু৷[1][4]
২০১৩ চনত ৰিংকুৱে ছেইৰট নামৰ মাৰাঠী ছবিখনৰ পৰিচালক নাগৰাজ মঞ্জুলেক লগ পায়৷ নাগৰাজে ৰিংকুক চৰিত্ৰটোৰ বাবে অডিশ্যন দিবলৈ কয়৷ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ৬৩সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে "বিশেষ উল্লেখ"ৰ বঁটা লাভ কৰে৷ [2][5]
ছেইৰটৰ কানাড়া সংস্কৰণটো হৈছে মানাছু মালিগে৷ এইখন ছবিত ৰিংকুৱে চৰিত্ৰটো পুনৰ্নিমাণ কৰে৷[6][7] পৰৱৰ্তী কালত, ৰিংকুক কাগৰ, মেক আপ আৰু আনপজডৰ দৰে ছবিত দেখিবলৈ পোৱা যায়৷[8][9] [10]
বলিউডত ৰিংকুৰ অভিষেক ঘটে ২০১৯ চনত৷ ছবিখনৰ নাম আছিল ঝুণ্ড৷[11][12]
অভিনেত্ৰী লাৰা দত্তৰ সৈতে ৰিংকু ৰাজগুৰুৱে হতষ্টাৰৰ একছন-কমেডি ছিৰিজ "হাণ্ড্ৰেড"ত অভিনয় কৰে৷ ছিৰিজটো ২০২০ চনৰ ২৫ এপ্ৰিলত মুক্তি হয়৷[13][14]
বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা | Ref. |
---|---|---|---|---|---|
২০১৬ | ছেইৰট | আৰ্চি / অৰ্চনা পাটিল | মাৰাঠী | মাৰাঠী ছবিত অভিষেক | [15] |
২০১৭ | মানাছু মালিগে | ছানভি | কানাড়া | কানাড়া ছবিত অভিষেক | [7] |
২০১৯ | কাগাৰ | ৰাণী | মাৰাঠী | [8] | |
২০২০ | মেকআপ | মাৰাঠী | [9] | ||
২০২০ | আনপ'জড | প্ৰিয়ংকা | হিন্দী | চুটি ছবি | [10] |
২০২১ | ঝুণ্ড | ঘোষণাতব্য | হিন্দী | হিন্দী ছবিত অভিষেক | [11] |
২০২১ | আথৱা ৰং প্ৰেমাচা | ঘোষণাতব্য | মাৰাঠী | [16] |
বৰ্ষ | ছিৰিজ | চৰিত্ৰ | নেটৱৰ্ক | Ref. |
---|---|---|---|---|
২০২০ | হাণ্ড্ৰেড | নেত্ৰা পাটিল | হটষ্টাৰ | [14] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.