ৰাহুল বসু (ইংৰাজী: Rahul Bose; জন্ম ২৭ জুলাই ১৯৬৭) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, সমাজকৰ্মী আৰু ৰাগবী খেলুৱৈ। বসুৱে মিষ্টাৰ এণ্ড মিছেছ আয়াৰ, কালপুৰুষ, অণুৰণন, অন্তহীন, লেপটপ, দ্য জাপানীজ ৱাইফ ইত্যাদি বহুকেইখন বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও বহুকেইখন হিন্দী চলচ্চিত্ৰ যেনে প্যাৰ কে ছাইড এফেক্টছ, মান গয়ে মোগল-এ-আজম, ঝংকাৰ বীট্‌ছ, কুছ লাভ জেইছা, চমেলি আদিতো অভিনয় কৰিছে। ২০১৩ চনৰ তামিল-হিন্দী চলচ্চিত্ৰ বিশ্বৰূপমত তেওঁ মূল খলনায়কৰ ভূমিকাত অৱতীৰ্ণ হয়।[1] ইংলিছ, আগষ্ট আৰু মিষ্টাৰ এণ্ড মিছেছ আয়াৰ আদি সমান্তৰাল চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে টাইম আলোচনীয়ে তেওঁক "ভাৰতীয় কলাত্মক চিনেমাৰ তাৰকা (superstar)" আখ্যা দিয়ে আৰু মেক্সিম আলোচনীয়ে তেওঁক "প্ৰাচ্যৰ ছবিজগতৰ Sean Penn" আখ্যা দিয়ে।[2] সমাজহিতৈষী কামৰ বাবেও তেওঁৰ সুনাম আছে। ২০০৪ চনৰ বক্সিং ডে' ছুনামিত ক্ষতিগ্ৰস্ত লোকৰ সাহায্যৰ বাবে তেওঁ আগবাঢ়ি আহিছিল। তেওঁ "দ্য ফাউণ্ডেশ্যন" নামেৰে এটা anti-discrimination এন জি অ'ৰ প্ৰতিষ্ঠাপক।[3]

ক্ষিপ্ৰ তথ্য ৰাহুল বসু, জন্ম ...
ৰাহুল বসু
জন্ম ২৭ জুলাই, ১৯৬৭ (৫৭ বছৰ)
বেংগালুৰু, কৰ্ণাটক, ভাৰত
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৯৩ – বৰ্তমান
বন্ধ কৰক

সন্মান

  • ২০০৭ – "Artiste for Change" কৰ্মবীৰ পুৰস্কাৰ[4]
  • ২০০৮ – IBN Eminent Citizen Journalist Award[5]
  • ২০০৯ – Youth Icon Award for Social Justice and Welfare[6]
  • ২০১০ – Green Globe Foundation Award for Extraordinary Work by a Public Figure[7]
  • ২০১২ – Hakim Khan Sur Award for National Integration – Maharana Mewar Charitable Foundation[8]
  • ২০১২ – Lt. Governor's Commendation Award for services to Andaman & Nicobar Islands[9]

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.